মেষ ৰাশি : নতুন পোছাক আৰু গহনা ক্ৰয় কৰাৰ সম্ভাৱনা আছে । বন্ধুৰ লগত বজাৰ কৰিবলৈ যোৱাৰ পৰিকল্পনা কৰক । খোৱা, ক্ৰয় কৰা আৰু আনন্দ কৰাৰ সময় । কিন্তু দিনটোৰ আধা যোৱাৰ পিছত আপুনি অত্যধিক ব্যয় অনুভৱ কৰিব পাৰে । সামাজিক মান্যতা আৰু খ্যাতি বৃদ্ধি পাব । পুৱা ভালে থাকিলেও, আবেলিলৈ অলপ বেয়া অনুভৱ কৰিব পাৰে । নতুনকৈ লগ পোৱা মানুহৰ লগত বন্ধুত্ব গঢ়াৰ আগতে ভাবি চাওক । আপোনাৰ বিৰোধীসকলও চকু আপোনাৰ ওপৰত আছে, সতৰ্ক হওক । স্বাস্থ্যৰ যত্ন লওক ।
বৃষ ৰাশি : প্ৰতিশ্ৰুতি পূৰ্ণ দিনটো ব্যৱসায়ীসকলৰ বাবে অতি লাভজনক হ'ব । ব্যৱসায়িক দিশত প্ৰতিদ্বন্দ্বীক পৰাস্ত কৰা আৰু নিজৰ বাবে জয়ৰ পৰিস্থিতিৰ সৃষ্টি কৰিব পাৰে । সহকৰ্মীৰ পৰা সহায় বিচাৰিব পাৰে, উপকৃত হ'ব । বন্ধুৰ লগত চিনেমা চাই বা পিকনিকলৈ গৈ আবেলিৰ সময়খিনি আনন্দেৰে কটাব পাৰে ।
মিথুন ৰাশি : এটা সাধাৰণ দিন । নতুন কামক স্থগিত কৰিব লগা প্ৰতিবন্ধকতাৰ সন্মুখীন হ'ব পাৰে, সামাজিক যোগাযোগ সীমিত হ'ব আৰু সন্তানৰ বাবে চিন্তা থাকিব । শান্ত আৰু আৰামদায়ক, সন্ধিয়া উপভোগ কৰিব পাৰিব । ঘৰুৱা পৰিৱেশ বন্ধুত্বপূৰ্ণ হ'ব আৰু কোনো সৃজনশীল কামৰ বাবে প্ৰেৰণা লাভ কৰিব । সামাজিক মান্যতা আৰু আৰ্থিক লাভৰ সম্ভাৱনা আছে ।
ককৰ্ট ৰাশি : গভীৰ চাপত থাকিব; বিৰক্তি আৰু অলসভাৱে আপোনাক বেৰি থাকিব পাৰে । দোদুল্যমান মনক নিয়ন্ত্ৰণ কৰক আৰু শক্তিশালী সিদ্ধান্ত গ্ৰহণকাৰী মন স্থিৰ কৰক । যাত্ৰাৰ পৰিকল্পনা সলনি কৰক, কাৰ্যালয়ৰ কামৰ বাবে উপযুক্ত সময় নহয় । মাতৃৰ শৰীৰৰ অৱনতি ঘটিব পাৰে, যত্ন লওক । আজি নতুন কামৰ আৰম্ভণি কৰিলে সফলতা নাপাবও পাৰে । গান শুনক আৰু হাঁহি ধেমালি কৰক । ই আপোনাক শান্ত কৰিব আৰু চৌপাশৰ পৰিৱেশক আৰামদায়ক কৰি তুলিব পাৰে ।
সিংহ ৰাশি : যদি আপুনি নতুন কাম আৰম্ভ কৰাৰ পৰিকল্পনা কৰি আছে, আজিৰ দিনটো তাৰ বাবে অতি শুভ । বিনিয়োগৰ বাবেও উপযুক্ত সময় । দুপৰীয়া আবেগিক স্তৰ অধিক হ'ব পাৰে, যি আপোনাক হতাশ আৰু উদাস কৰাৰ সম্ভাৱনা আছে । মাতৃৰ শৰীৰ ভাল নহ'ব । ঘৰ বা সম্পত্তিৰ লেনদেন সম্পূৰ্ণ কৰিবৰ বাবে আজিৰ দিনটো নল'ব । সতৰ্ক হৈ থাকক ।
কন্যা ৰাশি : আজি আপুনি মনে মনে থকাই উচিত; চকু আৰু কাণ খোলা ৰাখক কিন্তু মুখ বন্ধ; দিনটো শান্তিৰে পাৰ হৈ যাব দিয়ক । প্ৰাৰম্ভিক অধ্যয়ন নকৰাকৈ খৰধৰকৈ কোনো নতুন কাম আৰম্ভ নকৰিব । স্বাস্থ্যৰ বাবেও এটা সাধাৰণ দিন । ঘৰত থকা আজৰি সময়ত, আপুনি পৰিয়ালকেন্দ্ৰিক গুৰুত্বপূৰ্ণ আৰু বৌদ্ধিক চৰ্চা কৰিব পাৰে । কষ্টোপাৰ্জিত ধনৰ বিনিয়োগৰ বাবে ভাল দিন । দৰ্শনীয় স্থানত পিকনিকৰ পৰিকল্পনাৰে সন্ধিয়া সময়খিনি কটাওক ।
তুলা ৰাশি : সন্তুলিত আৰু মনোযোগী হ'ব । পুৱা খোজ কাঢ়িবলৈ গ'লে অধিক আনন্দিত অনুভৱ কৰিব । নতুন পোছাক আৰু গহনা ক্ৰয় কৰি নিজকে সন্তুষ্ট কৰক, একে সময়তে ব্যয়ৰ প্ৰতি লক্ষ্য ৰাখক; অপ্ৰয়োজনীয় বস্তুত ব্যয় কৰাৰ সম্ভাৱনা আছে । পৰিয়ালৰ লগত থকা পাৰ্থক্যক দূৰ কৰিব পাৰে । কামত আপোনাৰ অহংকাৰক মাজত আহিবলৈ নিদিব; মানুহৰ হৃদয়ত স্থান বনোৱাৰ বাবে সমন্বয় আৰু বুজাপৰা লাগিব ।
বৃশ্চিক ৰাশি : ইতিবাচক দিন হ'ব । নিৰাশাবাদী মনোভাৱক দূৰত ৰাখক । আইনী কামকাজসমূহ নিজৰ গতিত আগবাঢ়িবলৈ দিয়ক । আপোনাৰ স্বাস্থ্যৰ অৱনতি ঘটিব পাৰে । দিনটোৰ পিছৰ ভাগত পৰিস্থিতি উন্নত হ'ব পাৰে । আপুনি উত্সাহিত আৰু আত্ম-বিশ্বাসী অনুভৱ কৰিব আৰু সকলো অসম্পূৰ্ণ কাম সম্পূৰ্ণ কৰিব । চিনেমা বা খেল-ধেমালিৰ দৰে বিনোদনশীল কাৰ্যত ব্যয় হ'ব পাৰে ।
ধনু ৰাশি : আশীৰ্বাদৰ বৃষ্টি হ'ব; দিনটো আপোনাৰ বাবে লাভদায়ক হ'ব । আয় বা লাভ বৃদ্ধি হৈ আৰ্থিকভাৱে উপকৃত হোৱাৰ সম্ভাৱনা আছে । অত্যধিক ব্যয় নকৰিব । সামাজিক অনুষ্ঠান আৰু যোগাযোগত নিজকে সক্ৰিয় কৰি ৰাখক; নিশ্চিতভাৱে উজলিব । কিন্তু, মানুহৰ লগত আচাৰ-ব্যৱহাৰ কৰোতে আপুনি শান্ত আৰু ধৈৰ্যশীল হ'ব লাগিব; আপোনাৰ সোনকালে খং উঠা প্ৰবৃত্তিয়ে এটা ভাল সুযোগ নষ্ট কৰিব পাৰে । গাড়ী চলাওতে সতৰ্ক হওক আৰু কোনো ট্ৰেফিক নিয়ম ভংগ নকৰিব; দুৰ্ঘটনা হোৱাৰ সম্ভাৱনা আছে ।
মকৰ ৰাশি : আপুনি বিচৰা সকলো পাব । সম্পত্তি বিষয়ক লেনদেনৰ বাবে এক উপযুক্ত সময় । কৰ্মস্থলীত আপুনি কামৰ আৰম্ভ কৰিব আৰু সম্পূৰ্ণ কৰিব । আপোনাৰ মালিকক প্ৰভাৱিত কৰিব পাৰিব । পদোন্নতিৰ সুযোগ পাব পাৰে । সম্বন্ধসমূহ জীৱনৰ সংগীতৰ দৰে; এই সোণালী সময়খিনি পৰিয়াল আৰু বন্ধুৰ লগত কটাওক । আপোনাৰ সপোন পূৰণ কৰাৰ সময় ।
কুম্ভ ৰাশি : পেচাদাৰী লোকসকলে দিনটোৰ আৰম্ভণিতে সাৱধানতা অৱলম্বন কৰিব লগা হ'ব পাৰে । আপোনাৰ কনিষ্ঠ আৰু জ্যেষ্ঠসকলৰ লগত ব্যৱহাৰ কৰোতে শান্ত হৈ থাকক; ই উপকৃত কৰিব । মধ্যাহ্নৰ পিছত কৰ্মস্থলীত পৰিৱেশ আপোনাৰ পক্ষতে থাকিব আৰু অধিক শান্ত হ'ব । ঘৰতো একেই পৰিৱেশ থাকিব; শান্তিপূৰ্ণ পৰিৱেশে আপোনাক আনন্দিত আৰু উত্সাহিত কৰিব । প্ৰমোদ ভ্ৰমণ বা কামৰ বাবে দীঘলীয়া ভ্ৰমণ কৰিব লগা হ'ব পাৰে । ধৰ্মীয় স্থানৰ দৰ্শন কৰাৰ সম্ভাৱনা আছে ।
মীন ৰাশি : নিজকে অধিক ভালদৰে জানিবৰ প্ৰচেষ্টা কৰাৰ সম্ভাৱনা আছে । সৃষ্টিমূলকভাৱে আৰু লগতে আত্ম নিৰীক্ষণ কৰিব পাৰে । নিজৰ চিন্তাধাৰাক মুকলি কৰক আৰু লিখা-পঢ়া কৰি নিজকে ব্যক্ত কৰক । ভৌতিক বিষয়ৰ ওপৰিও, আনন্দৰে আৰম্ভ আৰু অন্ত পৰা বিষয়ত আপুনি আগ্ৰহী হোৱাৰ সম্ভাৱনা আছে । কিছু সময়ৰ বাবে মনে মনে বহক আৰু নিজকে নিৰীক্ষণ কৰক; আত্ম বিশ্লেষণ কৰিব পাৰে । কৰ্মস্থলীত সতৰ্ক হওক । সহকৰ্মী আৰু জ্যেষ্ঠ কৰ্মীসকলৰ লগত দীঘলীয়া আলোচনাৰ পৰা আঁতৰত থাকক; অনিশ্চিত মনোদশাই বিপদত পেলাব পাৰে । স্বাস্থ্যৰ যত্ন লওক ।