ETV Bharat / state

বিদেশী বিনিয়োগৰ ক্ষেত্রত অসমৰ স্থান ২৬ : এইবাৰ এডভাণ্টেজ আছামৰ দ্বিতীয় সংস্কৰণ - ADVANTAGE ASSAM

সংসদত উন্মোচিত অসমত বিদেশী বিনিয়োগৰ প্ৰকৃত স্বৰূপ । লোকসভাত কেন্দ্ৰীয় বিত্ত দপ্তৰৰ ৰাজ্যমন্ত্ৰী পংকজ চৌধুৰীয়ে প্ৰকাশ কৰিলে এই তথ্য় ।

second edition of Advantage Assam
বিদেশী বিনিয়োগৰ ক্ষেত্রত অসমৰ স্থান ২৬ (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : 16 hours ago

গুৱাহাটী : অসম চৰকাৰে বিনিয়োগকাৰীক আকৰ্ষিত কৰাৰ বাবে বিভিন্ন আঁচনি ৰূপায়ণ কৰাৰ পাছতো অসমত বিনিয়োগ কৰিবলৈ আগ্ৰহ প্ৰকাশ নকৰে বিদেশী বিনিয়োগকাৰীয়ে । প্ৰত্যক্ষ বিদেশী বিনিয়োগৰ তালিকাত আজিৰ তাৰিখত দেশৰ ৰাজ্যবোৰৰ তালিকাত অসমৰ স্থান হৈছে একেবাৰে শেষৰ ফালে । ৰাজ্য চৰকাৰখনে দ্বিতীয়বাৰৰ বাবে অহা ফেব্ৰুৱাৰীত এডভান্টেজ আছামৰ দ্বিতীয় সংস্কৰণ অনুষ্ঠিত কৰাৰ বাবে প্ৰস্তুতি চলোৱাৰ সময়তে সংসদত উন্মোচিত হৈছে অসমত বিদেশী বিনিয়োগৰ প্ৰকৃত স্বৰূপটো ।

অসমত বিদেশী বিনিয়োগৰ পৰিমাণ :

শেহতীয়াকৈ লোকসভাত কেন্দ্ৰীয় বিত্ত দপ্তৰৰ ৰাজ্যমন্ত্ৰী পংকজ চৌধুৰীয়ে প্ৰকাশ কৰা তথ্য মতে, ২০১৯ চনৰ অক্টোবৰৰ পৰা চলিত বৰ্ষৰ ছেপ্টেম্বৰলৈকে অসমত প্রত্যক্ষ বিদেশী বিনিয়োগ (এফ ডি আই) হৈছে মাত্র ২২.৬৮ নিযুত মার্কিন ডলাৰ । অৰ্থাৎ প্ৰায় ১৯২কোটি টকা । অসমত বিনিয়োগৰ এই ছবিখনৰ বিপৰীতে এই সময়ছোৱাতে আকৌ মহাৰাষ্ট্ৰ, কৰ্ণাটক, গুজৰাট, দিল্লী, তামিলনাডুৰ দৰে ৰাজ্যত হাজাৰ হাজাৰ কোটি টকাৰ প্ৰত্যক্ষ বিদেশী বিনিয়োগ হৈছে ।

তথ্য মতে, বিদেশী বিনিয়োগৰ তালিকাৰ প্ৰথম স্থানত থকা মহাৰাষ্ট্ৰত উক্ত সময়ছোৱাত ৮২,৬৩৮.০৮ নিযুত মার্কিন ডলাৰ, কৰ্ণাটকত ৫৪,৫৭৩.৭৩ নিযুত ডলাৰ, গুজৰাটত ৪৩,১৪৯.৯৫ নিযুত ডলাৰ, দিল্লীত ৩৪,৯২০.৪৮ নিযুত ডলাৰ, তামিলনাডুত ১২,৫৬০.৫২ নিযুত ডলাৰ, হাৰিয়ানাত ১১,০৪২.৯২ নিযুত ডলাৰ, তেলেংগানাত ৯৩১৪ নিযুত ডলাৰ, ঝাৰখণ্ডত ২৬৬৭.১০ নিযুত ডলাৰ, ৰাজস্থানত ২৪৯২.৩৩ নিযুত ডলাৰ, পশ্চিম বংগত ১৭২৩ নিযুত ডলাৰ, উত্তৰ প্ৰদেশত ১৭০০.৬৩ নিযুত ডলাৰ আৰু কেৰালাত ১২৮৮.৯৩ নিযুত মার্কিন ডলাৰ প্ৰত্যক্ষ বিদেশী বিনিয়োগ হৈছে ।

উল্লেখ্য যে ৩৩ খন ৰাজ্যৰ এই তালিকাত অসমৰ স্থান হৈছে ২৬ সংখ্যক । আনহাতে, এই সময়ছোৱাত সমগ্ৰ দেশত প্ৰত্যক্ষ বিনিয়োগৰ পৰিমাণ হৈছে ২৬২,৫৩৭.৯০ নিযুত মার্কিন ডলাৰ । লক্ষণীয় বিষয় যে অসমৰ দৰেই অৱস্থা উত্তৰ পূবৰ আন ৰাজ্য কেইখনৰো । এই সময়ছোৱাত মণিপুৰত মাত্র ০.০০০৬ নিযুত মার্কিন ডলাৰ, নগালেণ্ডত ০.০৬ নিযুত ডলাৰ, মেঘালয়ত ১.১৭ নিযুত ডলাৰ, ত্ৰিপুৰাত ১.২৩ নিযুত ডলাৰ, অৰুণাচল প্ৰদেশত ৭.০৩ নিযুত মার্কিন ডলাৰ বিনিয়োগ হৈছে । ইফালে, ওড়িশাত ১৭২.৩২ নিযুত মার্কিন ডলাৰ, বিহাৰত ২১৫.৫৭ নিযুত ডলাৰ, হিমাচল প্ৰদেশত ২৯৮.৩১ নিযুত ডলাৰ, মধ্য প্ৰদেশত ৫৯৪.২৯ নিযুত ডলাৰ, অন্ধ্ৰ প্ৰদেশত ১০৮৫.৫৯ নিযুত ডলাৰ,পঞ্জাৱত ১১৯৭.৯৩ নিযুত মার্কিন ডলাৰ বিনিয়োগ হৈছে ।

সংসদৰ এই তথ্যৰ পৰাই বিদেশী বিনিয়োগকাৰীসকলে অসমত যে বিনিয়োগ কৰিব নিবিচাৰে সেই কথা স্পষ্ট হৈ পৰিছে । অসম চৰকাৰে বিভিন্ন উদ্যোগ গ্ৰহণ কৰিছে যদিও বিদেশী বিনিয়োগকাৰীসকলক ৰাজ্যখনত বিনিয়োগ কৰাৰ বাবে আগ্ৰহী কৰি তুলিব পৰা নাই ।

সোণোৱালৰ দিনৰ এডভান্টেজ আছাম :

লক্ষণীয় বিষয় যে ২০১৯ চনৰ চাৰি আৰু পাঁচ ফেব্ৰুৱাৰীত সেই সময়ৰ মুখ্যমন্ত্রী সর্বানন্দ সোণোৱালে অত্যন্ত জাকজমকতাৰে বিনিয়োগকাৰীক আকৰ্ষণ কৰাৰ বাবে এডভান্টেজ আছাম অর্থাৎ বিশ্ব বিনিয়োগ সন্মিলন শীর্ষক এক অনুষ্ঠানৰ আয়োজন কৰিছিল । বিয়াগোম অনুষ্ঠানটোত জাপান, বাংলাদেশ, ভূটানকে ধৰি দক্ষিণ-পূব এছিয়াৰ কেইবাখনো দেশৰ প্ৰতিনিধিয়ে অংশগ্রহণ কৰিছিল । খোদ প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এই সন্মিলনখন উদ্বোধন কৰি সন্মিলনৰ পাছত অসম তথা উত্তৰ পূৰ্বাঞ্চলত নতুন দিগন্তৰ সুচনা হ'ব বুলি আশা ব্যক্ত কৰিছিল । কিন্তু আশা কৰা ধৰণেৰে অসমত ধন বিনিয়োগ কৰাৰ বাবে বিনিয়োগকাৰীসকল আগবাঢ়ি নাহিল । যাৰ বাবে আজিও প্রত্যক্ষ বিনিয়োগৰ সেই পৰিৱেশ গঢ় লৈ নুঠিল ।

এডভান্টেজ আছামৰ দ্বিতীয় সংস্কৰণ ফেব্ৰুৱাৰীত :

প্ৰথমবাৰৰ ব্যৰ্থতাৰ পাছত বৰ্তমানৰ মুখ্যমন্ত্রী ড৹ হিমন্ত বিশ্ব শৰ্মাই ৰাজ্যখনত দ্বিতীয়বাৰৰ বাবে এডভান্টেজ আছামৰ দ্বিতীয় সংস্কৰণ অনুষ্ঠিত কৰাৰ বাবে প্ৰস্তুতি চলাইছে । এইবাৰো প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এই সন্মিলন উদ্বোধন কৰিব । এনে পৰিস্থিতিত দ্বিতীয়বাৰৰ বাবে আয়োজন কৰা এডভাণ্টেজ আছামৰ পাছত ৰাজ্যখনত বিনিয়োগৰ পৰিমাণ কিমান বৃদ্ধি পায় সেয়াহে সময়েহে ক'ব ।

লগতে পঢ়ক:অসমৰ চাহ উদ্যোগৰ সংকটৰ কাৰণ কি ? - ASSAM TEA INDUSTRY CRISIS

সততাৰ দোকান: বিশ্বাসৰ বজাৰত গ্ৰাহকে বাকচ-অনলাইনত আদায় দিয়ে মূল্য় - SHOP WITHOUT SHOPKEEPER

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.