ETV Bharat / politics

ছিক্সলৈকে পঢ়া মানুহে মন্ত্ৰী হৈ কি কৰিব ? কাৰ কথা ক'লে অখিল গগৈয়ে - AKHIL GOGOI SLAMS PRASANTA PHUKAN

ৰাইজৰ দল আৰু অসম জাতীয় পৰিষদ একেলগ হ'লে উজনিত ধুমুহাৰ সৃষ্টি হ'ব । মন্ত্ৰী প্ৰশান্ত ফুকনক ভচহু আখ্যা বিধায়ক অখিল গগৈৰ ।

Akhil Gogoi slams Prasanta Phukan
প্ৰশান্ত ফুকনক সমালোচনা অখিল গগৈৰ (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : Dec 19, 2024, 10:55 AM IST

ডিব্ৰুগড় : ৰাজ্যৰ পঞ্চায়ত নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে শাসক-বিৰোধী উভয় ৰাজনৈতিক দলে আৰম্ভ কৰিছে দল শক্তিশালী কৰাৰ কাম । পিচপৰি ৰোৱা নাই বিধায়ক অখিল গগৈ নেতৃত্বাধীন ৰাইজৰ দলো । উজনিৰ পৰা নামনিলৈকে বিধায়ক তথা দলটোৰ সভাপতিৰ উপস্থিতিত ৰাইজৰ দলে অনুষ্ঠিত কৰিছে প্ৰতিটো সমষ্টিতে সাংগঠনিক সভা ।

বুধবাৰে ৰাইজৰ দলৰ ডিব্ৰুগড় জিলা সমিতিৰ উদ্যোগত এক যোগদান কাৰ্যসূচী আৰু কৰ্মীসভা অনুষ্ঠিত হয় । ডিব্ৰুগড়ৰ আমোলাপট্টিৰ নাট্য মন্দিৰত অনুষ্ঠিত ৰাইজৰ দলৰ যোগদান কাৰ্যসূচী আৰু কৰ্মীসভাত বিভিন্ন দল-সংগঠনৰ পৰা অৰ্ধশতাধিক লোকে অখিল গগৈৰ উপস্থিতিত ৰাইজৰ দলত যোগদান কৰে ।

ডিব্ৰুগড়ত ৰাইজৰ দলৰ যোগদান কাৰ্যসূচী (ETV Bharat Assam)

দলত যোগদান কৰাসকলক দলীয় গামোচা পিন্ধাই দললৈ আদৰণি জনায় অখিল গগৈয়ে । ইয়াৰ পাছতে ডিব্ৰুগড় বিধানসভা সমষ্টিত দলটোৰ সাংগঠনিক ভেটি শক্তিশালী কৰিবলৈ দলীয় কৰ্মীসকলক দিহা-পৰামৰ্শ প্ৰদান কৰে অখিল গগৈয়ে ।

মন্ত্ৰী প্ৰশান্ত ফুকনক ভচহু আখ্যা বিধায়ক অখিল গগৈৰ

মন্ত্ৰী প্ৰশান্ত ফুকনৰ দুৰ্গত উপস্থিত হৈ অখিল গগৈয়ে সমালোচনাৰে থকাসৰকা কৰে ডিব্ৰুগড়ৰ বিধায়কগৰাকীক । প্ৰশান্ত ফুকনৰ সমালোচনাত সৰৱ হৈ অখিল গগৈয়ে কয়, "ডিব্ৰুগড় বিধানসভা সমষ্টিত বিজেপিয়ে শাসন কৰি আহিছে যদিও ডিব্ৰুগড় চহৰৰ বান সমস্যা দিনক দিনে বেছি হৈ গৈ আছে । ডিব্ৰুগড়লৈ আহি জাবৰৰ দ'ম দেখি লাজ লাগে । বিজেপিয়ে ডিব্ৰুগড় উন্নয়নত ব্যৰ্থ হৈছে ।"

প্ৰশান্ত ফুকনৰ শিক্ষাগত অৰ্হতাক লৈ কটাক্ষ অখিল গগৈৰ

আনহাতে, মন্ত্ৰী প্ৰশান্ত ফুকনৰ শিক্ষাগত অৰ্হতাক লৈ এক নতুন তথ্য দাঙি ধৰে অখিল গগৈয়ে । তেওঁ কয়, "মই ডিব্ৰুগড়ত আহি মানুহক সুধিলোঁ আপোনালোকে মন্ত্ৰী পালে বৰ স্ফূৰ্তিত আছে । মানুহে ক'লে ক্লাছ ছিক্সলৈকে পঢ়া মানুহ এজনক মন্ত্ৰী দিছে কি কাম কৰিব । এনেই লেকচাৰ মাৰি থাকে । মই নাজানো দেই । মই নিৰ্বাচনৰ কাগজত বেলেগহে পাইছোঁ । তাততো তেওঁ বেছি পঢ়া বুলি দেখুৱাইছে । কিন্তু মানুহে ইয়াত কৈছে যে ছিক্সলৈকেহে পঢ়িছে ।"

প্ৰশান্ত ফুকনে নাটক কৰি থাকে

শিৱসাগৰৰ বিধায়কগৰাকীয়ে লগতে কয়, "প্ৰশান্ত ফুকনে নাটক কৰি থাকে, কামত একো নাই । প্ৰশান্ত ফুকনে চেলেপু কথা কৈ সময় পাৰ কৰি দিব, মন্ত্ৰী হৈ একো কৰিব নোৱাৰিব বুলি ৰাইজে কৈছে । প্ৰশান্ত ফুকনৰ দৰে ভচহু মানুহ এজনে ডিব্ৰুগড়ত শাসন কৰি ডিব্ৰুগড়খনক নৈৰাজ্য কৰি দিলে ।"

লুৰীণজ্যোতি গগৈয়ে দল একত্ৰিত কৰিলে সভাপতিৰ পদ এৰিবলৈ সাজু অখিল গগৈ

আনহাতে, ৰাইজৰ দল আৰু অসম জাতীয় পৰিষদ একত্ৰিত হ'ব লাগে বুলি অখিল গগৈয়ে দাবী জনোৱাত অসম জাতীয় পৰিষদৰ সভাপতি লুৰীণজ্যোতি গগৈয়ে এয়া সম্ভৱ নহয় বুলি জনোৱাৰ পাছতে ডিব্ৰুগড়ত পুনৰ দুয়োটা দল একত্ৰিত কৰিলে সভাপতিৰ পদ এৰিবলৈ সাজু বুলি কয় অখিল গগৈয়ে ।

অখিল গগৈয়ে কয়, "ৰাইজে দাবী কৰে লুৰীণজ্যোতি গগৈৰ সৈতে একত্ৰিত হ'বলৈ । সেয়ে মই নিজেই প্ৰস্তাৱ দিছিলোঁ লুৰীণজ্যোতি গগৈ আৰু অসম জাতীয় পৰিষদক । নতুন দলটোৰ সভাপতি হ'বলৈ প্ৰস্তাৱ দিছিলোঁ । আজিও কৈছোঁ, লুৰীণজ্যোতি গগৈ নতুন দলৰ সভাপতি হ'ব মই সদস্য হৈ থাকিম । কিন্তু তেওঁলোকে চুলিৰ দৰে ভুল উলিয়াবলৈ চেষ্টা কৰিছে । এইবিলাক নকৰি আমি লগ হ'লে উজনিত ধুমুহাৰ সৃষ্টি হ'ব ।"

কংগ্ৰেছৰ পৰা উত্তৰ বিচাৰিলে অখিল গগৈয়ে

ইফালে কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই অখিল গগৈয়ে বিজেপিৰ দৰে কংগ্ৰেছক সমালোচনা কৰা বুলি প্ৰতিক্ৰিয়া প্ৰকাশ কৰাৰ পাছতে অখিল গগৈয়ে কয়, "কংগ্ৰেছক বিজেপিৰ দৰে গালি পৰা নাই । কংগ্ৰেছ দলক কৈছোঁ তোমালোকে কোৱা বিজেপিৰ বিৰুদ্ধে একেলগ হ'ব লাগে । কিন্তু উপ-নিৰ্বাচন, পঞ্চায়ত নিৰ্বাচন যদি অকলে খেলা তেনেহ'লে কেনেকৈ ঐক্যবদ্ধ হৈ ২৬ত বিজেপিক হৰুৱাবা । বিজেপিক যদি হৰুৱাব লাগে বিৰোধী একত্রিত হোৱা প্ৰয়োজন । ২৬ত একত্ৰিত হ'বলৈ পঞ্চায়ত নিৰ্বাচনত একত্ৰিত হ'ব লাগিবনে নাই তাৰ উত্তৰ কংগ্ৰেছে দিয়ক ।"

লগতে পঢ়ক :হিমন্ত বিশ্ব শৰ্মা চৰকাৰক 'হত্যাকাৰী' আখ্যা লুৰীণজ্যোতি গগৈৰ - CONGRESS WORKER DIES DURING PROTEST
লগতে পঢ়ক :২০ হাজাৰ মহিলাক লৈ অখিল গগৈ কিয় যাব হিমন্ত বিশ্ব শৰ্মাৰ ঘৰলৈ ? - RAIJOR DAL JOINING PROGRAMME

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.