কলকাতা : আকাৰৰ ফালৰ পৰা বিশ্বৰ সৰ্ববৃহৎ নোটখন প্ৰদৰ্শিত হৈছে কলকাতাত । ৩৭০X২২০ মিলিমিটাৰ এখন কাগজত প্ৰদৰ্শিত হৈছে এই নোটখন । বিদ্যালয়ৰ শিক্ষক দেৱ কুমাৰ পালে সংৰক্ষণ কৰিছে এই নোট । এই নোটৰ বৰ্তমান মূল্য ৩ লাখ টকা ।
২০ৰ পৰা ২২ ডিচেম্বৰলৈ বালিগুংগত অনুষ্ঠিত হোৱা ২৬সংখ্যক মুদ্ৰা উৎসৱত এই নোটখন প্ৰদৰ্শন কৰা হৈছিল । কলকাতা মুদ্ৰা পৰিষদৰ উদ্যোগত আয়োজিত এই মহোৎসৱত বিভিন্ন দেশৰ অদ্ভুত আৰু অসংখ্য পুৰণি নোট আৰু ঐতিহাসিক মুদ্ৰাও প্ৰদৰ্শন কৰা হয় । সেইবোৰ কিনা-বিক্ৰয়ৰ বাবেও নিলাম অনুষ্ঠিত কৰা হৈছিল ।

অৱশ্যে দুৰ্লভ কিছু নোট আৰু মুদ্ৰা কিন্তু বিক্ৰীৰ বাবে নাছিল, কেৱল মুদ্ৰা উৎসৱত প্ৰদৰ্শনৰ বাবেহে কৰা হৈছিল । এই ছিৰিজত বিশ্বৰ সৰ্ববৃহৎ নোট ৬০০ ৰিংগেট (Ringgit)ও এই তালিকাত অন্তৰ্ভুক্ত কৰা হৈছিল । এই নোটখন মালয়েছিয়া চৰকাৰে জাৰি কৰিছে । মাত্ৰ ৬০০০ খন এনে নোটহে জাৰি কৰা হৈছিল । ইয়াৰে এখন নোট সংগ্ৰহ কৰিছে বিদ্যালয়ৰ শিক্ষক দেৱ কুমাৰ পালে ।

পালে সংগ্ৰহ কৰা এই নোটৰ বাকচত বহু পুৰণি আৰু বিৰল নোটো আছে । দেৱ কুমাৰ পালে কয় যে তেওঁ ১৯৯৮ চনৰ পৰা মুদ্ৰা আৰু নোট সংগ্ৰহ কৰি আহিছে । এতিয়ালৈকে তেওঁ বিশ্ব বেংকৰ ৭০০০ৰো অধিক নোট সংগ্ৰহ কৰিছে । তেওঁ কয় যে মালয়েছিয়াই স্বাধীনতাৰ ৬০ বছৰীয়া জয়ন্তী উদযাপনৰ বাবে ২০১৮ চনত বিশ্বৰ সৰ্ববৃহৎ ৬০০ ৰিংগিটৰ বেংক নোট জাৰি কৰিছিল । মালয়েছিয়ান ৬০০ ৰিংগিটৰ মূল্য ভাৰতীয় টকাত প্ৰায় ৫৫০০০ টকা ।