ETV Bharat / sports

মেলবৰ্ণত ক'লা বেণ্ড পৰিধান কৰি খেলপথাৰত ভাৰতীয় দল - PM MANMOHAN SINGH DIED

ভাৰত আৰু অষ্ট্ৰেলিয়াৰ মাজত চলি থকা বৰ্ডাৰ গাভাস্কাৰ ট্ৰফীৰ চতুৰ্থ টেষ্টৰ আজি দ্বিতীয় দিন ।

Team India wearing black armbands
মেলবৰ্ণত ক'লা বেণ্ড পৰিধান কৰি খেলপথাৰত ভাৰতীয় দল (AP Photo)
author img

By ETV Bharat Assamese Team

Published : 16 hours ago

মেলবৰ্ণ : ভাৰত আৰু অষ্ট্ৰেলিয়াৰ মাজত বৰ্ডাৰ গাভাস্কাৰ ট্ৰফী চলি আছে । এই শৃংখলাৰ চতুৰ্থ খন টেষ্ট মেচ মেলবৰ্ণ ক্ৰিকেট গ্ৰাউণ্ডত অনুষ্ঠিত হৈছে । ২৬ ডিচেম্বৰত আৰম্ভ হোৱা বক্সিং ডে টেষ্টৰ শুকুৰবাৰে দ্বিতীয় দিন । দ্বিতীয় দিনা ভাৰতীয় ক্ৰিকেট দলে ক'লা বেণ্ড পৰিধান কৰি খেলপথাৰত নামিছে । কিন্তু আপুনি জানেনে কিয় এমচিজিত দ্বিতীয় দিনা অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে ভাৰতীয় দলে ক'লা বেণ্ড পৰিধান কৰিছে ।

কিয় ক'লা বেণ্ড পৰিধান কৰিছে টীম ইণ্ডিয়াই ?

ৰোহিত শৰ্মাৰ নেতৃত্বত শুকুৰবাৰে ভাৰতীয় ক্ৰিকেট দলটোক হাতত ক'লা বেণ্ড পৰিধান কৰি খেলপথাৰলৈ ওলাই অহা দেখা গৈছে । উল্লেখ্য যে বৃহস্পতিবাৰে ভাৰতৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী ড৹ মনমোহন সিঙৰ মৃত্যু হয় । ৯২ বছৰ বয়সত তেওঁৰ দিল্লীৰ এইমছত মৃত্যু হয় । প্ৰাক্তন প্ৰধানমন্ত্ৰীগৰাকীক হেৰুৱাই সমগ্ৰ দেশ আজি শোকস্তব্ধ ।

ৰাজনীতিৰ লগতে সাংস্কৃতিক, ক্ৰীড়া আদি সকলো ক্ষেত্ৰতো শোকৰ ছাঁ পৰিছে । দেশত ৭ দিনীয়া শোক পালনৰো ঘোষণা কৰিছে চৰকাৰে । ভাৰতীয় ক্ৰিকেট দলেও প্ৰাক্তন প্ৰধানমন্ত্ৰীৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জনাই আৰু তেওঁৰ সন্মানত ক'লা বেণ্ড পৰিধান কৰি খেলপথাৰলৈ ওলাই আহিছে ।

মনমোহন সিঙৰ জীৱন সম্পৰ্কে কিছুমান গুৰুত্বপূৰ্ণ কথা

ড৹ মনমোহন সিঙৰ জন্ম ১৯৩২ চনৰ ২৬ ছেপ্টেম্বৰত পাঞ্জাৱত হৈছিল । তেওঁ ১৯৫২ আৰু ১৯৫৪ চনত ক্ৰমে পাঞ্জাৱ বিশ্ববিদ্যালয়ৰ পৰা অৰ্থনীতিত স্নাতক আৰু স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰিছিল । ইয়াৰ পিছত ১৯৫৭ চনত তেওঁ কেমব্ৰিজ বিশ্ববিদ্যালয়ৰ পৰা অৰ্থনৈতিক ট্ৰিপোছ সম্পূৰ্ণ কৰে । তেওঁ ১৯৬২ চনত অক্সফ'ৰ্ড বিশ্ববিদ্যালয়ৰ পৰা অৰ্থনীতিত ডি.ফিল লাভ কৰে । তেওঁ পঞ্জাব বিশ্ববিদ্যালয় আৰু দিল্লী স্কুল অৱ ইকনমিক্সতো অধ্যাপনা কৰিছিল ।

তেওঁ ১৯৭১ চনত ভাৰত চৰকাৰৰ সৈতে বাণিজ্য মন্ত্ৰালয়ৰ অৰ্থনৈতিক উপদেষ্টা হিচাপে যোগদান কৰিছিল । ১৯৭২ চনত তেওঁ বিত্ত মন্ত্ৰালয়ৰ মুখ্য অৰ্থনৈতিক উপদেষ্টা হয় । তেওঁ ১৯৮৭-১৯৯০ চনলৈ জেনেভাত দক্ষিণ আয়োগৰ মহাসচিব হিচাপে নিযুক্ত হৈছিল । ড৹ মনমোহন সিঙে ২০০৪ চনৰ পৰা ২০১৪ চনলৈ ভাৰতৰ প্ৰধানমন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল ।

ইয়াৰ উপৰিও তেওঁ প্ৰায় ৩৩ বছৰ ধৰি ৰাজ্যসভাৰ সাংসদ আছিল । তেওঁ ১৯৯১ চনত প্ৰথমবাৰৰ বাবে ৰাজ্যসভাৰ সদস্য হৈছিল । প্ৰধানমন্ত্ৰী হিচাপে তেওঁ দেশৰ উন্নয়নৰ বাবে গুৰুত্বপূৰ্ণ কাম কৰিছিল । আজি তেওঁৰ মৃত্যুৰ লগে লগে সমগ্ৰ দেশতে শোকৰ ছাঁ পৰিছে । তেওঁৰ অনুৰাগীসকলে সামাজিক মাধ্যমত তেওঁক শ্ৰদ্ধাঞ্জলি জনাইছে ।

লগতে পঢ়ক :জো ৰুট আৰু বিৰাট কোহলীকো পিচ পেলাই মেলবৰ্ণত ষ্টীভ স্মিথে ৰচিলে ইতিহাস - IND VS AUS

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.