ETV Bharat / health

ভাত শৰীৰৰ বাবে কিমান প্ৰয়োজনীয় ? বিশেষজ্ঞৰ পৰাই জানি লওক - RICE BENEFITS

ওজন হ্ৰাসৰ বাবে খাদ্য খোৱা বন্ধ কৰাটো কিমান উচিত ? ভাত কিমানখিনি আমাৰ শৰীৰৰ বাবে প্ৰয়োজন ? এই সন্দৰ্ভত জনালে ডায়েটিচিয়ান নিবেদিতা নাৱৰেম-

Doctor advice
ভাত শৰীৰৰ বাবে কিমান প্ৰয়োজনীয় ? বিশেষজ্ঞৰ পৰাই জানি লওক (ETV Bharat)
author img

By ETV Bharat Health Team

Published : 4 hours ago

বৰ্তমান সময়ত বিশেষকৈ নৱ প্ৰজন্মৰ লৰা-ছোৱালীসকলে ওজন হ্ৰাসৰ ক্ষেত্ৰত বহুত গুৰুত্ব প্ৰদান কৰা পৰিলক্ষিত হয় ৷ ওজন বা চৰ্বিৰ বাবে বহু সময়ত নিজে নিজে বহুত পদক্ষেপ গ্ৰহণ কৰা পৰিলক্ষিত হয় ৷ বিশেষকৈ আজি কালি বহুলোকে ওজন হ্ৰাস বা চৰ্বি কমাবলৈ intermittent fasting কৰা দেখা যায় ৷ সমান্তৰালভাৱে বহু খাদ্য খাবলৈও নিজে নিজে বন্ধ কৰি দিয়ে ৷ উদাহৰণস্বৰূপে চেনি, আলু আদি খাবলৈ বন্ধ কৰি দিয়ে ৷ বহুতে আকৌ ভাত খাবলৈও বন্ধ কৰি দিয়া পৰিলক্ষিত হয় ৷ কিন্তু এয়া আচলতে উচিত নহয় ৷ ডায়েটিচিয়নাৰ মতে আমাৰ শৰীৰৰ উচ্চতা, ওজন অনুসৰি BMI Index থাকে ৷ এইটো আমাৰ শৰীৰৰ ওজন আমাৰ উচ্চতা অনুসৰি নিৰূপণ কৰে ৷ ভাৰতীয় হিচাপত BMIৰ সাধাৰণ মাত্ৰাটো ১৮.৫ ৰ পৰা ২৪.৯ লৈ থাকে ৷

ডায়েটিচিয়ান নিবেদিতা নাৱৰেম (ETV Bharat)

যদিহে BMIৰ হিচাপত ওজন আৰু উচ্চতা ঠিকেই থাকে তেন্তে balance diet গ্ৰহণ কৰিব পাৰে ৷ নিজে নিজে বন্ধ কৰিব নালাগে ৷ বিশেষকৈ মহিলা সকলৰ যেতিয়া মাহেকীয়া হয় সেই সময়ছোৱাত পুষ্টিকৰ খাদ্যৰ প্ৰয়োজন হয় ৷ চেনী বা শাক আদি যদি নিজে নিজে খাবলৈ বন্ধ কৰি দিয়ে তেন্তে তাৰ পৰা আহৰণ কৰা পুষ্টি শৰীৰে নাপাব ৷ সেয়ে balance diet এটা প্ৰয়োজন ৷

"ভাত" কিমান খিনি আমাৰ শৰীৰৰ বাবে প্ৰয়োজন ?

ভাতত কাৰ্বহাইড্ৰেট থাকে বাবে বহুতে ভাত খোৱাটো নিজে নিজে বন্ধ কৰি দিয়ে ৷ ভাতৰ সলনি ৰুটি বা অন্য কিবা খোৱা দেখা যায় ৷ কিন্তু এয়া উচিত নহয় ৷ ভাতৰ পৰা হোৱা পুষ্টি শৰীৰৰ বাবে প্ৰয়োজন ৷ কিন্তু ভাত খালেও কিমান পৰিমাণ খাইছে সেইটো গুৰুত্বপূৰ্ণ ৷ ভাত সদায় কম পৰিমাণত ল'ব লাগে তাৰ সলনি অন্য যি সমূহৰ খাদ্য যেনে-দাইল, তৰকাৰী আদি আমি বেছিকৈ খাব লাগে ৷ কিন্তু উত্তৰ পূৰ্বাঞ্চলৰ ক্ষেত্ৰত এয়া সম্পূৰ্ণ বিপৰীত দেখা যায় ৷ ভাতৰ পৰিমাণ কমাই যদি অন্য খাদ্যৰ পৰিমাণ বঢ়াই দিওঁ তেন্তে আমাৰ শৰীৰৰ BMI উচ্চতা আৰু ওজন হিচাপত ঠিকেই থাকে ৷

কেনেবোৰ খাদ্য আমাৰ বাবে প্ৰয়োজন ?

১) প্ৰ’টিন যুক্ত খাদ্য আমাৰ শৰীৰৰ বাবে খুবেই প্ৰয়োজন ৷ কণী, মাছ-মাংস আদি খোৱটো প্ৰয়োজন ৷

২) গাখীৰ বা গাখীৰৰ পৰা উৎপাদিত খাদ্য শৰীৰৰ বাবে প্ৰয়োজন ৷ ইয়াত কেলচিয়াম, ভিটামিন , আইৰন প্ৰচুৰ পৰিমাণে থাকে ৷

৩) শাক-পাচলি শৰীৰৰ বাবে খুবেই প্ৰয়োজন ৷

৪) বতৰ অনুসৰি ফল-মূলো আমাৰ শৰীৰৰ বাবে খুবেই প্ৰয়োজন ৷

খাদ্য খোৱা বন্ধ কৰাটো কিমান উচিত ?

ওজন বৃদ্ধি পাইছে বুলি বহুলোকে খাদ্য খোৱা বন্ধ কৰি দিয়া দেখা যায় ৷ এয়া আচলতে উচিত নহয় ৷ এনে কৰা ফলত শৰীৰত প্ৰয়োজনীয় উপাদানসমূহ হ্ৰাসৰ ফলত ভিন্ন ধৰণৰ বেমাৰ হ'ব পাৰে ৷ সুস্থ হৈ থাকিবৰ বাবে কাৰ্বহাইড্ৰেটৰ পৰিমাণটো কমাই অন্য যেন প্ৰটিন, আইৰন আদিৰ পৰিমাণ বৃদ্ধি কৰিব লাগে ৷

লগতে পঢ়ক: ডায়েবেটিছ ৰোগীৰ বাবে যদি চেনি বৰবিহ তেন্তে গুড় খাব পাৰেনে ?

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.