মৰাণ: কোনোমতে পেটে-ভাতে খাই থকা ঘৰখনৰ পৰা দেউতাকে আশাৰে তাইক উলিয়াই দিছিল আন এঘৰলৈ ৷ সৰুতেই মাকক হেৰুওৱা ছোৱালীজনীয়ে সংসাৰখন আৰম্ভ কৰিছিলহে মাথোঁ, নিয়তিয়ে কাঢ়ি নিলে গিৰিয়েকক ৷ তাইৰ কান্ধত দি গ’ল দুটিকৈ কন্যা সন্তানক লালন-পালন কৰি মানুহ কৰাৰ ভাৰ ৷ এফালে স্বামীৰ ঘৰত কেটেৰা-জেঙেৰা আৰম্ভ ৷ সহিব নোৱাৰি তাই গুচি আহিছিল দেউতাকৰ ওচৰলৈ ৷
বিধিৰ কি বিপাক ! সৰু জীয়েকেও তাইক এৰি গ’ল চিৰদিনৰ বাবে ৷ ব্ৰেইন টিউমাৰ হৈ মৃত্য়ুক সাৱটিলে কণমানিটিয়ে ৷ ডাঙৰ জীয়েকক দেউতাকৰ ঘৰতে থৈ তাই গুৱাহাটীলৈ আহিছিল কাম বিচাৰি ৷ কেইমাহমান গ’ল ভালকৈয়ে ৷ কিন্তু বৃহস্পতিবাৰে পুৱাতেই ঘটিল অঘটন ৷ লোকচক্ষুৰ সমুখতে ছুৰীৰে হানি-খুচি তাইক মাৰি পেলোৱা হ’ল ৷ ধপধপাই আছিল তাই ৰাস্তাত ৷ হাস্পতাললৈ অনাৰ পাছত চিকিৎসকে চিকিৎসা আগবঢ়াই যদিও তাই নাবাচিল ৷
উপন্যাস বা কোনো চিনেমাৰ দৰেই এক কাহিনী ৷ এটা লোমহৰ্ষক কাণ্ড, যিটো কাণ্ডৰ খবৰে সংবাদ মাধ্যমৰ পৰা সামাজিক মাধ্যমলৈ সকলোতে চৰ্চা লাভ কৰে বৃহস্পতিবাৰে ৷ সময় তেতিয়া দিনৰ 10.30 কি 11 বাজিছে, স্থান- নাহৰণি পথ, দিছপুৰ লাষ্টগেট, হাউচ নং 14 ৰ সমুখত ৷ এখন চাৰিচকীয়া বাহনৰ পৰা নামি অহা এজন যুৱকে হঠাৎ আক্ৰমণ কৰে এগৰাকী যুৱতীক ৷ যুৱকজনে উপৰ্যুপৰি ছুৰিকাঘাত কৰে যুৱতীগৰাকীক ৷ ফলত গুৰুতৰভাৱে আহত হয় তেওঁ ৷ পৰৱৰ্তী সময়ত চিকিৎসালয়ত চিকিৎসকে তেওঁক মৃত ঘোষণা কৰে ৷
পৰৱৰ্তী সময়ত জানিব পৰা যায় যে হত্যাকাৰী আৰু হত্যাৰ বলি হোৱা দুয়োগৰাকীয়েই বিবাহিত ৷ হত্যাকাৰীজন ভূপেন দাস, পেছাত কেব চালক ৷ বহুবাৰ প্ৰেমৰ প্ৰস্তাব আগবঢ়াইছিল যুৱতীগৰাকীক ৷ কিন্তু বাৰে বাৰে প্ৰত্যাখানৰ মুখামুখি হৈ অৱশেষত মৌচুমী গগৈ নামৰ মহিলাগৰাকীক তেওঁ ছুৰিকাঘাত কৰে ৷
দিছপুৰ লাষ্টগেটত হত্যাৰ বলি হোৱা যুৱতীগৰাকী কোন ?
ভূপেন দাস নামৰ এজন যুৱকৰ ছুৰিকাঘাতত নিহত হোৱা যুৱতীগৰাকীৰ নাম মৌচুমী গগৈ ৷ পাতনিতে উল্লেখ কৰা ‘তাই’গৰাকী এই মৌচুমীয়েই ৷ দুগৰাকী কন্যা সন্তানৰ মাতৃ মৌচুমী গগৈৰ ঘৰ ডিব্ৰুগড় জিলাৰ টিংখাঙৰ ৩নং কপহুৱা গাঁৱত । পিতৃৰ নাম প্ৰফুল্ল গগৈ । শৈশৱতে মাতৃহাৰা হৈছিল মৌচুমী গগৈ । কিছু বছৰ পূৰ্বে টিংখাঙৰ ন-চাউদাং গাঁৱৰ এজন ব্যক্তিৰ সৈতে বিবাহপাশত আৱদ্ধ হৈছিল । কিন্তু তিনি বছৰ পূৰ্বে দুৰ্ঘটনাত পতিত হৈ মৃত্যু হৈছিল মৌচুমী গগৈৰ স্বামীৰ ।
ইয়াৰ পাছতে দুগৰাকী কন্যা সন্তানক এৰি নিজৰ পিতৃগৃহলৈ ঘুৰি আহিছিল । কিন্তু এগৰাকী কন্যা সন্তান এবছৰ পূৰ্বে ব্ৰেইন টিউমাৰ হৈ ঢুকাল । বৰ্তমানেও টিংখাঙৰ স্বামী গৃহত থকা ডাঙৰ ছোৱালীৰ বয়স প্ৰায় ৮ বছৰ । অতি দৰিদ্ৰ পৰিয়ালৰ মৌচুমীয়ে ২০২১ চনত জীৱিকাৰ তাগিদাত ঘৰৰ পৰা গুৱাহাটীলৈ ওলাই গৈছিল । এগৰাকী সম্পৰ্কীয় বায়েকে এটা NGO ত কাম ঠিক কৰি দিছিল । বৰ্তমান মৌচুমীৰ টিংখাঙৰ ঘৰত ককায়েক, ভায়েক আৰু দেউতাক থাকে । দেউতাক দীৰ্ঘদিন ধৰি হৃদৰোগত আক্ৰান্ত । মৌচুমী গগৈৰ প্ৰেমৰ সম্পৰ্কৰ বিষয়ে অৱগত নহয় পৰিয়ালৰ লোক ।
কি কয় মৌচুমীৰ পৰিয়ালৰ লোকে :
মৌচুমীৰ হঠাৎ মৃত্যুত জন্মগৃহ টিংখাঙৰ ৩নং কপহুৱা গাঁৱত শোকাকুল পৰিবেশৰ সৃষ্টি হোৱাৰ লগতে সকলোকে আচৰিত কৰি তুলিছে । এনে এটা খবৰ আহিব বুলি কোনোৱেই ভবা নাছিল । গুৱাহাটীত কাম কৰিবলৈ যোৱাৰ পাছতো দেউতাকৰ ঘৰলৈ আহিছিল মৌচুমী । দেউতাকৰ ঘৰত শেহতীয়াকৈ কেইবাটাও দিন থাকি গৈছিল বুলি জানিবলৈ দিয়ে পৰিয়ালৰ সদস্যসকলে ।
লগতে পঢ়ক: কিয়-কেনেকৈ ভূপেনে হত্যা কৰিলে মৌচুমীক ?