মৰাণ, 20 এপ্ৰিল :ডিব্ৰুগড় জিলাৰ টিংখাং সমষ্টিৰ 54 নং বনফুল হাইস্কুল ভোটকেন্দ্ৰত উত্তপ্ত পৰিস্থিতি ৷ পোলিং বিষয়াৰ বিৰুদ্ধে ইভিএম জালিয়াতিৰ অভিযোগ স্থানীয় লোকৰ ৷ ইভিএম নিয়াত বাধা প্ৰদান কৰে প্ৰতিবাদী ৰাইজে ৷
উল্লেখ্য যে, প্ৰথম পৰ্যায়ৰ লোকসভা নিৰ্বাচন ৰাজ্যৰ 5 টা সমষ্টিত শুকুৰবাৰে অনুষ্ঠিত হৈ যায় ৷ ইয়াৰ ভিতৰত অতি গুৰুত্বপূৰ্ণ সমষ্টি হিচাপে বিবেচিত হৈছে ডিব্ৰুগড় লোকসভা সমষ্টি ৷ ডিব্ৰুগড় নিৰ্বাচনী জিলাত মুঠ 1211 টা ভোটগ্ৰহণ কেন্দ্ৰত অনুষ্ঠিত হয় ভোটদান । ইয়াৰে 87 নং চাবুৱা-লাহোৱাল বিধানসভা সমষ্টিৰ মুঠ ভোটগ্ৰহণ কেন্দ্ৰ হ'ল 205 টা ।
88 নং ডিব্ৰুগড় বিধানসভা সমষ্টিৰ মুঠ ভোটগ্ৰহণ কেন্দ্ৰ 220 টা । 89 নং খোৱাং বিধানসভা সমষ্টিৰ মুঠ ভোটগ্ৰহণ কেন্দ্ৰ 188 টা । 90 নং দুলীয়াজান বিধানসভা সমষ্টিৰ মুঠ ভোটগ্ৰহণ কেন্দ্ৰ 201 টা । 91 নং টিংখাং বিধানসভা সমষ্টিৰ মুঠ ভোটগ্ৰহণ কেন্দ্ৰ 206 টা আৰু 92 নং নাহৰকটীয়া বিধানসভা সমষ্টিৰ মুঠ ভোটগ্ৰহণ কেন্দ্ৰ 191 টা ।
নিৰ্বাচন সুচাৰুৰূপে পৰিচালিত কৰিবলৈ নিৰাপত্তা ব্যৱস্থা কটকটীয়া কৰা হৈছিল এই ভোটকেন্দ্ৰবোৰত । ইয়াৰ মাজতেই টিংখাং সমষ্টিৰ 54 নং বনফুল হাইস্কুল ভোটকেন্দ্ৰত সৃষ্টি হয় উত্তপ্ত পৰিস্থিতিৰ ৷ পুলিং বিষয়াৰ বিৰুদ্ধে ইভিএম জালিয়াতিৰ অভিযোগত স্থানীয় শতাধিক ৰাইজে সাব্যস্ত কৰে প্ৰতিবাদ ৷ আনকি ইভিএম নিয়াতো বাধা প্ৰদান কৰে প্ৰতিবাদী ৰাইজে ৷