অসম

assam

ETV Bharat / politics

চামগুৰি সমষ্টিৰ ৰাজনৈতিক ইতিহাস আৰু ২০২৪ ৰ উপ-নিৰ্বাচন

উপ-নিৰ্বাচনত চামগুৰি সমষ্টিত সংঘটিত হোৱা হিংসাত্মক ঘটনা, ৰাজনৈতিক ইতিহাস জানিবলৈ পঢ়ক ই টিভি ভাৰতৰ জ্যেষ্ঠ সাংবাদিক ৰকিবুল ওৱাহিদৰ এই বিশেষ প্ৰতিবেদন ।

Know all about Samaguri Bye Election 2024
চামগুৰি সমষ্টিৰ ৰাজনৈতিক ইতিহাস আৰু ২০২৪ ৰ উপ-নিৰ্বাচন (ETV Bharat Assam)

By ETV Bharat Assamese Team

Published : Nov 12, 2024, 4:46 PM IST

নগাঁও:কেবাটাও হিংসাত্মক ঘটনা আৰু প্ৰায়েই সৃষ্টি হোৱা উত্তপ্ত পৰিস্থিতিৰ পাছত চামগুৰি সমষ্টিৰ উপ-নিৰ্বাচন অনুষ্ঠিত কৰিবলৈ সাজু হৈছে নিৰ্বাচন আয়োগ তথা জিলা প্ৰশাসন । সমষ্টিটোৰ প্ৰাক্তন বিধায়ক ৰকিবুল হুছেইনে ২০২৪ চনৰ লোকসভা নিৰ্বাচনত ধুবুৰী লোকসভা সমষ্টিৰ পৰা সাংসদ হিচাপে নিৰ্বাচিত হোৱাত চামগুৰি সমষ্টিত উপ-নিৰ্বাচন অনুষ্ঠিত কৰিবলৈ আগবাঢ়িছে নিৰ্বাচন আয়োগ ।

২০২৪ চনৰ অৰ্থাৎ অনুষ্ঠিত হ'বলগীয়া এইবাৰৰ উপ-নিৰ্বাচনত চামগুৰি সমষ্টিৰ পৰা মুঠ ১১ গৰাকীকৈ প্ৰাৰ্থী অৱতীৰ্ণ হৈছে নিৰ্বাচনী যুঁজত । চামগুৰি সমষ্টিৰ উপ-নিৰ্বাচনত মুঠ ১১ গৰাকীকৈ প্ৰাৰ্থী অৱতীৰ্ণ হ'লেও বিজেপি প্ৰাৰ্থী দিপ্লু ৰঞ্জন শৰ্মা আৰু ৰকিবুল হুছেইনৰ পুত্ৰ তথা কংগ্ৰেছ প্ৰাৰ্থী তানজিল হুছেইনেই মূল প্ৰতিদ্বন্দ্বী হিচাপে চৰ্চিত হৈছে । সমষ্টি পুনৰনিৰ্দ্ধাৰণ হ'লেও পূৰ্বৰ ৮৮ নং চামগুৰি সমষ্টিতেই অনুষ্ঠিত হ'ব উপ-নিৰ্বাচন । প্ৰথমেই জানি লওঁ আহক উপ-নিৰ্বাচন অনুষ্ঠিত হ'বলগীয়া চামগুৰি সমষ্টিৰ কিছু বিতং তথ্য ।

ভোটাৰৰ বিতং তথ্য:

উপ-নিৰ্বাচন অনুষ্ঠিত হ'বলগীয়া ৮৮ নং চামগুৰি বিধানসভা সমষ্টিৰ মুঠ ভোটাৰৰ সংখ্যা ১৭৯,২৩১ । ইয়াৰে ৯০,৬৬০ গৰাকী পুৰুষ ভোটাৰৰ বিপৰীতে ৮৮,৫৬০ গৰাকী আছে মহিলা ভোটাৰ । সমষ্টিটোত তৃতীয় লিংগৰ ভোটাৰ আছে মুঠ ১১ গৰাকী । সমষ্টিটোত ৫৭ গৰাকী বিশেষভাৱে সক্ষম ভোটাৰ থকাৰ লগতে ৮৫ বছৰ উৰ্দ্ধৰ বয়সৰ মুঠ ১৭৫ গৰাকী ভোটাৰ আছে চামগুৰি সমষ্টিত ।

এক বিশেষ সূত্ৰৰ পৰা লাভ কৰা তথ্য অনুসৰি সমষ্টিটোৰ মুঠ ১৭৯,২৩১ গৰাকী ভোটাৰৰ ৬২ শতাংশ অৰ্থাৎ মুঠ ভোটাৰৰ এক লাখ ১১ হাজাৰ ধৰ্মীয় সংখ্যালঘু ভোটাৰৰ বিপৰীতে ৩৮ শতাংশ অৰ্থাৎ ৬৮ হাজাৰ আছে সংখ্যাগুৰু ভোট । সমষ্টিটোৰ চাহ জনজাতি ভোটাৰো আছে ৭ শতাংশ ।

মুঠ প্ৰাৰ্থী:

চামগুৰি বিধানসভা সমষ্টিৰ উপ নিৰ্বাচনৰ বাবে মুঠ ১৪ গৰাকীকৈ প্ৰাৰ্থীয়ে মনোনয়ন দাখিল কৰিছিল যদিও তিনিগৰাকী প্ৰাৰ্থীৰ মনোনয়ন বাতিল হোৱাত কাইলৈ অনুষ্ঠিত হ'বলগীয়া নিৰ্বাচনৰ বাবে ১১ গৰাকী প্ৰাৰ্থী অৱতীৰ্ণ হৈছে । সমষ্টিটোৰ পৰা প্ৰধান ৰাজনৈতিক দল বিজেপিৰ প্ৰাৰ্থী হিচাপে দিপ্লু ৰঞ্জন শৰ্মা আৰু কংগ্ৰেছ দলৰ পৰা সাংসদ ৰকিবুল হুছেইনৰ পুত্ৰ তানজিল হুছেইনে প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে ।

ইয়াৰ বিপৰীতে আম আদমী পাৰ্টীৰ পৰা নুৰুল আমিন চৌধুৰী, ছচিয়েল ইউনিটি টেন্টাৰ অৱ ইণ্ডিয়া( কমিউনিষ্ট) দলৰ পৰা বীৰেন বাসাক, ৰাষ্ট্ৰীয় উলেমা কাউঞ্চিল দলৰ পৰা ৰাব্বুল হব আৰু নিৰ্দলীয় প্ৰাৰ্থী হিচাপে আব্দুল মজিদ, জেহেৰুল ইছলাম, ফাতেমা খাতুন, মোচাব্বিৰ আলী, শশী তাঁতী অৱতীৰ্ণ হৈছে ।

উপ-নিৰ্বাচনত সংঘটিত হোৱা হিংসাত্মক ঘটনা:

চামগুৰি সমষ্টিৰ উপ-নিৰ্বাচনৰ দিন ঘোষণা হোৱা দিনৰ পৰাই সমষ্টিটোত আৰম্ভ হয় নিৰ্বাচনকেন্দ্ৰিক হিংসাত্মক ঘটনা । মাৰপিট, আক্ৰমণ, প্ৰত্যাক্ৰমনেই নহয় গুলীচালনাৰ দৰে ঘটনাও সংঘটিত হৈছে চামগুৰি সমষ্টিৰ উপ-নিৰ্বাচনত । ১৫ অক্টোবৰত উপ-নিৰ্বাচনৰ দিন ঘোষণা হোৱাৰ দিনাই চামগুৰি সমষ্টিৰ শিঙিমাৰীত সংঘটিত হৈছিল প্ৰথমটো হিংসাত্মক ঘটনা । কংগ্ৰেছ, বিজেপিৰ অভিযোগ প্ৰতি অভিযোগৰ মাজতে কংগ্ৰেছী বিধায়কৰ বাহনতো আক্ৰমণ সংঘটিত হোৱাৰ অভিযোগ উত্থাপন কৰিছিল কংগ্ৰেছে ।

ঘটনা সন্দৰ্ভত ৰূপহীহাট আৰক্ষী থানাত ৰুজু হৈছিল প্ৰথমটো গোচৰ । শেহতীয়াকৈ সমষ্টিটোৰ মৰিপুঠিখাইতিত সংঘটিত গুলীচালনাৰ ঘটনা, সাংবাদিক আক্ৰমণৰ ঘটনাক লৈ সকলো পক্ষৰ এজাহাৰৰ ভিত্তিত চামগুৰি, ৰূপহীহাট আদি থানাত প্ৰায় চল্লিশটাকৈ গোচৰ ৰুজু হৈছে । ইয়াৰ মাজতে ২৪ অক্টোবৰত বিজেপিৰ এক ৰেলীত অংশগ্ৰহণ কৰা চামগুৰিৰ বাজিয়াগাঁৱৰ বিপুল শইকীয়া নামৰ এগৰাকী বিজেপি কৰ্মীয়ে প্ৰাণ হেৰুওৱাবলগীয়া হয় । নিৰ্বাচনী প্ৰচাৰৰ মাজতে প্ৰায় প্ৰতিদিনেই কংগ্ৰেছ বিজেপি কৰ্মী সমৰ্থকৰ মাজত জিন্দাবাদ, মুৰ্দাবাদ ধ্বনিৰে উত্তাল হৈ থাকিল চামগুৰিৰ ৰাজনৈতিক পৰিৱেশ ।

লগতে পঢ়ক:প্ৰকৃততে কোনে চলাইছিল গুলী ?

আৰক্ষীৰ ভূমিকা:

চামগুৰি সমষ্টিৰ উপ নিৰ্বাচনক কেন্দ্ৰ কৰি বিশেষকৈ কংগ্ৰেছ আৰু বিজেপি কৰ্মী সমৰ্থকৰ মাজত সংঘটিত হোৱা আক্ৰমণৰ ঘটনাৰ লগতে সাংবাদিক আক্ৰমণৰ ঘটনা সন্দৰ্ভত নগাঁও আৰক্ষীয়ে প্ৰায় চল্লিশটাকৈ গোচৰ ৰুজু কৰি অনুসন্ধান অব্যাহত ৰখাৰ লগতে ব্যৱস্থা গ্ৰহণ কৰিছে । এই প্ৰতিবেদন প্ৰস্তুত কৰা পৰ্যন্ত দুয়োটা ৰাজনৈতিক দলৰেই বহুকাইগৰাকী নেতা, কৰ্মীক আটক কৰি ব্যৱস্থা গ্ৰহণ কৰিছে বুলি ই টিভি ভাৰতক জানিবলৈ দিয়ে নগাঁৱৰ আৰক্ষী অধীক্ষক স্বপ্ননীল ডেকাই । নিৰ্বাচনী হিংসাত জড়িত কেইবাজনৰো বিৰুদ্ধে চাৰ্জশ্বিট দাখিল কৰা বুলিও জানিবলৈ দিয়ে নগাঁৱৰ আৰক্ষী অধীক্ষকগৰাকীয়ে ।

উচ্চপদস্থ আৰক্ষী বিষয়াৰ বিৰুদ্ধে ব্যৱস্থা:

চামগুৰি সমষ্টিৰ উপ-নিৰ্বাচনত প্ৰায় প্ৰতিদিনেই হিংসাত্মক ঘটনা সংঘটিত হোৱাৰ পৰিপ্ৰেক্ষিতত নিৰ্বাচন আয়োগৰ নিৰ্দেশত নগাঁৱৰ দুগৰাকীকৈ আৰক্ষী বিষয়াৰ বিৰুদ্ধে বিভাগীয়ভাৱে ব্যৱস্থা গ্ৰহণ কৰা বিষয়েও জানিব পৰা গৈছে । নিৰ্বাচন আয়োগৰ নিৰ্দেশত নগাঁৱৰ অপৰাধ শাখাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক পাৰ্থপ্ৰতীম শইকীয়া আৰু কলিয়াবৰ মহকুমা আৰক্ষী বিষয়া ৰূপজ্যোতি দত্তক নগাঁৱৰ পৰা তৎকালীনভাৱে বদলি কৰা হয় ।

ৰকিবুল হুছেইনৰ পৰিয়াল আৰু চামগুৰিৰ ৰাজনৈতিক ইতিহাস:

চামগুৰি বিধানসভা সমষ্টিৰ পৰা মাত্ৰ তিনিটা নিৰ্বাচনত কংগ্ৰেছৰ বাদে আন ৰাজনৈতিক দলে দখল কৰিবলৈ সক্ষম হৈছিল । প্ৰাপ্ত তথ্য মতে, ১৯৭৮ চনৰ বিধানসভা নিৰ্বাচনত বৰ্তমানৰ চামগুৰিৰ কংগ্ৰেছ প্ৰাৰ্থী তানজিল হুছেইনৰ ককাক তথা সাংসদ ৰকিবুল হুছেইনৰ পিতৃ নুৰুল হুছেইন প্ৰথমবাৰৰ বাবে কংগ্ৰেছ সমাজবাদী দলৰ পৰা অৱতীৰ্ণ হৈ জনতা পাৰ্টীৰ প্ৰাৰ্থী ভৱেন্দ্ৰ কুমাৰ শইকীয়াৰ হাতত পৰাজিত হৈছিল ।

১৯৭৮ চনৰ নিৰ্বাচনত জনতা পাৰ্টীৰ প্ৰাৰ্থী ভৱেন্দ্ৰ কুমাৰ শইকীয়াই ১৪,০২৪ টা ভোট লাভ কৰাৰ বিপৰীতে কংগ্ৰেছ সমাজবাদী পাৰ্টীৰ প্ৰাৰ্থী নুৰুল হুছেইনে লাভ কৰিছিল মাত্ৰ ৪,০২৪ টা ভোট । ইয়াৰ বিপৰীতে কংগ্ৰেছ(ই) দলৰ প্ৰাৰ্থী বিষ্ণুপ্ৰসাদে লাভ কৰিছিল ২,৩১৮ টা ভোট । পৰৱৰ্তী সময়ত ১৯৮৩ চনৰ নিৰ্বাচনত কংগ্ৰেছ দলৰ প্ৰাৰ্থী দেৱেন বৰাক পৰাস্ত কৰি কংগ্ৰেছ সমাজবাদী দলৰ পৰা প্ৰথমবাৰৰ বাবে বিধায়ক হিচাপে নিৰ্বাচিত হৈছিল ৰকিবুল হুছেইনৰ পিতৃ নুৰুল হুছেইন ।

লগতে পঢ়ক:সংখ্যালঘু ভোটাৰক আকৰ্ষণ কৰিবলৈ অৱশেষত পুত্ৰৰ নিৰ্বাচনী প্ৰচাৰত নামিল মাতৃ

১৯৮৩ চনৰ নিৰ্বাচনত কংগ্ৰেছ সমাজবাদী দলৰ প্ৰাৰ্থী হিচাপে নুৰুল হুছেইনে ১৫,৩৭৪ টা ভোট লাভ কৰাৰ বিপৰীতে কংগ্ৰেছ দলৰ প্ৰাৰ্থী দেৱেন বৰাই লাভ কৰিছিল ১০,৮২৪ টা ভোট । প্ৰথমবাৰৰ বাবে কংগ্ৰেছ সমাজবাদী দলৰ পৰা বিধায়ক হিচাপে নিৰ্বাচিত হোৱাৰ পাছত কংগ্ৰেছ দলত যোগদান কৰা প্ৰয়াত নুৰুল হুছেইনে ১৯৮৫ চনত অনুষ্ঠিত হোৱা নিৰ্বাচনত কংগ্ৰেছ দলৰ পৰাই প্ৰতিদ্বন্দ্বিতা কৰি সেই সময়ৰ ইউ এম এফ দলৰ প্ৰাৰ্থী আবুল হুছেইন সৰকাৰৰ হাতত পুনৰবাৰ পৰাজয়বৰণ কৰে ।

১৯৮৫ চনৰ নিৰ্বাচনত ইউ এম এফ দলৰ আবুল সৰকাৰে ২২,৬৩১ টা ভোট লাভ কৰাৰ বিপৰীতে কংগ্ৰেছ দলৰ পৰা নুৰুল হুছেইনে লাভ কৰিছিল মাত্ৰ ৫,৬২১ টা ভোট । পৰৱৰ্তী ১৯৯১ চনৰ নিৰ্বাচনত গণতান্ত্ৰিক গণমৰ্চা দলৰ প্ৰাৰ্থী আব্দুল আজিজ আৰু অগপ প্ৰাৰ্থী অতুল শৰ্মাক পৰাজিত কৰি পুনৰ বিধায়ক হিচাপে নিৰ্বাচিত হয় নুৰুল হুছেইন । ১৯৯১ চনত কংগ্ৰেছ দলৰ প্ৰাৰ্থী নুৰুল হুছেইনে ১৮,৮২৫ টা ভোট লাভ কৰাৰ বিপৰীতে আব্দুল আজিজে ১৬,৭৭৭ টা আৰু অগপ প্ৰাৰ্থী অতুল শৰ্মাই ১৩,০৩৪ টা ভোট লাভ কৰিছিল ।

অৱশ্যে পৰৱৰ্তী ১৯৯৬ চনৰ নিৰ্বাচনত অগপ প্ৰাৰ্থী অতুল শৰ্মৰ হাতত আকৌ এবাৰ পৰাজয় বৰণ কৰে নুৰুল হুছেইনে । ১৯৯৬ চনৰ নিৰ্বাচনত অগপ প্ৰাৰ্থী অতুল কুমাৰ শৰ্মাই ২০,৭৭০ টা ভোট লাভ কৰাৰ বিপৰীতে কংগ্ৰেছ দলৰ প্ৰাৰ্থী নুৰুল হুছেইনে ১৪,৬৫০ টা ভোট লাভ কৰিছিল । কিন্তু ২০০১ চনৰ নিৰ্বাচনত কংগ্ৰেছ দলৰ পৰা প্ৰাৰ্থিত্ব লাভ কৰি প্ৰথমবাৰৰ বাবে বিধানসভালৈ নিৰ্বাচিত হৈছিল নুৰুল হুছেইনৰ পুত্ৰ ৰকিবুল হুছেইন ।

২০০১ চনৰ নিৰ্বাচনত কংগ্ৰেছ দলৰ প্ৰাৰ্থী হিচাপে ৰকিুবুল হুছেইনে ৩৮,০২২ টা ভোট লাভ কৰাৰ বিপৰীতে অগপ প্ৰাৰ্থী অতুল শৰ্মাই ৩৪,৬৩৬ টা ভোট লাভ কৰিবলৈ সক্ষম হৈছিল । প্ৰথমবাৰৰ বাবে বিধায়ক হিচাপে নিৰ্বাচিত ৰৈয়েই ৰকিবুল হুছেইনে তৰুণ গগৈ মন্ত্ৰীসভাতো স্থান লাভ কৰিবলৈ সক্ষম হৈছিল । একেদৰে ২০০৬ চনৰ নিৰ্বাচনতো কংগ্ৰেছ দলৰ প্ৰাৰ্থিত্ব লাভ কৰি ৰকিবুল হুছেইনে অগপ প্ৰাৰ্থী অতুল শৰ্মাক দ্বিতীয়বাৰৰ বাবে পৰাজিত কৰি বিধায়ক হিচাপে নিৰ্বাচিত হ'বলৈ সক্ষম হৈছিল ।

লগতে পঢ়ক:চামগুৰিত খণ্ডযুদ্ধ চলিয়েই আছে, কংগ্ৰেছ-বিজেপিৰ সাত সমৰ্থক আহত

২০০৬ চনৰ নিৰ্বাচনত ৰকিবুল হুছেইনে ৫১,৬০৭ টা ভোট লাভ কৰাৰ বিপৰীতে অতুল শৰ্মাই লাভ কৰিছিল ৩৬,৪৭৫ টা ভোট । ২০১১ চনৰ নিৰ্বাচনতো ৰকিবুল হুছেইনে প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্তৰ বিৰুদ্ধে নিৰ্বাচনত অৱতীৰ্ণ হৈ জয়লাভ কৰিবলৈ সক্ষম হৈছিল । ২০১১ চনৰ নিৰ্বাচনত প্ৰফুল্ল কুমাৰ মহন্তৰ বিৰুদ্ধে অৱতীৰ্ণ হৈ ৰকিবুল হুছেইনে ৬১,৩৩২ টা ভোট লাভ কৰাৰ বিপৰীতে অগপ দলৰ পৰা প্ৰফুল্ল কুমাৰ মহন্তই লাভ কৰিছিল ৪১, ৪৭২ টা ভোট ।

একেদৰে ২০১৬ চনৰ নিৰ্বাচনত বিজেপি প্ৰাৰ্থী জিতু গোস্বামীৰ বিৰুদ্ধেও অৱতীৰ্ণ হৈ কংগ্ৰেছৰ ৰকিবুল হুছেইনেই জয়লাভ কৰিছিল । ২০১৬ চনত ৰকিবুল হুছেইনে ৬৬,৩৬৪ টা ভোট লাভ কৰাৰ বিপৰীতে বিজেপিৰ জিতু গোস্বামীয়ে লাভ কৰিছিল ৫১,৮৪৯ টা ভোট । পৰৱৰ্তী ২০২১ চনৰ নিৰ্বাচনতো বিজেপিৰ বিৰুদ্ধে জয়লাভ কৰি বিধায়ক হিচাপে নিৰ্বাচিত হৈছিল ৰকিবুল হুছেইন । ২০২১ চনত বিজেপিৰ প্ৰাৰ্থী অনিল শইকীয়াৰ বিৰুদ্ধে ৰকিবুল হুছেইনে ৮১,১২৩ টা ভোট লাভ কৰাৰ বিপৰীতে বিজেপিৰ অনিল শইকীয়াই লাভ কৰিছিল ৫৫,০২৫ টা ভোট ।

উপ-নিৰ্বাচনৰ বাবে প্ৰশাসনৰ প্ৰস্তুতি:

কাইলৈ অৰ্থাৎ ১৩ নৱেম্বৰত অনুষ্ঠিত হ'বলগীয়া উপ নিৰ্বাচনৰ বাবে মুঠ ১৯৭ টা ভোটকেন্দ্ৰ স্থাপন কৰা হৈছে । ইয়াৰে ৪৬ টা ভোটকেন্দ্ৰ স্পৰ্শকাতৰ ভোটকেন্দ্ৰ হিচাপে প্ৰশাসনে চিহ্নিত কৰা বুলি জানিব পৰা গৈছে । স্পৰ্শকাতৰ ভোটকেন্দ্ৰসমূহত ইতিমধ্যেই অধিক কটকটীয়া নিৰাপত্তা ব্যৱস্থা কৰাৰ লগতে আন ভোটকেন্দ্ৰসমূহতো পৰ্যাপ্ত নিৰাপত্তাৰ ব্যৱস্থা কৰিছে প্ৰশাসনে ।

ইপিনে, সমষ্টিটোৰ উপ-নিৰ্বাচনৰ বাবে প্ৰিজাইডিং, ১ম পোলিং বিষয়া, দ্বিতীয় পোলিং বিষয়া আৰু তৃতীয় পোলিং বিষয়া সৰ্বমুঠ -৮৬৮ জন, জ'নেল বিষয়া- ১২ জন আৰু ছেক্টৰ বিষয়া- ২৭, মাইক্ৰ অভজাভাৰ -৭২ জন বিষয়াক নিয়োগ কৰা হৈছে । সম্পূৰ্ণ মহিলাৰ দ্বাৰা আমবাগান উচ্চতৰ মাধ্যমিক বিদ্যালয়ত স্থাপন কৰা দুটা ভোটগ্ৰহণ কেন্দ্ৰ পৰিচালিত হ'ব আৰু পুৰুষৰ দ্বাৰা ১৯৫ টা ভোটগ্ৰহণ কেন্দ্ৰ পৰিচালিত হ'ব বুলি জিলা জনসংযোগ বিষয়াৰ পৰা লাভ কৰা তথ্যত প্ৰকাশ ।

ভোটগ্ৰহণ সামগ্ৰী বিতৰণ কৰা স্থানত মঙলবাৰে জিলা নিৰ্বাচনী বিষয়া তথা জিলা আয়ুক্ত নৰেন্দ্ৰ কুমাৰ শ্বাহ উপস্থিত থাকি ৰিফ্ৰেছমেণ্ট কোষ, স্বাস্থ্য পৰীক্ষা কোষ, প্ৰচাৰ কোষ, মেটেৰিয়েল কোষ আৰু আৰক্ষী প্ৰশাসন কোষ আদি পৰ্যবেক্ষণ কৰি নিয়োজিত বিষয়া কৰ্মচাৰীসকলক নিষ্ঠাসহকাৰে দ্বায়িত্ব পালন কৰিবলৈ আহ্বান জনোৱাৰ লগতে স্বচ্ছ, নিকা আৰু শান্তিপূৰ্ণভাৱে নিজৰ ভোটাধিকাৰ সাব্যস্ত কৰিবলৈ ৮৮নং চামগুৰি বিধানসভা সমষ্টিৰ সকলো ভোটদাতা ৰাইজক নগাঁও জিলা প্ৰশাসনে আন্তৰিকতাৰে আহ্বান জনাইছে ।

লগতে পঢ়ক:খেদাখেদি-মাৰপিট-গুলীয়াগুলীৰ মাজেৰে শেষ হ'ল উপ-নিৰ্বাচনৰ প্ৰচাৰ

চামগুৰি দখলৰ মূলমন্ত্ৰ কি দিপ্লু ৰঞ্জন শৰ্মাৰ ?

নিৰ্বাচন নহয় যেন কুৰুক্ষেত্ৰৰ ৰণহে ! অনশনত বহিল ৰকিবুল হুছেইনসহ কংগ্ৰেছী নেতা; বিজেপিৰো প্ৰতিবাদ

ABOUT THE AUTHOR

...view details