ETV Bharat / politics

কংগ্ৰেছৰ জনতা ভৱন ঘেৰাও কাৰ্যসূচীত উত্তাল গুৱাহাটীৰ ৰাজপথ; ভূপেন বৰাসহ কেইবাজনকো আটক - CONGRESS PROTEST IN GUWAHATI

কংগ্ৰেছৰ প্ৰতিবাদত শুকুৰবাৰে একপ্ৰকাৰ অচল হৈ পৰে দিছপুৰৰ ৰাজপথ । কেবাগৰাকীও কংগ্ৰেছ নেতা কৰ্মীক আটক ৷

Congress protest in Guwahati
কংগ্ৰেছৰ জনতা ভৱন ঘেৰাও কাৰ্যসূচীত উত্তাল গুৱাহাটীৰ ৰাজপথ (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : Dec 20, 2024, 6:55 PM IST

গুৱাহাটী : কংগ্ৰেছৰ প্ৰতিবাদত শুকুৰবাৰে পুনৰ উত্তাল হ'ল গুৱাহাটী মহানগৰী । আনহাতে, প্ৰতিবাদ কৰি থাকোতেই ৰাজপথৰ পৰাই বলপূৰ্বকভাৱে আৰক্ষীয়ে আটক কৰি নিয়ে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰা, কাৰ্যকৰী সভাপতি জাকিৰ হুছেইন শিকদাৰ, প্ৰাক্তন সাংসদ ৰিপুণ বৰাকে ধৰি ভালেসংখ্যক নেতা-কৰ্মীক ।

বুধবাৰৰ ৰাজভৱন ঘেৰাও কাৰ্যসূচীৰ পাছত শুকুৰবাৰে প্ৰদেশ কংগ্ৰেছে জনতা ভৱন ঘেৰাও কাৰ্যসূচী হাতত লয় । যাৰ বাবে পুৱাৰে পৰাই গুৱাহাটী মহানগৰীৰ বিশেষকৈ দিছপুৰৰ চৌদিশে আৰক্ষীয়ে ব্যাপক নিৰাপত্তা বেষ্টনী গঢ়ি তোলে । তাৰে মাজতে প্ৰদেশ কংগ্ৰেছ আৰু যুৱ কংগ্ৰেছৰ প্ৰতিবাদত উত্তাল হৈ পৰে গুৱাহাটীৰ দিছপুৰ আৰু হাতীগাঁও অঞ্চল ।

কংগ্ৰেছৰ জনতা ভৱন ঘেৰাও কাৰ্যসূচীত উত্তাল গুৱাহাটী (ETV Bharat Assam)

কাৰ্যতঃ কংগ্ৰেছৰ প্ৰতিবাদত শুকুৰবাৰে দিছপুৰ অচল হৈ পৰে । প্ৰতিবাদত ৰাজপথ আবদ্ধ হৈ পৰাত দিছপুৰৰ স্বাভাৱিক জীৱন যাত্রা কেইবাঘণ্টাৰ বাবে স্তব্ধ হৈ পৰে ।

উল্লেখ্য যে পুৱাৰ ভাগত দিছপুৰৰ মানৱেন্দ্ৰ শৰ্মা চৌহদত প্ৰদেশ যুৱ কংগ্ৰেছে মৃদুল ইছলামৰ প্ৰতি শ্ৰদ্ধা নিবেদন কৰি সৰ্বধৰ্ম প্ৰাৰ্থনা আৰু শ্ৰদ্ধাঞ্জলী অনুষ্ঠানৰ আয়োজন কৰে । বুধবাৰে প্ৰদেশ কংগ্ৰেছৰ ৰাজভৱন ঘেৰাও কাৰ্যসূচীত ভাগ ল'বলৈ গৈ মৃত্যুক আঁকোৱালি লৈছিল প্ৰদেশ কংগ্ৰেছৰ আইনী কোষৰ সম্পাদক তথা অধিবক্তা মৃদুল ইছলামে ।

প্ৰদেশ কংগ্ৰেছৰ মতে, আৰক্ষীয়ে অত্যধিক মাত্রাত কন্দুৱা গেছ প্ৰয়োগ কৰাৰ বাবেই মৃদুল ইছলামৰ মৃত্যু হৈছিল । ইতিমধ্যে প্ৰদেশ কংগ্ৰেছে মৃদুল ইছলামক শ্বহীদ ঘোষণা কৰিছে । মৃদুল ইছলামৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জনোৱাৰ পাছতে তেওঁৰ মৃত্যুৰ ন্যায়িক তদন্ত দাবী কৰি প্ৰদেশ যুৱ কংগ্ৰেছে স্মাৰক-পত্র দিব বিচাৰে । কিন্তু আৰক্ষীয়ে মানৱেন্দ্ৰ শৰ্মা চৌহদৰ প্ৰৱেশ পথত বেৰিকেড দি তেওঁলোকক ওলাই যোৱাত বাধা প্ৰদান কৰে ।

আনহাতে, বহুসংখ্যক আৰক্ষীৰ লোকে প্ৰৱেশপথটো ঘেৰি ৰাখে । যাক লৈ ক্ষোভিত হৈ পৰে মানৱেন্দ্ৰ শৰ্মা চৌহদত সমবেত হোৱা প্ৰদেশ যুৱ কংগ্ৰেছৰ কেইবাশ নেতা-কৰ্মী । তাৰ পাছতে প্ৰদেশ যুৱ কংগ্ৰেছৰ সভাপতি জুবেইৰ আনমৰ নেতৃত্বত তাত সমবেত সকলো ওলাই অহাৰ প্ৰয়াস কৰে ।

যুৱ কংগ্ৰেছৰ নেতা-কৰ্মীসকলে আৰক্ষীৰ বেৰিকেড তথা বেষ্টনী ভাঙি ওলাই অহাৰ বাবে বল প্ৰয়োগ কৰে যদিও আৰক্ষীয়ে বাধা প্ৰদান কৰে । তাৰে মাজতে একাংশ প্ৰতিবাদকাৰীয়ে আৰক্ষীৰ বেহু ভাঙি ওলাই যায় যদিও আৰক্ষীয়ে কিছুদূৰ যোৱাৰ পাছত আদবাটতে আবদ্ধ কৰি ৰাখে । ইয়াৰ ফলত সমগ্ৰ পথছোৱা বন্ধ হৈ পৰাত ব্যাপক যান-জঁটৰ সৃষ্টি হয় ।

আনহাতে, মানৱেন্দ্ৰ শৰ্মা চৌহদত আবদ্ধ হৈ থকা প্ৰতিবাদকাৰীসকলে তাতে সমবেত হৈ প্ৰতিবাদ সাব্যস্ত কৰি মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মা চৰকাৰক কঠোৰ ভাষাৰে সমালোচনা কৰে । বেৰিকেড পাৰ হৈ ৰাজপথলৈ ওলাই অহা ভালেসংখ্যক প্ৰতিবাদকাৰীক আৰক্ষীয়ে আটক কৰি লৈ যায় । লগতে প্ৰদেশ যুৱ কংগ্ৰেছৰ সভাপতি জুবেইৰ আনমকো আটক কৰে আৰক্ষীয়ে । প্ৰতিবাদস্থলীত মহানগৰ আৰক্ষী আয়ুক্ত দিগন্ত বৰা নিজে উপস্থিত থাকি সমস্ত দিশ তদাৰক কৰে ।

ইফালে 'জনতা ভৱন’ ঘেৰাও কাৰ্যসূচী ৰূপায়ণৰ বাবে পুৱাৰে পৰা প্ৰদেশ কংগ্ৰছৰ সভাপতি ভূপেন বৰাৰ গুৱাহাটীৰ ঘোঁৰামৰাস্থিত বাসভৱনত সমবেত হয় ভালেসংখ্যক নেতা-কৰ্মী । কংগ্ৰেছৰ এই কাৰ্যসূচীৰ বাবে ভূপেন বৰাৰ বাসভৱনৰ সন্মুখত আৰক্ষীৰ কটকটীয়া নিৰাপত্তা ব্যৱস্থা গঢ়ি তোলা হয় ।

আনহাতে, দিছপুৰৰ মানৱেন্দ্ৰ শৰ্মা চৌহদত যুৱ কংগ্ৰেছৰ প্ৰতিবাদ চলি থকাৰ সময়তে ভূপেন বৰাই সদলবলে নিজ বাসভৱনৰ পৰা জনতা ভৱন অভিমুখে ৰাওনা হয় । তেওঁক সংগ দিয়ে প্ৰদেশ কংগ্ৰেছৰ প্ৰাক্তন সভাপতি ৰিপুণ বৰা, বিধায়ক জাকিৰ হুছেইন শিকদাৰ, প্ৰদেশ মহিলা কংগ্ৰেছৰ সভানেত্রী মীৰা বৰঠাকুৰ গোস্বামীকে ধৰি ভালেসংখ্যক দলীয় নেতা-কৰ্মীয়ে ।

প্ৰতিবাদী সমদলটো হাতীগাঁও অঞ্চললৈ অহাৰ পাছতে আৰক্ষীয়ে বাধা প্ৰদান কৰে । কিন্তু আৰক্ষীৰ বাধা নেওচি তেওঁলোক আগুৱাই যাব বিচৰাত আৰক্ষীয়ে তেওঁলোকক বলপূৰ্বকভাৱে আটক কৰি লৈ যায় । জনতা ভৱন ঘেৰাও কাৰ্যসূচীৰ পূৰ্বেই প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাকে ধৰি কেইবাজনো নেতা-কৰ্মীক আৰক্ষীয়ে আটক কৰে ।

আটক কৰাৰ পাছত সভাপতি ভূপেন কুমাৰ বৰাক কাহিলিপাৰাস্থিত দশম আৰক্ষী বাহিনীলৈ নিয়া বুলি জানিব পৰা গৈছে । আনহাতে, ৰাজ্যসভাৰ প্ৰাক্তন সাংসদ ৰিপুণ বৰা, বিধায়ক জাকিৰ হুছেইন শিকদাৰ, প্ৰদেশ কংগ্ৰেছৰ সামাজিক মাধ্যমৰ অধ্যক্ষ ৰাতুল কলিতাকে ধৰি আন প্ৰতিবাদকাৰীসকলক আৰক্ষীয়ে আটক কৰি আন স্থানলৈ নিয়ে । সেই সময়ত প্ৰতিবাদস্থলীত মহানগৰ আৰক্ষী আয়ুক্ত দিগন্ত বৰা উপস্থিত আছিল ।

ইফালে দুদিনীয়া কাৰ্যসূচীৰে অসমলৈ অহা সৰ্বভাৰতীয় যুৱ কংগ্ৰেছ কমিটীৰ সভাপতি উদয় ভানু চিবক পুৱাৰে পৰাই গুৱাহাটীৰ এখন হোটেলত নজৰবন্দী কৰি ৰখা হয় । কংগ্ৰেছৰ ৰাজভৱন যাত্রা কাৰ্যসূচীত ভাগ লৈ মৃত্যু হোৱা মৃদুল ইছলামৰ শোকসন্তপ্ত পৰিয়ালক সমবেদনা জ্ঞাপন কৰি গুৱাহাটীৰ এখন হোটেলত বাহৰ পতা সৰ্বভাৰতীয় যুৱ কংগ্ৰেছ কমিটীৰ সভাপতি উদয় ভানু চিবক হোটেলখনতে আৰক্ষীয়ে নজৰবন্দী কৰি ৰাখে ।

যুৱ কংগ্ৰেছৰ ৰাষ্ট্ৰীয় সভাপতিগৰাকীয়ে শুকুৰবাৰে প্ৰদেশ যুৱ কংগ্ৰেছৰ কাৰ্যসূচীত অংশ লোৱাৰ কথা আছিল । যাৰ বাবে তাৰ পূৰ্বেই ৰাষ্ট্ৰীয় সভাপতিগৰাকী থকা গুৱাহাটীৰ হোটেলখনক আৰক্ষীয়ে ঘেৰি ৰাখে । হোটেলতে নজৰবন্দী কৰি ৰখা যুৱ কংগ্ৰেছৰ ৰাষ্ট্ৰীয় সভাপতিগৰাকীক কাকো সাক্ষাৎ কৰিবলৈ দিয়া হোৱা নাই । আনকি আৰক্ষীয়ে হোটেলত যুৱ কংগ্ৰেছৰ ৰাষ্ট্ৰীয় সভাপতিগৰাকীক সাক্ষাৎ কৰিবলৈ যোৱা প্ৰদেশ যুৱ কংগ্ৰেছৰ সভাপতি জুবেইৰ আনমকো সাক্ষাৎ কৰিবলৈ নিদিলে । তাকে লৈ জুবেইৰ আনম আৰু আৰক্ষীৰ মাজত বাক-বিতণ্ডা হয় ।

উল্লেখ্য যে বৃহস্পতিবাৰৰ পৰা গুৱাহাটীত বিশেষকৈ দিছপুৰত ভাৰতীয় নাগৰিক সুৰক্ষা সংহিতাৰ ১৬৩ ধাৰা জাৰি কৰা হৈছে । ভাৰতীয় নাগৰিক সুৰক্ষা সংহিতাৰ ১৬৩ ধাৰা জাৰি কৰাৰ লগে লগে সংশ্লিষ্ট এলেকাত সমবেত হ'ব নোৱাৰে ৫ জনতকৈ অধিক লোক । প্ৰতিবাদ, ধৰ্ণা, শ্ল'গান আদি প্ৰদৰ্শনত বাধা আৰোপ আছে । কিন্তু তাৰে মাজতে শুকুৰবাৰে কংগ্ৰেছ দলে ব্যাপক প্ৰতিবাদ সাব্যস্ত কৰি একপ্ৰকাৰ সমগ্ৰ দিছপুৰ অঞ্চল উত্তাল কৰি তোলে ।

লগতে পঢ়ক :ৰাজভৱন ঘেৰাও কাৰ্যসূচী: প্ৰতিবাদকাৰীৰ বিৰুদ্ধে গোচৰ ৰুজু মহানগৰ আৰক্ষীৰ - CONGRESS PROTEST IN GUWAHATI
লগতে পঢ়ক :মৃদুল ইছলাম মৃত্যুৰ ঘটনাৰ তদন্ত ঘোষণা মুখ্যমন্ত্ৰী ড৹ শৰ্মাৰ - CONGRESS WORKER MRIDUL ISLAM DEATH

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.