বঙাইগাঁও, 2 মে’:বৰপেটা লোকসভা সমষ্টিৰ প্ৰাৰ্থী মনোৰঞ্জন তালুকদাৰৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলাবলৈ বৃহস্পতিবাৰে অসমত উপস্থিত হ’ল ত্ৰিপুৰাৰ প্ৰাক্তন মুখ্যমন্ত্ৰী মাণিক সৰকাৰ ৷ বঙাইগাঁও চহৰৰ হোটেল নীৰত ত্ৰিপুৰাৰ প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীয়ে সংবাদমেল সম্বোধন কৰি লোকসভা নিৰ্বাচনত CPIM দলৰ স্থিতিৰ সন্দৰ্ভত নিজৰ মত প্ৰকাশ কৰে ৷
বৰপেটা লোকসভা সমষ্টিৰ CPIM দলৰ প্ৰাৰ্থী তথা সৰভোগ সমষ্টিৰ বিধায়ক মনোৰঞ্জন তালুকদাৰৰ হৈ প্ৰচাৰ চলোৱাৰ বাবে বঙাইগাঁও চহৰত উপস্থিত হয় প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকী । সংবাদমেল সম্বোধন কৰি মাণিক সৰকাৰে কয়, ‘‘ইণ্ডি এলায়েন্সৰ মূল লক্ষ্য হৈছে বিজেপি দলক পৰাস্ত কৰা । আমাৰ কেৱল এটাই লক্ষ্য যে আমি বিজেপিক পৰাস্ত কৰিব লাগিব । লোকসভা নিৰ্বাচনত যি দলেই প্ৰাৰ্থী প্ৰক্ষেপ নকৰক কিয় ইণ্ডি এলায়েন্স জয়ী হ’লেই আমি জয়ী হ’ম ।’’
ত্ৰিপুৰাৰ প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে ৩ টা পৰ্যায়ৰ নিৰ্বাচনৰ পিচত বিজেপি দলৰ নেতাসকলে বুজিব পৰিছে যে ৰাইজ এইবাৰ তেওঁলোকৰ পক্ষত নাই ৷ সেইবাবে তেওঁলোকে এতিয়া নিজৰ কথা সলনি কৰি আছে বুলি কয় মাণিক সৰকাৰে ।