নলবাৰী, 29 এপ্ৰিল:ইতিমধ্যে ৰাজ্যত সমাপ্ত পৰিছে প্ৰথম আৰু দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনী প্ৰচাৰ অভিযান ৷তৃতীয় পৰ্যায়ত ৰাজ্যত হ’বলগীয়ানিৰ্বাচনৰ বাবে প্ৰতিটো ৰাজনৈতিক দলে তীব্ৰতৰ কৰি তুলিছে নিৰ্বাচনী তৎপৰতা ৷ পিছ পৰি ৰোৱা নাই শাসকীয় বিজেপি দল ৷ দেওবাৰে দিনযোৰা কাৰ্যসূচীৰে বৰপেটা লোকসভা সমষ্টিৰ মিত্ৰজোঁটৰ প্ৰাৰ্থী ফণীভূষণ চৌধুৰীৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলায় দলটোৰ দুগৰাকীকৈ প্ৰভাৱশালী মন্ত্ৰীয়ে ।
মন্ত্ৰী জয়ন্তমল্ল বৰুৱা আৰু অতুল বৰাই তৃতীয় পৰ্যায়ত নিৰ্বাচন অনুষ্ঠিত হ’বলগীয়া বৰপেটা লোকসভা সমষ্টিত দেওবাৰৰ দিনটোত নিৰ্বাচনী প্ৰচাৰ চলায় ৷ নলবাৰী সমষ্টিৰ চাৰিওটা মণ্ডলতেই নিৰ্বাচনী প্ৰচাৰ অনুষ্ঠান চলায় মন্ত্ৰী দুগৰাকীয়ে । বৰপেটা লোকসভা সমষ্টিৰ বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থী ফণীভূষণ চৌধুৰীৰ হৈ নলবাৰী সমষ্টিৰ বাঁহজানী মণ্ডল, উত্তৰ মণ্ডল, ঘগ্ৰাপাৰ মণ্ডল আৰু সন্ধিয়া টাউন মণ্ডলত অগপ সভাপতি অতুল বৰাসহ মন্ত্ৰী জয়ন্তমল্ল বৰুৱাই চলায় মাৰাথন নিৰ্বাচনী প্ৰচাৰ ।
নলবাৰী সমষ্টিৰ পৰা প্ৰাৰ্থীগৰাকীয়ে এক লাখ ত্ৰিশ হাজাৰ ভোট লাভ কৰিব বুলি সংবাদ মাধ্যমৰ আগত দাবী কৰে মন্ত্ৰীগৰাকীয়ে ৷ আনহাতে মন্ত্ৰী জয়ন্তমল্ল বৰুৱাই সংবাদ মাধ্যমৰ আগত সনাতনী সংস্কৃতিত বিশ্বাসী কোনো লোকে কংগ্ৰেছ দলত নাথাকে বুলি বিৰোধীক সংবাদ মাধ্যমৰ আগত কটাক্ষ কৰে ।