ETV Bharat Assam

অসম

assam

ETV Bharat / politics

বঙাইগাঁৱত অগপৰ দুৰ্গ থাকিব নে ন-আশাই পূৰ্ণতা পাব ? - BYE ELECTION RESULTS 2024

অপেক্ষা মাথোঁ ২৩ নৱেম্বৰলৈ ৷ বঙাইগাঁও বিধানসভা সমষ্টিত কোনে উৰুৱাব বিজয়ধ্বজ্জা ? দুই প্ৰধান প্ৰতিদ্বন্দ্বীৰ মনৰ কথাৰে...

BYE ELECTION RESULTS 2024
অপেক্ষা মাথোঁ ২৩ নৱেম্বৰলৈ (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : Nov 21, 2024, 6:18 PM IST

বঙাইগাঁও: ২৩ নৱেম্বৰত হ’ব ৰাজ্যৰ পাঁচটাকৈ বিধানসভা সমষ্টিত অনুষ্ঠিত হৈ যোৱা উপ-নিৰ্বাচনৰ ভোটগণনা । ইতিমধ্যে ভোটগণনাৰ বাবে সাজু হৈছে ৰাজ্যৰ প্ৰশাসন ৷ নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰা প্ৰাৰ্থীসকলৰ মাজতো দেখিবলৈ পোৱা গৈছে উৎসাহ ৷

বঙাইগাঁও বিধানসভা সমষ্টি কংগ্ৰেছ আৰু অগপ প্ৰাৰ্থীৰ মাজতো কিছু উৎসাহ দেখিবলৈ পোৱা গৈছে ৷ ২৩ নৱেম্বৰলৈ বাট চাই ৰৈছে বঙাইগাঁও বিধানসভা সমষ্টিৰ দুই প্ৰধান প্ৰতিদ্বন্দ্বী প্ৰাৰ্থীয়ে ।

অপেক্ষা মাথোঁ ২৩ নৱেম্বৰলৈ (ETV Bharat Assam)
  • অগপৰ প্ৰাৰ্থী দীপ্তিময়ী চৌধুৰী :

অগপৰ প্ৰাৰ্থী দীপ্তিময়ী চৌধুৰীৰ মতে, তেওঁ ৩৫ হেজাৰতকৈ অধিক ভোটৰ ব্যৱধানত জয়লাভ কৰিব । এই নিৰ্বাচনত জয়ী হ’ব বুলি তেওঁ পূৰ্ণ আশাবাদী ৷ অগপৰ দুৰ্গ বঙাইগাঁৱত এইবেলিও উৰিব অগপৰ বিজয়ধ্বজ্জা ৷ সাংবাদিকৰ প্ৰশ্নৰ উত্তৰত দীপ্তিময়ী চৌধুৰীয়ে আৰু কয় যে একেখন ঘৰতে সাংসদ আৰু বিধায়ক থাকিলে ৰাজনৈতিক সমন্বয় বৃদ্ধি পাব । এজনে বিধানসভা সমষ্টি আৰু আনজনে লোকসভাৰ সমষ্টিকেইটা চাব ৷

  • কংগ্ৰেছ প্ৰাৰ্থী ব্ৰজেনজিৎ সিংহ :

ইপিনে বঙাইগাঁও বিধানসভা সমষ্টিৰ কংগ্ৰেছ প্ৰাৰ্থী ব্ৰজেনজিৎ সিংহৰ মতে, ৰাইজে এইবাৰ পৰিৱৰ্তনৰ স্বাৰ্থত ভোটদান কৰিছে । সেয়েহে কংগ্ৰেছ দলৰ জয় একপ্ৰকাৰ নিশ্চিত বুলি মন্তব্য কৰে প্ৰাক্তন আৰক্ষী বিষয়া তথা বঙাইগাঁও বিধানসভা সমষ্টিৰ কংগ্ৰেছ প্ৰাৰ্থীগৰাকীয়ে ।

কংগ্ৰেছ প্ৰাৰ্থী ব্ৰজেনজিৎ সিংহই আৰু কয় যে দীপ্তিময়ী চৌধুৰীয়ে সপোন দেখি আছে । সপোন দেখাটো ভাল ৷ কিন্তু তেওঁৰ এই সপোন সাৰ্থক নহয় বুলি সংবাদ মাধ্যমৰ আগত কয় সিংহই ৷ অৱশ্যে ২৩ তাৰিখে কোনে বিধায়ক পদত অধিষ্ঠিত হৈ বিজয় উল্লাস কৰিব সেয়াহে হ’ব লক্ষণীয় ।

লগতে পঢ়ক :১৯৭ টা EVM, ১৫ ৰাউণ্ডৰ ভোটগণনাত নিৰ্ণয় হ'ব দিপ্লু-তানজিলৰ ভাগ্য

ABOUT THE AUTHOR

...view details