গুৱাহাটী: দেশৰ গৃহমন্ত্ৰী অমিত শ্বাহে সংবিধান প্ৰণেতা বাবাচাহেব আম্বেদকাৰৰ প্ৰতি অসৌজন্যমূলক মন্তব্য কৰাৰ অভিযোগ তুলি বৃহস্পতিবাৰে সমগ্ৰ দেশজুৰি কংগ্ৰেছে প্ৰতিকৃতি দাহ কৰে । নিখিল ভাৰত কংগ্ৰেছ কমিটীৰ নিৰ্দেশ অনুযায়ী অসমতো প্ৰদেশ কংগ্ৰেছে অমিত শ্বাহৰ জুমুঠি দাহ কৰি প্ৰতিবাদ সাব্যস্ত কৰে । গুৱাহাটীৰ ৰাজীন ভৱনত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ জুমুঠি দাহ কৰি প্ৰদেশ কংগ্ৰেছে ব্যাপক প্ৰতিবাদ সাব্যস্ত কৰে ।
বিৰোধী দলৰ দলপতি দেৱব্ৰত শইকীয়াৰ নেতৃত্বত প্ৰদেশ কংগ্ৰেছৰ বহুসংখ্যক নেতা-কৰ্মীয়ে ৰাজীৱ ভৱনৰ সন্মুখত জি এছ ৰোডত চৰকাৰৰ বিৰুদ্ধে বিভিন্ন শ্ল’গান দি ৰাজপথ উত্তাল কৰি তোলে । প্ৰদেশ কংগ্ৰেছৰ এই কাৰ্যসূচীৰ বাবে ৰাজীৱ ভৱনৰ সন্মুখত আৰক্ষীৰ ব্যাপক নিৰাপত্তা বেষ্টনী গঢ়ি তোলা হয় । আৰক্ষীৰ নিৰাপত্তা বেষ্টনীৰ মাজতে কংগ্ৰেছৰ নেতা-কৰ্মীয়ে অমিত শ্বাহৰ জুমুঠি দাহ কৰি বিজেপি চৰকাৰক সকীয়াই দিয়ে ।
বিৰোধী দলপতি দেৱব্ৰত শইকীয়াই বিজেপি চৰকাৰ আৰু কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহক কঠোৰ ভাষাৰে সমালোচনা কৰে সংবাদ মাধ্যমৰ আগত । এই সন্দৰ্ভত বিৰোধী দলপতিগৰাকীয়ে কয়, "বাবাচাহেব আম্বেদকাৰে দীঘলীয়া সময় ধৰি কষ্ট কৰি আমাক দি যোৱা সংবিধানে বিভিন্ন জাতি-জনগোষ্ঠীৰ অধিকাৰ সুৰক্ষিত কৰিছে । তেওঁলোকৰ বাবে বাবাচাহেব আম্বেদকাৰ ভগৱান সদৃশ । সেইগৰাকী দেশৰ সংবিধান নিৰ্মাতাৰ প্ৰতি কৰা অসৌজন্যমূলক মন্তব্যই সমগ্ৰ দেশবাসীক আঘাত দিছে ।"
প্ৰতিবাদী কাৰ্যসূচীত প্ৰাক্তন সাংসদ বলীন কুলি, প্ৰদেশ মহিলা কংগ্ৰেছৰ সভাপতি মীৰা বৰঠাকুৰ, কামৰূপ মহানগৰ জিলা কংগ্ৰেছৰ সভাপতি গোপাল শৰ্মাকে ধৰি ভালেসংখ্যক নেতা উপস্থিত আছিল ।