ETV Bharat / international

হাছিনাক ঘৰলৈ উভতাই পঠাওক: ভাৰতক অনুৰোধ বাংলাদেশৰ - SHEIKH HASINA

চলিত বৰ্ষৰ আগষ্ট মাহত বাংলাদেশত ছাত্ৰ আন্দোলনৰ পিছত তদানীন্তন প্ৰধানমন্ত্ৰী শ্বেখ হাছিনাই দেশ এৰি পলায়ন কৰিবলগীয়া হৈছিল ।

Bangladesh requests India to send Sheikh Hasina back
শ্বেখ হাছিনা (AP)
author img

By ANI

Published : 4 hours ago

Updated : 2 hours ago

ঢাকা (বাংলাদেশ) : ৫ আগষ্টত ছাত্ৰ নেতৃত্বাধীন বিপ্লৱৰ ফলত ক্ষমতাৰ পৰা উৎখাত হোৱাৰ পিছতে ভাৰতলৈ পলায়ন কৰে বাংলাদেশৰ সেই সময়ৰ প্ৰধানমন্ত্ৰী শ্বেখ হাছিনা ৷ ইয়াৰ পাচতে শ্বেখ হাছিনাৰ বিৰুদ্ধে বাংলাদেশৰ আদালতে গ্ৰেপ্তাৰী পৰোৱানা জাৰি কৰে । ভাৰতলৈ পলায়ন কৰা প্ৰাক্তন প্ৰধানমন্ত্ৰী শ্বেখ হাছিনাক দেশলৈ ঘূৰাই পঠিয়াবলৈ শেহতীয়াকৈ ভাৰতক আনুষ্ঠানিকভাৱে অনুৰোধ জনাইছে বাংলাদেশে ৷

স্থানীয় সংবাদ মাধ্যমৰ বাতৰি মতে বাংলাদেশৰ অন্তৱৰ্তীকালীন চৰকাৰৰ বৈদেশিক পৰিক্ৰমা উপদেষ্টা তৌহিদ হুছেইনে ভাৰত চৰকাৰক “নোট ভাৰ্বেল”ৰ (কূটনৈতিক বাৰ্তা) জৰিয়তে এই অনুৰোধ কৰে । সাংবাদিকৰ আগত তৌহিদ হুছেইনে কয়, ‘‘শ্বেখ হাছিনাক ঘূৰাই পঠিয়াবলৈ আমি ভাৰতলৈ নোট ভাৰ্বেল (কূটনৈতিক বাৰ্তা) প্ৰেৰণ কৰিছো ।’’

৫ আগষ্টত ছাত্ৰ নেতৃত্বাধীন বিপ্লৱে বাংলাদেশৰ প্ৰধানমন্ত্ৰী শ্বেখ হাছিনাক ক্ষমতাৰ পৰা উৎখাত কৰে ৷ কেইবা সপ্তাহ ধৰি চলি থকা এই প্ৰতিবাদ আৰু সংঘৰ্ষত ৬০০ৰো অধিক লোকৰ মৃত্যু হয় । তাৰ পাচতে ৭৬ বছৰীয়া হাছিনা ভাৰতলৈ পলায়ন কৰে আৰু নোবেল বঁটা বিজয়ী মহম্মদ ইউনুছৰ নেতৃত্বত অন্তৱৰ্তীকালীন চৰকাৰ গঠন হয় ।

ইয়াৰ পূৰ্বে ৯ ডিচেম্বৰত শ্বেখ হাছিনাই বাংলাদেশৰ অন্তৱৰ্তীকালীন চৰকাৰৰ মুখ্য উপদেষ্টা মহম্মদ ইউনুছক ছাত্ৰ প্ৰতিবাদৰ আঁৰৰ “মাষ্টাৰমাইণ্ড” বুলি অভিযোগ কৰিছিল, যাৰ ফলত তেওঁক পদৰ পৰা অপসাৰণ কৰা হৈছিল ৷ লগতে অভিযোগ উত্থাপন কৰিছিল যে এই প্ৰতিবাদটো তেওঁৰ চৰকাৰক ওফৰাই পেলাবলৈ “নিখুঁতভাৱে আৰ্হি” প্ৰস্তুত কৰা হৈছিল ৷

ইউনাইটেড কিংডম আৱামি লীগৰ ভাৰ্চুৱেল বৈঠকত ভাষণ দি হাছিনাই দাবী কৰে যে প্ৰতিবাদকাৰীসকলৰ সকলো দাবী পূৰণ হোৱাৰ পিছতো সমগ্ৰ দেশতে অশান্তি অব্যাহত আছে, যাৰ পৰা অনুমান কৰিব পাৰি যে এয়া এক পৰিকল্পিত ষড়যন্ত্ৰ ।

হাছিনাই ইউনুছ(Yunus)ক অপসাৰণ কৰা প্ৰতিবাদৰ আঁৰৰ “মাষ্টাৰমাইণ্ড” বুলি অভিযোগ কৰে । তেওঁৰ চৰকাৰক ওফৰাই পেলাবলৈ এই প্ৰতিবাদসমূহ “সুপৰিকল্পিত” আছিল বুলিও অভিযোগ কৰে ।

লগতে পঢ়ক: বাংলাদেশৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী শ্বেখ হাছিনাৰ বিৰুদ্ধে গ্ৰেপ্তাৰী পৰোৱানা জাৰি আদালতৰ
লগতে পঢ়ক: হাছিনাৰ দলৰ আশাত চেঁচাপানী ঢালিলে বিৰোধীয়ে !

হাছিনাই দাবী কৰে, ‘‘ইউনুছে নিজেই কৈছিল যে ২০২৪ চনৰ ৭ জুলাইৰ পৰা আৰম্ভ হোৱা ছাত্ৰ নেতৃত্বাধীন বিপ্লৱটো ছাত্ৰ-ছাত্ৰীয়ে আৰম্ভ কৰা নাছিল, বৰঞ্চ মোক ওফৰাই পেলাবলৈ এক সযতনে পৰিকল্পিত প্ৰতিবাদ আছিল ৷ তেওঁ আছিল মাষ্টাৰমাইণ্ড যিয়ে এই ষড়যন্ত্ৰ আৰম্ভ কৰিছিল ৷ সমগ্ৰ দেশতে প্ৰতিবাদ চলি থকাৰ পিছতো প্ৰতিবাদৰ কোনো পৰিসৰ নাই ৷ এয়া আছিল এক নিখুঁত ষড়যন্ত্ৰ ।’’

অন্তৱৰ্তীকালীন চৰকাৰে দেশৰ পৰিস্থিতি চম্ভালি লোৱাক সমালোচনা কৰি ফেচিষ্ট বুলি অভিহিত কৰি বাংলাদেশৰ জনসাধাৰণক অধিকাৰৰ পৰা বঞ্চিত কৰা হৈছে বুলিও তেওঁ কয় ।

তেওঁ আৰু কয়, "আজি বাংলাদেশ এক জটিল সময় পাৰ কৰিছে । ফেচিবাদী চৰকাৰৰ অধীনত বাংলাদেশৰ জনসাধাৰণক অধিকাৰৰ পৰা বঞ্চিত কৰা হৈছে । সমগ্ৰ বাংলাদেশ জ্বলি আছে ৷ আজি বাংলাদেশ ধ্বংস হৈছে ।"

লগতে পঢ়ক: ঢাকাত ছাত্ৰ-ছাত্ৰী আৰু আনছাৰৰ সদস্যৰ মাজত সংঘৰ্ষ, আহত কেইবাজনো - Violent Clashes In Dhaka
লগতে পঢ়ক: চিন্ময় কৃষ্ণ প্ৰভুক আদালতত আইনী মেৰপাকৰ পৰা ৰক্ষা কৰাই দোষ হ’ল ৰমেন ৰয়ৰ : কলকাতা ইস্কনৰ মুখপাত্ৰ

বাংলাদেশ চৰকাৰে দেশদ্ৰোহৰ অভিযোগ উত্থাপন কৰি ইস্কনৰ প্ৰাক্তন পুৰোহিত চিন্ময় কৃষ্ণ দাসক (ISKCON priest Chinmoy Krishna Das) শেহতীয়াকৈ গ্ৰেপ্তাৰ কৰাৰ কথা উল্লেখ কৰে আৰু দাসক ৰক্ষা কৰিবলৈ তেওঁৰ কোনো অধিবক্তা নাই বুলি দাবী কৰে ৷ ইয়াৰ পৰা অনুমান কৰিব পাৰি যে বাংলাদেশত আইন-শৃংখলা নাই ।

"তেওঁলোকে চিন্ময় কৃষ্ণ দাসক গ্ৰেপ্তাৰ কৰি কয় যে তেওঁৰ পক্ষ লোৱা কোনো ধৰণৰ অধিবক্তা থাকিব নোৱাৰে । এইটো কেনেকুৱা ন্যায় ? এইটোৱে প্ৰমাণ কৰে যে বাংলাদেশৰ আইন-শৃংখলা নাই ।" হাছিনাই কয় ৷

বাংলাদেশৰ পৰিস্থিতি উত্তেজিত হৈ আছে, হাছিনাই পৰিস্থিতি চম্ভালি লোৱাৰ বাবে অন্তৱৰ্তীকালীন চৰকাৰক সমালোচনা কৰি “ফেচিষ্ট” বুলি অভিহিত কৰে ৷ লগতে বাংলাদেশৰ জনসাধাৰণক অধিকাৰৰ পৰা বঞ্চিত কৰা বুলিও হাছিনাই দাবী কৰে । আন্তঃৰাষ্ট্ৰীয় সমাজে (international community) এই পৰিঘটনাসমূহ তীক্ষ্ণ দৃষ্টি ৰাখিছে ৷ হাছিনাৰ সম্ভাৱ্য প্ৰত্যাৰ্পণৰ প্ৰভাৱক লৈও বহুতে চিন্তিত হৈ আছে ৷ হাছিনাৰ সম্ভাব্য প্ৰত্যাৰ্পণৰ প্ৰভাৱক লৈ বহুতে চিন্তিত ৷

লগতে পঢ়ক: বাংলাদেশৰ হিন্দুৰ ওপৰত নিৰ্যাতন চলোৱাৰ অভিযোগত ৰাজ্যত প্ৰতিবাদ

লগতে পঢ়ক: গণতন্ত্ৰ নে বিশৃংখলতাৰ দিশত বাংলাদেশ?

Last Updated : 2 hours ago
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.