নতুন দিল্লী : ড৹ বি আৰ আম্বেদকাৰ সন্দৰ্ভত অমিত শ্বাহৰ মন্তব্যক শুকুৰবাৰে গৰিহণা দি ক্ষমা বিচাৰিবলৈ দাবী জনায় কংগ্ৰেছ নেতা পৱন খেৰাই । তেওঁ কয় যে অমিত শ্বাহৰ ভাষ্য ৰাজহুৱা আৰু ইয়াক স্বীকাৰ কৰিব নোৱাৰি ।
"আমি অমিত শ্বাহক ড৹ বি আৰ আম্বেদকাৰক অপমান কৰা বিষয়ৰ পৰা আঁতৰি যাবলৈ নিদিওঁ । তেওঁ কিয় ক্ষমা নিবিচাৰিব ? অমিত শ্বাহে যিবোৰ শব্দ কৈছিল, সেইবোৰ তেওঁ অস্বীকাৰ কৰিব পাৰিবনে ? সকলোৱে এই শব্দবোৰ শুনিছে ।" তেওঁ কয় ।
ইয়াৰ পূৰ্বে শুকুৰবাৰে কংগ্ৰেছ সাংসদ প্ৰিয়ংকা গান্ধী ভাদ্ৰাই ড৹ আম্বেদকাৰ সন্দৰ্ভত গৃহমন্ত্ৰী অমিত শ্বাহৰ মন্তব্যক গৰিহণা দি কয় যে ভাৰতত এনে ধৰণৰ অপমান সহ্য কৰা নহ'ব ।
"তেওঁলোকে জানে যে আম্বেদকাৰজীৰ প্ৰতি তেওঁলোকৰ প্ৰকৃত অনুভূতি প্ৰকাশ পাইছে । সেয়েহে তেওঁলোকে এতিয়া বিৰোধীপক্ষক ভয় কৰে । কাৰণ আমি এই বিষয়টো উত্থাপন কৰি আছোঁ । এই বিষয়টোৰ সৈতে ৰাষ্ট্ৰীয় স্বাৰ্থ সম্পৰ্কিত হৈ আছে । আমাৰ সংবিধান আম্বেদকাৰজীয়ে দিছে, এই দেশৰ জনসাধাৰণ আৰু আমাৰ স্বাধীনতা সংগ্ৰামৰ দ্বাৰা প্ৰদান কৰা হৈছে । তেওঁৰ প্ৰতি এনে ধৰণৰ অপমান ভাৰতে সহ্য নকৰে ।" তেওঁ কয় ।
তেওঁ লগতে বিজেপি নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰক আদানি বিষয়টো আলোচনা কৰিবলৈ ভয় খোৱা বুলিও অভিযোগ কৰে ।
"এইখন চৰকাৰে ভয় খাইছে । এইখন চৰকাৰে আদানি বিষয়টো আলোচনা কৰিবলৈ ভয় খাইছে । তেওঁলোকে যিকোনো বিষয় আলোচনা কৰিবলৈ ভয় কৰে ।" তেওঁ লগতে কয় ।
প্ৰিয়ংকাই লোকসভাৰ বিৰোধী দলপতি ৰাহুল গান্ধীৰ বিৰুদ্ধে দাখিল কৰা এজাহাৰ সন্দৰ্ভতো তীব্ৰ সমালোচনা কৰি কয় যে চৰকাৰৰ কাৰ্যকলাপে তেওঁলোকৰ হতাশা প্ৰতিফলিত কৰে ।
উল্লেখ্য যে বৃহস্পতিবাৰে ৰাহুল গান্ধী আৰু ইণ্ডিয়া মিত্ৰজোঁটৰ আন সাংসদসকলে সংসদত এক প্ৰতিবাদ সাব্যস্ত কৰে । প্ৰাক্তন আইন মন্ত্ৰী বি আৰ আম্বেদকাৰৰ ওপৰত কৰা মন্তব্যৰ বাবে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ পৰা ক্ষমা বিচাৰি আৰু তেওঁৰ পদত্যাগ দাবী কৰি এই প্ৰতিবাদ সাব্যস্ত কৰে ।
আনহাতে, ইণ্ডিয়া ব্লকৰ সাংসদসকলে সংসদ চৌহদত প্ৰতিবাদ সাব্যস্ত কৰি থকাৰ সময়ত দুয়োপক্ষৰ মাজত বিবাদ আৰম্ভ হয় । ইয়াৰ ফলত বিজেপিৰ দুজন সাংসদ আহত হয় ৷ বিজেপি সাংসদ প্ৰতাপ চন্দ্ৰ সাৰংগীয়ে অভিযোগ কৰে যে কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে আন এজন সাংসদক ঠেলা মাৰি দিয়াৰ ফলত তেওঁৰ গাৰ ওপৰত পৰাত তেওঁ আঘাতপ্ৰাপ্ত হয় ।
সাৰংগীয়ে দাবী কৰে যে তেওঁ চিৰিৰ ওচৰত থিয় হৈ থকাৰ সময়ত আন এজন সংসদ সদস্য তেওঁৰ ওপৰত পৰাত তেওঁ মূৰত আঘাত পায় । তেওঁক এখন এম্বুলেন্সৰে চিকিৎসাৰ বাবে ততাতৈয়াকৈ লৈ যোৱা হয় ।
"মই চিৰিৰ ওচৰত থিয় হৈ থকাৰ সময়ত ৰাহুল গান্ধী আহি আৰু এজন সহযোগী সাংসদক ঠেলা মাৰি দিয়ে । সাংসদজন মোৰ গাৰ ওপৰত পৰাত ময়ো পৰি যাওঁ ।" সাৰংগীয়ে সাংবাদিকৰ আগত কয় ।
ইয়াৰ পিছত দুয়োগৰাকী সাংসদক দিল্লীৰ ৰামমনোহৰ লোহিয়া চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় আৰু চিকিৎসালয় কৰ্তৃপক্ষই জনোৱা মতে দুয়োগৰাকী সাংসদৰ স্বাস্থ্যৰ অৱস্থা বৰ্তমান সুস্থিৰ ।