অসম

assam

ETV Bharat / politics

হনুমানজীৰ বাবেই ওলাই আহিব পাৰিছো : তিহাৰৰ বাহিৰত কেজৰিৱালৰ প্ৰথম প্ৰতিক্ৰিয়া - SC Grants Interim Bail to Kejriwal

Kejriwal Interim Bail: কিছুদিনৰ বাবে তিহাৰ জে’লৰ পৰা বাহিৰলৈ আহিল অৰবিন্দ কেজৰিৱাল ৷ মুকলি আকাশৰ তলত ক’লে- ‘‘হনুমানজীৰ বাবেই আপোনালোকৰ মাজলৈ আহিব পাৰিছোঁ’’ ৷

Kejriwal Interim Bail
দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱাল (IANS Photo)

By ETV Bharat Assamese Team

Published : May 10, 2024, 8:35 PM IST

নতুন দিল্লী, 10 মে’: ‘‘হনুমানজীৰ আশীৰ্বাদত আজি মই আপোনালোকৰ মাজলৈ ওলাই আহিব পাৰিলোঁ’’ ৷ শুকুৰবাৰে উচ্চতম ন্যায়ালয়ৰ পৰা অন্তৱৰ্তীকালীন জামিন লাভৰ পিচতে মুকলি আকাশৰ তললৈ আহি এইদৰে ক’লে অৰবিন্দ কেজৰিৱালে ৷

উল্লেখ্য যে, শুকুৰবাৰে দিল্লীৰ মুখ্যমন্ত্ৰীগৰাকীক 1 জুন পৰ্যন্ত অন্তৱৰ্তীকালীন জামিন প্ৰদান কৰে উচ্চতম ন্যায়ালয়ে ৷ ইয়াৰ এঘণ্টাৰ পিচতে তিহাৰ জে’লৰ বাহিৰলৈ ওলাই আহে সুৰা নীতি কেলেংকাৰীত অভিযুক্ত দিল্লীৰ মুখ্যমন্ত্ৰীগৰাকী ৷

মুখ্যমন্ত্ৰীগৰাকী মুকলি আকাশৰ তললৈ অহাৰ সময়ত কাৰাগাৰ চৌহদৰ বাহিৰত সমবেত হয় আম আদমী পাৰ্টিৰ হাজাৰ হাজাৰ কৰ্মী ৷ নেতা-কৰ্মীসকলে দিল্লীৰ মুখ্যমন্ত্ৰীগৰাকীক আদৰণি জনোৱাৰ পিচতে কনভয়ত ৰাওনা হয় তেওঁ । সেই সময়ত তেওঁক সংগ দিয়ে পত্নী সুনীতা কেজৰিৱাল, জীয়ৰী হৰ্ষিতা কেজৰিৱাল আৰু ৰাজ্যসভাৰ সাংসদ সন্দীপ পাঠকে ।

উল্লেখ্য যে, আপৰ ৰাষ্ট্ৰীয় নেতৃত্বক এক বৃহৎ সকাহ দি শুকুৰবাৰে উচ্চতম ন্যায়ালয়ে লোকসভা নিৰ্বাচনৰ প্ৰচাৰৰ বাবে ১ জুনলৈকে অন্তৱৰ্তীকালীন জামিন প্ৰদান কৰে দিল্লীৰ মুখ্যমন্ত্ৰীগৰাকীক । দিল্লীৰ আবকাৰী নীতিৰ কেলেংকাৰীৰ সৈতে জড়িত ধন সৰবৰাহৰ গোচৰত গ্ৰেপ্তাৰ হোৱা কেজৰিৱাল ২ জুনত পুনৰ কাৰাগাৰলৈ যাব লাগিব ।

কাৰাগাৰৰ পৰা ওলাই অহাৰ পিচত প্ৰথম প্ৰতিক্ৰিয়াত কেজৰিৱালে কয় যে, ভগৱান হনুমানৰ বাবেই তেওঁ অন্তৱৰ্তীকালীন জামিন লাভ কৰে । তেওঁ কয়, ‘‘ভগৱান হনুমানৰ বাবেই মই ওলাই আহিছো । শনিবাৰে হনুমান মন্দিৰ দৰ্শন কৰাৰ উপৰিও সংবাদ মাধ্যমকো সম্বোধন কৰিম’’ ৷

আনহাতে, এই সাময়িক সকাহৰ বাবে তেওঁ উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশসকলক ধন্যবাদ জনায় । কেজৰিৱালে কয়, ‘‘মোক অন্তৱৰ্তীকালীন জামিন দিয়াৰ বাবে উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশসকলক ধন্যবাদ জনাইছো ৷ কোটি কোটি লোকে আশীৰ্বাদ দিয়াৰ বাবেও ধন্যবাদ জনাইছোঁ’’ ৷

তদুপৰি অৰবিন্দ কেজৰিৱালে কয়, ‘‘আমি দেশক একনায়কত্ববাদৰ পৰা বচাব লাগিব ৷ মই মোৰ সকলো শক্তিৰে যুঁজিম ৷ ১৪০ কোটি লোকৰ সমৰ্থনৰ প্ৰয়োজন মোক" ।

লগতে পঢ়ক:কেজৰিৱালক অন্তৱৰ্তীকালীন জামিন প্ৰদান

ABOUT THE AUTHOR

...view details