ETV Bharat / state

কিয়-কেনেকৈ ভূপেনে হত্যা কৰিলে মৌচুমীক ? - BRUTAL MURDER

নৃশংস হত্যাকাণ্ডত স্তম্ভিত গুৱাহাটী মহানগৰীৰ জনতা । দিনদুপৰতে যুৱতীক ছুৰিকাঘাত কৰি নিজকো শেষ কৰাৰ চেষ্টা ব্যৰ্থ প্ৰেমিকৰ ।

Girl stabbed to death in Guwahati city
কিয়-কেনেকৈ ভূপেনে হত্যা কৰিলে মৌচুমীক ? (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : Dec 26, 2024, 5:05 PM IST

গুৱাহাটী: গুৱাহাটীত শিহৰণকাৰী ঘটনা । যুৱকৰ ছুৰিকাঘাতত এগৰাকী যুৱতীৰ মৃত্যু । বৃহস্পতিবাৰে আগবেলা গুৱাহাটীৰ দিছপুৰ লাষ্টগেটত সংঘটিত হৈছে এই ঘটনা । এখন চাৰিচকীয়া বাহনত অহা এজন যুৱকে দিছপুৰ লাষ্টগেটৰ নাহৰণি পথত যুৱতীগৰাকীক ছুৰিকাঘাত কৰে ।

যুৱতীগৰাকীক গুৱাহাটী মেডিকেল কলেজ হাস্পতাললৈ লৈ যোৱা হয় যদিও চিকিৎসকে তেওঁক মৃত ঘোষণা কৰে । চিকিৎসকৰ মতে পেটত, ডিঙি আৰু হাতত আঘাত প্ৰত্যক্ষ কৰা হৈছে । প্ৰায় ১২ বজাত যুৱতীগৰাকীক জি এম চি এইচত মৃত ঘোষণা কৰা হয় ।

কিয়-কেনেকৈ ভূপেনে হত্যা কৰিলে মৌচুমীক ? (ETV Bharat Assam)

জি এম চি এইচৰ অধীক্ষক অভিজিৎ শৰ্মাই জনাইছে এই কথা । ছুৰিকাঘাতত মৃত্য হোৱা যুৱতীগৰাকী টিংখাঙৰ মৌচুমী গগৈ বুলি চিনাক্ত কৰা হয় । ঘাতকজনৰ নাম ভূপেন দাস । ভূপেনৰ ঘৰ নলবাৰীত । বশিষ্টত বাস কৰি আহিছিল অভিযুক্ত ভূপেন দাসে ।

মৌচুমীক ছুৰিকাঘাত কৰিয়েই নিজকে শেষ কৰি দিয়াৰ চেষ্টা চলাই অভিযুক্ত ঘাতক ভূপেন দাসে । আৰক্ষীয়ে অভিযুক্ত ঘাতকক আটক কৰি চিকিৎসাৰ বাবে লৈ আনে জি এম চি এইচলৈ । এই প্ৰসংগত ৰাজ্যৰ আৰক্ষী সঞ্চালক প্ৰধানেও সামাজিক মাধ্যম X যোগে যুৱতীগৰাকীক ছুৰিকাঘাত কৰা ঘটনাৰ লগতে যুৱকজনে আত্মহত্যাৰ বাবে চলোৱা প্ৰচেষ্টাৰ কথা সদৰী কৰে ।

আৰক্ষী সঞ্চালক প্ৰধানগৰাকীয়ে X ত উল্লেখ কৰে,“গুৱাহাটীত এগৰাকী ছোৱালীক ছুৰিকাঘাত কৰা প্ৰসংগত এজন দুৰ্বৃত্তক আটক কৰা হৈছে । তেওঁ নিজকে ছুৰীৰে আঘাত কৰিছে আৰু চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে ।”

আনহাতে, ঘটনাৰ পিছতেই ঘটনাস্থলীত উপস্থিত হয় আই জি পি পাৰ্থসাৰথি মহন্তকে ধৰি উচ্চপদস্থ আৰক্ষী বিষয়া । ঘটনা প্ৰসংগত আই জি পিগৰাকীয়ে কয়,“নাহৰণি পথৰ হাউচ নম্বৰ ১৪ত যুৱতীগৰাকীয়ে যোৱা এমাহ ধৰি ভাৰা লৈ আছিল । যুৱতীগৰাকীৰ বয়স ২৪/২৫ বছৰমান । এটা এন জি অ’ত ছোৱালীগৰাকীয়ে কাম কৰে, পুৱা ১০.৩০-১১ .০০ বজাত কামলৈ তেওঁ ওলাই যায় । আজি কামলৈ ওলাই যাওতেই ছুৰী মৰা ঘটনাটো সংঘটিত হ’ল । গেটৰ সন্মুখত এজন ল’ৰাই আক্ৰমণ কৰাত ডিঙি, পেট আৰু হাতত বেয়াকৈ আঘাতপ্ৰাপ্ত হয় ।”

ঘটনাস্থলীত উপস্থিত হৈ আৰক্ষীৰ স্পেচিয়েল তদন্তকাৰী দলে চিচি কেমেৰাৰ ফুটেজ সংগ্ৰহ কৰে ৷ ঘাতক যুৱকজনে নিজৰ পেটতো ছুৰীৰে আঘাত কৰে । আই জি পি পাৰ্থ সাৰথি মহন্তই জনায়,“ল’ৰাজনে নিজৰ পেটতো আঘাত কৰিছে । হয়তো নিজকে শেষ কৰাৰ চেষ্টা কৰিছিল ৷ ল’ৰাজনক এখন গাড়ীত পোৱাৰ পিছত হাস্পতাললৈ লৈ যোৱা হৈছে ।”

প্ৰেমৰ সম্পৰ্কই মৃত্যুৰ কাৰণ :

প্ৰেমৰ সম্পৰ্ক এৰাই চলাৰ বাবেই যুৱতীগৰাকীৰ প্ৰাণ গ’ল ঘাতকৰ হাতত । আৰক্ষীৰ প্ৰাথমিক তদন্ত অনুসৰি ঘাতক ভূপেন দাসে নিহত যুৱতীগৰাকীৰ সৈতে প্ৰেমৰ সম্পৰ্ক ৰক্ষা কৰিব বিচাৰিছিল । কিন্তু যুৱতীগৰাকীয়ে সেয়া বিচৰা নাছিল । যাৰ বাবে যুৱতীগৰাকীক এই পৃথিৱীৰ পৰাই হত্যা কৰি বিদায় দিলে আচামী ভূপেন দাসে ।

শীৰ্ষ আৰক্ষী বিষয়া পাৰ্থসাৰথি মহন্তই সংবাদ মধ্যমক জনাই, “এতিয়ালৈকে পোৱা তথ্য অনুসৰি সেই ল’ৰাজনে যুৱতীগৰাকীৰ লগত এটা ৰোমাণ্টিক সম্পৰ্ক স্থাপন কৰিব বিচাৰিছিল । কিন্তু ছোৱালীজনীয়ে সেই সম্পৰ্ক বিচৰা নাছিল । সেয়ে ল’ৰাজনে ছোৱালীজনীক সম্পৰ্ক স্থাপনৰ বাবে বাৰে বাৰে হেঁচা প্ৰয়োগ কৰি আহিছিল ৷ ল’ৰাজনৰ নাম ভূপেন দাস । নলবাৰীৰ তেওঁ ৷ যিহেতু ছোৱালীজনীয়ে প্ৰেম প্ৰত্যাখান কৰিছিল ৷ শেষত এই ঘটনাটো সংঘটিত হ’ল ।”

আচামী ভূপেনৰ লগত কোন আছিল ?

এতিয়া প্ৰশ্ন উঠিছে যে ঘটনাটো সংঘটিত কৰি আত্মহননৰ চেষ্টা চলোৱা আচামীজন অকলেই আছিলনে ? নে লগত কোনো আন ব্যক্তি আছিল ? গাড়ীখন নিজে চলাই আহিছিল, নে আন কোনোবাই চলাই আহিছিল ? এই কথা এতিয়াও নিশ্চিত হোৱা নাই । আৰক্ষীৰ মতে মূল আচামীজনক গ্ৰেপ্তাৰ কৰা হৈছে যেতিয়া সময়ত সবিশেষ সোনকালেই গম পোৱা যাব ৷ তদন্ত অব্যাহত আছে ৷

ঘাতকৰ অত্যাচাৰৰ বিৰুদ্ধে আৰক্ষীক গোচৰো দিছিল মৌচুমীয়ে :

নৃশংস উন্মাদৰ একপক্ষীয় প্ৰেমিকৰ হাতত এগৰাকী যুৱতীৰ মৃত্যু প্ৰসংগত সাঙোৰ খাইছে আৰক্ষীৰ দুৰ্বল ভূমিকাৰ কথাও । কিয়নো ঘাতক ভূপেনৰ বিৰুদ্ধে পাণবজাৰ থানাত কিছুদিন পূৰ্বে গোচৰ দিছিল যুৱতীগৰাকীয়ে । তেওঁৰ আত্মীয়ই জনোৱা অনুসৰি ইতিমধ্যে কেইবাবাৰো যুৱতীগৰাকীক হত্যাৰ ভাবুকি দিছিল ভূপেন দাসে । আনকি জালুকাবাৰীত হাতত চোকা অস্ত্ৰ লৈ যুৱতীগৰাকীক খেদি যোৱাৰো তথ্য জনাইছে আত্মীয়ই ।

সেয়ে যুৱতীগৰাকীৰ মৃত্যুৰ প্ৰসংগত চৰ্চালৈ আহিছে আৰক্ষীৰ ভূমিকাও । চৰ্চা হৈছে সময়ত আৰক্ষীয়ে পদক্ষেপ লোৱাহ’লে যুৱতীগৰাকীৰ অপমৃত্যু নহ’লেহেঁতেন । এই প্ৰসংগত আৰক্ষীৰ শীৰ্ষ বিষয়া আই জি পি পাৰ্থসাৰথি মহন্তই জনাই ,“যুৱতীগৰাকীয়ে পাণবজাৰ থানাত এটা গোচৰ দিছিল । এনেকুৱা গোচৰৰ ক্ষেত্ৰত যিবোৰ কৰণীয় সকলো পাণবজাৰ আৰক্ষীয়ে কৰিছিল । এই গোচৰৰ ক্ষেত্ৰতো আমি সবিশেষ চাম ।”

লগতে পঢ়ক: সুৰাত মগন আৰক্ষীৰ অভব্য আচৰণ; নিশা এটা পৰিয়াললৈ গৈ নিৰ্যাতন চলোৱাৰ অভিযোগ - MORAN ENCOUNTER CASE

নৰখাদকৰ আতংকত কলিয়াবৰ দৰ্শনৰ পৰা বঞ্চিত বিদেশী পৰ্যটক - TIGER SCARES AT KALIABOR

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.