মেলবোৰ্ণ : বক্সিং ডে' টেষ্টত প্ৰাৰম্ভিক অগ্ৰগতি অষ্ট্ৰেলিয়াৰ । বৃহস্পতিবাৰৰ পৰা মেলবোৰ্ণ ক্ৰিকেট গ্ৰাউণ্ডত আৰম্ভ হোৱা ভাৰত আৰু অষ্ট্ৰেলিয়াৰ মাজৰ ব'ৰ্ডাৰ-গাভাস্কাৰ ট্ৰফীৰ চতুৰ্থ টেষ্টৰ প্ৰথমদিনা অপেনাৰ ছেম কনষ্টাছ আৰু ওছমান খোৱাজাই অষ্ট্ৰেলিয়াক সুন্দৰ আৰম্ভণি প্ৰদান কৰে ।
মধ্যাহ্নভোজনৰ সময়ত অষ্ট্ৰেলিয়া ১ উইকেটৰ বিনিময়ত ১১২ ৰাণ সংগ্ৰহ কৰি এক দৃঢ়তাপূৰ্ণ আৰম্ভণি কৰিছে । ওছমান খোৱাজা (৩৮*) আৰু মাৰ্নাছ লাবুচাগেন (১২*) ক্ৰীজত আছে ।
বৃহস্পতিবাৰে বক্সিং ডে' টেষ্টৰ প্ৰথম ছেছনটো আছিল নৱাগত চেম কনষ্টাছৰ নামত । ১৯ বছৰীয়া এইগৰাকী যুৱ ক্ৰিকেটাৰে এম চি জিত এক নিৰ্ভীক ক্ৰিকেট খেলি অষ্ট্ৰেলিয়াক মেচখনত প্ৰাৰম্ভিক সুবিধা প্ৰদান কৰে ।
কনষ্টাছ আৰু খোৱাজাই অষ্ট্ৰেলিয়াৰ হৈ ইনিংছ মুকলি কৰি ৮৯ ৰাণৰ পাৰ্টনাৰশ্বিপেৰে এক দৃঢ়তাপূৰ্ণ আৰম্ভণি প্ৰদান কৰে আৰু পূৰ্বৰ মেচখনত ঘৰুৱা দলটোৰ অপেনিং ব্যৰ্থতাক সমাপ্ত কৰে ।
ইয়াৰ বিপৰীতে যশপ্ৰীত বুমৰাহ আৰু মহম্মদ চিৰাজৰ নেতৃত্বত ভাৰতৰ বলিং আক্ৰমণে প্ৰথম ছেছনত সফলতা লাভ কৰিবলৈ সংগ্ৰাম কৰিবলগা হয় । কিয়নো অষ্ট্ৰেলিয়ান অপেনাৰদ্বয়ে সুন্দৰভাৱে ইনিংছ আগবঢ়াই নি পাৰ্টনাৰশ্বিপ গঢ়ে । এই ক্ষেত্ৰত অধিক আক্ৰমণাত্মক আছিল কনষ্টাছ । তেওঁ উইকেটৰ চাৰিওফালে কোবাই দ্ৰুতগতিত ৰাণ সংগ্ৰহ কৰে ।
কনষ্টাছে এক সাহসিক ইনিংছ উপহাৰ দিয়ে আৰু কোনো ভয় নোহোৱাকৈ বুমৰাহৰ পেচ আক্ৰমণৰ মুখামুখি হয় । তেওঁ ক্ৰিজত থকা অৱস্থাত এনে অনুভৱ হোৱা নাছিল যে ১৯ বছৰীয়া যুৱকজনে প্ৰথমবাৰৰ বাবে তেওঁৰ প্ৰথম আন্তঃৰাষ্ট্ৰীয় মেচ খেলি আছে । আনহাতে, যশপ্ৰীত বুমৰাহেও কনষ্টাছৰ সন্মুখত অসহায় অনুভৱ কৰা যেন পৰিলক্ষিত হয় আৰু তেওঁৰ সকলো ফৰ্মেটৰ ক্ৰিকেটত অপেনিং স্পেলত আটাইতকৈ বেছি ৰাণ খৰচ কৰে ।
সপ্তম অ'ভাৰত কনষ্টাছে বুমৰাহৰ বিৰুদ্ধে একেৰাহে বল বাউণ্ডেৰীৰ বাহিৰলৈ মাৰি পঠায় । প্ৰথম বলটোত যুৱ ক্ৰিকেটাৰজনে এটা স্কুপ শ্বট খেলি বলটো ষ্টাম্পৰ ওপৰেৰে চাৰি ৰাণৰ বাবে বাউণ্ডেৰীৰ বাহিৰলৈ প্ৰেৰণ কৰে । ইফালে দ্বিতীয় বলটোতো এইগৰাকী প্ৰতিভাশালী নৱাগতই ওলোটা দিশে ঘূৰি বলটো বাউণ্ডেৰীৰ ওপৰেৰে ছয় ৰাণৰ বাবে প্ৰেৰণ কৰে ।
এই অ'ভাৰ বাউণ্ডেৰীৰ জৰিয়তে কনষ্টাছে ৰেকৰ্ড বুকত নিজৰ নাম লিপিবদ্ধ কৰে । তেওঁ টেষ্ট ক্ৰিকেটত যশপ্ৰীত বুমৰাহৰ বিৰুদ্ধে ছয় কোবোৱা অষ্টমগৰাকী বেটাৰ হিচাপে পৰিগণিত হয় ।
আনহাতে, প্ৰথম ছেছন আগবাঢ়ি থকাৰ লগে লগে কনষ্টাছৰ আত্মবিশ্বাস ক্ৰমে বৃদ্ধি হৈ গৈ থাকে । তেওঁ ভাৰতীয় বলিং আক্ৰমণৰ বিৰুদ্ধে 6 টা চাৰি আৰু 2 টা ছয় কোবায় ।
চতুৰ্দশ অ'ভাৰত কনষ্টাছে তেওঁৰ প্ৰথম আন্তৰ্জাতিক অৰ্ধশতক অৰ্জন কৰে আৰু টেষ্ট ক্ৰিকেটত অষ্ট্ৰেলিয়াৰ হৈ অৰ্ধশতক অৰ্জন কৰা দ্বিতীয় সৰ্বকনিষ্ঠ খেলুৱৈ হিচাপে পৰিগণিত হয় ।
অৱশ্যে ৰবীন্দ্ৰ জাদেজাই আলহী দলটোৰ হৈ উদ্ধাৰ অভিযানত নামি কনষ্টাছৰ ৰাণৰ গতি স্তব্ধ কৰে । ২০ নম্বৰ অ'ভাৰত জাদেজাই বিপজ্জনক হৈ উঠা কনষ্টাছক পেভিলিয়নৰ ৰাস্তা দেখুৱায় । কনষ্টাছ আউট হোৱাৰ পিছত ক্ৰিজলৈ আহে মাৰ্নাছ লাবুচাগেন । অৱশ্যে ২২ নম্বৰ অ'ভাৰত অষ্ট্ৰেলিয়াই ১০০ ৰাণৰ সীমা অতিক্ৰম কৰে ।
দ্বিতীয় ছেছনত ভাৰতীয় বলিং আক্ৰমণৰ লক্ষ্য হ'ব আগতীয়াকৈ উইকেট দখল কৰি চালকৰ আসনৰ পৰা আয়োজক দলটোক পদচ্যুত কৰা । ইফালে খোৱাজা আৰু লাবুচাগেনে পাৰ্টনাৰশ্বিপ সুদৃঢ় কৰিবলৈ আৰু ভাৰতৰ ওপৰত অষ্ট্ৰেলিয়াৰ আধিপত্য অব্যাহত ৰাখিবলৈ চেষ্টা কৰিব ।
সংক্ষিপ্ত স্ক'ৰ : অষ্ট্ৰেলিয়া ১১২/১ (ওছমান খোৱাজা ৩৮*, ছেম কনষ্টাছ ৬০; ৰবীন্দ্ৰ জাদেজা ১/২০) ।