গোলাঘাট, 17 ফেব্ৰুৱাৰী: সোমবাৰে গোলাঘাট আদালতত অসম প্ৰদেশ কংগ্ৰেছৰ বিৰুদ্ধে গোচৰ তৰিব গোলাঘাট জিলা কংগ্ৰেছৰ অপসাৰিত সভাপতি দাদু টায়েই । তেওঁক অপসাৰণ কৰা নিৰ্দেশ অবৈধ আৰু অকৰ্তৃত্বশীল আখ্যা দিছে টায়েই ।
উল্লেখ্য যে ১৪ ফ্ৰেব্ৰুৱাৰীত সৰুপথাৰ সমষ্টিৰ ৰজা পুখুৰী শ্যাম গাঁৱত নিশা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক গলবস্ত্ৰ পিন্ধাইছিল দাদু টায়েই ৷ সেই ফটো সামাজিক মাধ্যমত প্ৰকাশ পোৱাৰ পিচত ১৬ ফেব্ৰুৱাৰীত প্ৰদেশ কংগ্ৰেছে গোলাঘাট জিলা কংগ্ৰেছ কমিটিৰ সভাপতি পদৰ পৰা অব্যাহতি দিয়ে দাদু টায়েক ৷ পদৰ পৰা অপসাৰণ কৰাৰ ৭২ ঘন্টাৰ ভিতৰত কাৰণ দৰ্শোৱাৰ জাননীও জাৰি কৰে দাদু টায়েৰ বিৰুদ্ধে ।
কাৰণ দৰ্শোৱাৰ জাননী লাভৰ পিচত এক সংবাদমেল সম্বোধন কৰি কংগ্ৰেছ সাংসদ গৌৰৱ গগৈ, প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰা আৰু দলৰ নেতৃত্বৰ বিৰুদ্ধে সৰৱ হৈ পৰে দাদু টায়ে ৷ শনিবাৰে গুৱাহাটীলৈ গৈ প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন কুমাৰ বৰাক লগ ধৰাৰ কথাও আছিল দাদু টায়েই । কিন্তু প্ৰদেশ কংগ্ৰেছত যোৱা কেইদিনত দেখা দিয়া পৰিস্থিতি সন্দৰ্ভত আলোচনাৰ বাবে ভূপেন বৰাক দলৰ শীৰ্ষ নেতৃত্বই তলব কৰাত আজি তেখেত নতুন দিল্লীলৈ যায় ৷ সমান্তৰালকৈ প্ৰদেশ কংগ্ৰেছৰ ফালৰ পৰা টায়েলৈ প্ৰেৰণ কৰা হয় দলৰ পৰা বহিস্কাৰৰ পত্ৰ ।