নগাঁও : অসম ৰাজ্যিক বিজেপিৰ নেতৃত্বৰ বিৰুদ্ধে যেন ক্ৰমাৎ ক্ষোভ বৃদ্ধি পাইছে দলটোৰে একাংশ জ্যেষ্ঠ নেতাৰ । নেতৃত্ব লৈছে প্ৰাক্তন কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী তথা নগাঁও লোকসভা সমষ্টিৰ প্ৰাক্তন সাংসদ ৰাজেন গোঁহায়ে । অসম বিজেপিৰ বিৰুদ্ধে অসন্তুষ্ট বিজেপিৰ একাংশ নেতাক শেহতীয়াকৈ ঐক্যবদ্ধ কৰি বিজেপিৰ বিৰুদ্ধে নতুন আঞ্চলিক ৰাজনৈতিক দল গঠনৰ কুচকাৱাজ আৰম্ভ কৰিছে প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী ৰাজেন গোঁহায়ে ।
- ৰাজেন গোঁহাইৰ বিসম্বাদৰ আৰম্ভণি :
চন ২০১৭-১৮ । নগাঁৱত এইমছ স্থাপনৰ দাবীত বিভিন্ন দল-সংগঠনৰ লগতে নগাঁৱৰ সচেতন লোকে প্ৰতিবাদ আৰম্ভ কৰিছিল । সেই সময়ত নগাঁৱত এইমছ স্থাপনৰ দাবীত প্ৰতিবাদী কাৰ্যসূচীত অংশগ্ৰহণ কৰিছিল সেই সময়ৰ নগাঁও লোকসভা সমষ্টিৰ বিজেপি সাংসদ ৰাজেন গোঁহায়েও । কেন্দ্ৰৰ লগতে অসমতো চলি আছিল বিজেপি নেতৃত্বাধীন চৰকাৰ । কিন্তু নগাঁৱত এইমছ স্থাপনৰ দাবীত অটল থকা সাংসদ ৰাজেন গোঁহাইক পৰৱৰ্তী সময়ত নৰেন্দ্ৰ মোদী নেতৃত্বাধীন চৰকাৰৰ কেন্দ্ৰীয় ৰে'ল ৰাজ্যিক মন্ত্ৰিত্ব প্ৰদান কৰিছিল ।
কেন্দ্ৰীয় ৰে'ল ৰাজ্যিক মন্ত্ৰী হৈ থকা সময়তে এক বিতৰ্কতো সাঙোৰ খাই পৰিছিল ৰাজেন গোঁহাই । উক্ত বিতৰ্কৰ গইনা লৈয়েই ২০১৯ চনৰ লোকসভা নিৰ্বাচনত দলীয় প্ৰাৰ্থিত্বৰ পৰা প্ৰথমবাৰৰ বাবে বঞ্চিত হৈছিল ৰাজেন গোঁহাই । সেয়াই আছিল ৰাজেন গোঁহাইৰ দলীয় বিসম্বাদৰ আৰম্ভণি ।
২০১৯ চনৰ লোকসভা নিৰ্বাচনত নগাঁও লোকসভা সমষ্টিৰ পৰা বিজেপি দলে প্ৰাৰ্থিত্ব প্ৰদান কৰা ৰূপক শৰ্মাৰ বিৰুদ্ধে নিৰ্বাচনত গোপনে বিৰোধিতা কৰাৰো অভিযোগ উত্থাপন হৈছিল ৰাজেন গোঁহাইৰ বিৰুদ্ধে । তাৰ পাছৰ পৰাই ক্ৰমাৎ দলৰ মজিয়াত গুৰুত্ব হ্ৰাস পাবলৈ আৰম্ভ কৰিছিল ৰাজেন গোঁহাইৰ । পৰৱৰ্তী বিধানসভা নিৰ্বাচনতো ৰাজেন গোঁহায়ে পত্নী নাইবা পুত্ৰৰ বাবে দলীয় প্ৰাৰ্থিত্ব বিচাৰিছিল যদিও পুনৰ এবাৰ বঞ্চিত হৈছিল জ্যেষ্ঠ নেতাগৰাকী ।
দলৰ মজিয়াত নিজৰ গুৰুত্ব হ্ৰাস পোৱাত প্ৰায়েই দলৰ বিৰুদ্ধে মন্তব্য কৰি বিতৰ্কৰ সৃষ্টি কৰা ৰাজেন গোঁহাইক মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন অসম চৰকাৰৰ কেবিনেট মৰ্যাদাসহ খাদ্য আৰু অসামৰিক যোগান বিভাগৰ অধ্যক্ষৰ দায়িত্ব অৰ্পন কৰা হৈছিল যদিও পৰৱৰ্তী সময়ত পুনৰ মুখ্যমন্ত্ৰীৰ লগতে অসম ৰাজ্যিক বিজেপিৰ নেতৃত্বৰ বিৰুদ্ধে ক্ষোভ ব্যক্ত কৰিছিল ৰাজেন গোঁহায়ে ।
দলটোৰ জ্যেষ্ঠ নেতা ৰাজেন গোঁহাইৰ বিসম্বাদৰ বিষয়ে দিল্লীৰ নেতৃত্বই অৱগত হোৱাৰ পাছত দিল্লীলৈ মাতি বুজনি দিয়াৰ চেষ্টা কৰিছিল ৰাজেন গোঁহাইক । বিগত লোকসভা নিৰ্বাচনতো নগাঁও লোকসভা সমষ্টিৰ প্ৰাৰ্থীৰ বিৰুদ্ধে মুকলিকৈ মন্তব্য কৰাৰ কিছুদিন বিৰতিৰ অন্তত পুনৰ দলটোৰ নেতৃত্বৰ বিৰুদ্ধে বিদ্ৰোহ আৰম্ভ কৰিছে ৰাজেন গোঁহায়ে ।
- নতুন ৰাজনৈতিক দল গঠনৰ কুচকাৱাজ :
অসম ৰাজ্যিক বিজেপিৰ নেতৃত্বৰ বিৰুদ্ধে এইবাৰ যেন ক্ষোভৰ বহিঃপ্ৰকাশ ঘটিছে ৰাজেন গোঁহাইৰ । শেহতীয়াকৈ প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী ৰাজেন গোঁহাইয়ে উজনি অসমত খোপনি পুতি বিজেপিৰ পুৰণি নেতাৰ সৈতে সঘনাই বৈঠকত মিলিত হৈছে দলটোৰ জ্যেষ্ঠ নেতা ৰাজেন গোঁহাই । বিজেপিৰ বহু পুৰণি নেতাক একত্ৰিত কৰি বিজেপিৰ বিৰুদ্ধে নতুন আঞ্চলিক ৰাজনৈতিক দল গঠনৰ প্ৰস্তুতি চলোৱা বুলি বিসম্বাদী গোটৰ এক সূত্ৰৰ পৰা জানিব পৰা গৈছে ।
আনকি উজনি অসমত সভা-সমিতি কৰি দলৰ নেতৃত্বৰ বিৰুদ্ধে মুকলিকৈ ক্ষোভ ব্যক্ত কৰিবলৈ আৰম্ভ কৰিছে বিজেপিৰ জ্যেষ্ঠ নেতা ৰাজেন গোঁহায়ে । আগন্তুক বিধানসভা অথবা পঞ্চায়ত নিৰ্বাচনৰ পূৰ্বে যদি অসমত বিজেপিৰ পুৰণি নেতাৰ নেতৃত্বত নতুন আঞ্চলিক দল গঠন হয়, তেনেহ'লে অসমৰ ৰাজনৈতিক প্ৰেক্ষাপট সলনি হোৱাৰ সম্ভাৱনা নুই কৰিব নোৱাৰি ।