ETV Bharat / state

গ্ৰন্থৰ সুবাসেৰে আমোলমোলাব শীতৰ নিয়ৰসৰা সন্ধিয়া - ASSAM BOOK FAIR 2024

শুকুৰবাৰৰ পৰা গুৱাহাটীত অসম গ্ৰন্থমেলা ৷ এইবাৰ চানমাৰিৰ পৰিৱৰ্তে খানাপাৰাৰ পশু চিকিৎসা মহাবিদ্যালয় খেলপথাৰত গ্ৰন্থমেলা অনুষ্ঠিত হ'ব ।

Assam Book Fair 2024
চানমাৰি নহয়, খানাপাৰাত ২৭ ডিচেম্বৰৰ পৰা অসম গ্ৰন্থমেলা (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : 14 hours ago

গুৱাহাটী : ২৭ ডিচেম্বৰৰ পৰা গুৱাহাটীত অনুষ্ঠিত হ'ব অসম গ্ৰন্থমেলা । ৭ জানুৱাৰীলৈ ১২ দিনীয়া বৰ্ণিল কাৰ্যসূচীৰে গুৱাহাটীৰ খানাপাৰাস্থিত পশু চিকিৎসা মহাবিদ্যালয়ৰ খেলপথাৰত অনুষ্ঠিত হ'ব অসম প্ৰকাশন পৰিষদ আৰু সদৌ অসম পুথি প্ৰকাশক আৰু বিক্ৰেতা সংস্থাই যৌথভাৱে আয়োজন কৰা অসম গ্ৰন্থমেলা ৷ এইবাৰ চানমাৰিৰ পৰিৱৰ্তে খানাপাৰাত আয়োজন কৰা গ্ৰন্থমেলাৰ প্ৰস্তুতি ইতিমধ্যে সম্পূৰ্ণ হৈ উঠিছে ৷

১১৮ টা প্ৰকাশন গোষ্ঠী তথা বিপণিয়ে অংশ ল'ব গ্ৰন্থমেলাত

চানমাৰি নহয়, খানাপাৰাত ২৭ ডিচেম্বৰৰ পৰা অসম গ্ৰন্থমেলা (ETV Bharat Assam)

বৃহস্পতিবাৰে সংবাদমেল সম্বোধন কৰি অসম প্ৰকাশন পৰিষদৰ সচিব প্ৰমোদ কলিতাই এই বিষয়ে কয় যে এইবাৰ দুলীয়াজান, যোৰহাট আৰু নলবাৰীত সফল সামৰণিৰ পাছত গুৱাহাটীত আয়োজন কৰা হৈছে বহু প্ৰতীক্ষিত 'অসম গ্ৰন্থমেলা' ৷ এই গ্ৰন্থমেলাত অসমৰ লগতে ৰাজ্যৰ বাহিৰৰ মুঠ ১১৮ প্ৰকাশন গোষ্ঠী তথা বিপণিয়ে অংশগ্ৰহণ কৰিব ৷ তাৰ ভিতৰত আছে দিল্লী-হাৰিয়ানাৰ ১৬ টা, কলকাতাৰ ১৫ টা আৰু পাঞ্জাৱৰ ২ টা প্ৰকাশন গোষ্ঠী ৷

তেওঁ লগতে কয়, "কাইলৈ (২৭ ডিচেম্বৰ) বিয়লি ৩ বজাত অসম গ্ৰন্থমেলা গুৱাহাটীৰ উদ্বোধনী অনুষ্ঠান আয়োজন কৰা হ'ব ৷ এই অনুষ্ঠানত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰিব শিক্ষা মন্ত্ৰী তথা অসম প্ৰকাশন পৰিষদৰ অধ্যক্ষ ডাঃ ৰণোজ পেগুৱে ৷ সভাখনত বিশিষ্ট অতিথিৰূপে অংশগ্ৰহণ কৰিব দিল্লীৰ বিশিষ্ট লেখক, সাংবাদিক, ইতিহাসবিদ হিন্দোল সেনগুপ্তই । বিশিষ্ট সাহিত্যিক, অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি ড৹ ধ্ৰুৱজ্যোতি বৰা, দ্য ফেডাৰেশ্যন অৱ পাব্লিচাৰ্ছ এণ্ড বুক ছেলাৰ্ছ এছ'চিয়েশ্যন ইন ইণ্ডিয়াৰ সভাপতি সুৰিন্দৰ কুমাৰ ঘাইয়েও অংশগ্ৰহণ কৰিব ৷"

অসম গ্ৰন্থমেলাৰ কাৰ্যসূচী

১২ দিনীয়া অসম গ্ৰন্থমেলাৰ কাৰ্যসূচী সম্পৰ্কে তেওঁ কয় যে প্ৰতিদিনেই ভাষা-সাহিত্য-সংস্কৃতি, ইতিহাস তথা সমাজ-জীৱনৰ বিভিন্ন প্ৰাসংগিক আৰু গুৰুত্বপূৰ্ণ বিষয়ক কেন্দ্ৰ কৰি গ্ৰন্থমেলাত আলোচনা সত্ৰ অনুষ্ঠিত হ'ব ৷ সেই অনুসৰি ২৮ ডিচেম্বৰত সদৌ অসম পুথি প্ৰকাশক আৰু বিক্ৰেতা সংস্থাৰ বিশেষ সম্বৰ্ধনা অনুষ্ঠান, "গ্ৰন্থ প্ৰকাশৰ দায়বদ্ধতা, প্ৰচাৰ আৰু কৌশল অৱলম্বন" শীৰ্ষক আলোচনা সত্ৰৰ লগতে অন্তৰংগ আলাপ অনুষ্ঠিত হ'ব ।

২৯ ডিচেম্বৰত অনুষ্ঠিত হ'ব "ভিন্ন-সাহিত্য-ধাৰাৰ গ্ৰন্থ পঠনৰ আনন্দ" আৰু "গল্পৰ আবেলি" শীৰ্ষক আলোচনা সত্ৰ ৷ এনেদৰে গ্ৰন্থমেলাৰ প্ৰতিটো দিনাই অনুষ্ঠিত হ'ব বিভিন্ন বিষয়ত আলোচনা সত্ৰ । ৭ জানুৱাৰীত বিয়লি ৩ বজাত আয়োজিত হ'ব অসম গ্ৰন্থমেলা গুৱাহাটীৰ সামৰণি অনুষ্ঠান ৷ সামৰণি অনুষ্ঠানত বিশিষ্ট অতিথিৰূপে অংশগ্ৰহণ কৰিব ইন্দিৰা গান্ধী ৰাষ্ট্ৰীয় কলাকেন্দ্ৰৰ সচিব আৰু কাৰ্যবাহী তথা শৈক্ষিক মুৰব্বী ড৹ সচ্চিদানন্দ যোশী, অসম মহিলা বিশ্ববিদ্যালয়ৰ প্ৰাক্তন উপাচাৰ্য, বিশিষ্ট লেখিকা-গৱেষক ড৹ মালিনী গোস্বামী, গুৱাহাটী বিশ্ববিদ্যালয়ৰ উপাচাৰ্য, বিশিষ্ট গ্ৰন্থকাৰ-গৱেষক ড৹ ননীগোপাল মহন্তই ৷ গ্ৰন্থমেলাৰ প্ৰতিটো সন্ধিয়া আয়োজিত হ'ব মনপৰশা সাংস্কৃতিক প্ৰতিযোগিতা ৷

বৃহস্পতিবাৰে আয়োজিত সংবাদমেলত অসম প্ৰকাশন পৰিষদৰ উপাধ্যক্ষ সুমন্ত চলিহা, সচিব প্ৰমোদ কলিতাৰ লগতে উপস্থিত থাকে সদৌ অসম পুথি প্ৰকাশক আৰু বিক্ৰেতা সংস্থাৰ সভাপতি নগেন শৰ্মা, কাৰ্যকৰী সভাপতি ধীৰাজ গোস্বামী, উপ-সভাপতি বাহাৰুল ইছলাম চৌধুৰীকে ধৰি মুখ্য বিষয়ববীয়াসকল ।

লগতে পঢ়ক :বিদায়ী বৰ্ষত উত্তৰ-পূবৰ লেখকৰ চৰ্চিত কেইখনমান ইংৰাজী গ্ৰন্থ - YEARENDER 2024

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.