অসম

assam

ETV Bharat / politics

মই কাৰো সৈতে মিত্ৰতা নকৰো : হাগ্ৰামা মহিলাৰী - BPF Lok Sabha election meeting

BPF Booth Committee meeting: চিৰাঙত প্ৰতিটো বুথ কমিটীৰ বিষয়ববীয়া সভাত হাগ্ৰামা মহিলাৰী নিৰ্বাচনৰ বাবে দলীয় নেতা-কৰ্মীক সাজু হ'বলৈ আহ্বান । সভাত উপস্থিত থাকি বিপিএফৰ উপ-সভাপতি খাম্পা বৰগয়াৰীয়ে ইউ পি পি এলক কৰিলে সমালোচনা ।

BPF chief Hagrama Mohilary
বিপিএফৰ মুৰব্বী হাগ্ৰামা মহিলাৰী

By ETV Bharat Assamese Team

Published : Mar 5, 2024, 9:14 PM IST

বিপিএফৰ মুৰব্বী হাগ্ৰামা মহিলাৰী

চিৰাং, ৫ মাৰ্চ:"মই কাৰো সৈতে মিত্ৰতা নকৰো । কোকৰাঝাৰ আৰু দৰং-মঙলদৈ সমষ্টিত আমাৰ প্ৰাৰ্থী জয়ী হৈ কেন্দ্ৰীয় কেবিনেটত মন্ত্ৰিত্ব পাব । " এই মন্তব্য় বিপিএফৰ মুৰব্বী হাগ্ৰামা মহিলাৰীৰ । আজি চিৰাং জিলা বিপিএফৰ অন্তৰ্গত চাৰিটা ব্লকৰ অন্তৰ্গত বুথ কমিটীত কৰ্মকৰ্তাসকলৰ সৈতে হোৱা মত-বিনিময় সভাত এইদৰে মন্তব্য় কৰে বিপিএফৰ মুৰব্বীগৰাকীয়ে । ইপিনে, ইউ পি পি এলৰ সভাপতি তথা বিটিআৰৰ মুখ্য় কাৰ্যবাহী সদস্য় প্ৰমোদ বড়োৱে বিপিএফৰ বিৰুদ্ধে কৰা মন্তব্য় সন্দৰ্ভত হাগ্ৰামা মহিলাৰীয়ে কয়," মই কাৰো কথাৰ কাউন্টাৰ নিদিও ।" ৰাইজে ইয়াৰ প্ৰত্য়ুত্তৰ দিব বুলি কয় হাগ্ৰামা মহিলাৰীয়ে ।

মঙলবাৰে চিৰাং জিলা বিপিএফৰ অন্তৰ্গত চাৰিটা ব্লক বিপিএফ ক্ৰমে নিচিমা,কাজলগাঁও,চিৰাং আৰু চিৰাং দুৱাৰত পৃথকে পৃথকে প্ৰতিটো ব্লকৰ অন্তৰ্গত বুথ কমিটীৰ কৰ্মকৰ্তা সকলৰ সৈতে সভাত মিলিত হয় । এই সভাত আগন্তক লোকসভা নিৰ্বাচনত বিপিএফ দলৰ প্ৰাৰ্থীক জয়ী কৰা সন্দৰ্ভত দলীয় বুথ কমিটীৰ কৰ্মকৰ্তাৰে মত বিনিময় কৰি মহিলাৰীয়ে কয় ," মই কাৰো সৈতে মিত্ৰতা নকৰো । কোকৰাঝাৰ আৰু দৰং-মঙলদৈ সমষ্টিত আমাৰ প্ৰাৰ্থী জয়ী হৈ কেন্দ্ৰীয় কেবিনেটত মন্ত্ৰিত্ব পাব । "

সভাত উপস্থিত থাকি বিপিএফৰ উপ-সভাপতি খাম্পা বৰগয়াৰীয়ে কয় যে যোৱা বিটিচি নিৰ্বাচনত বিপিএফ দলক পৰাজিত কৰিবলৈ প্ৰশাসনক ব্যৱহাৰ কৰিছিল । এইবাৰ লোকসভা নিৰ্বাচনতো চেষ্টা কৰিব প্ৰশাসনক ব্যৱহাৰ কৰিবলৈ । গতিকে সকলোকে সাৱধানে হা থাকিবলৈ আহ্বান জনায় । কোনোবা প্ৰশাসনৰ লোক বা দলৰ লোকে টকা বিলাব আহিলে কুকুৰ খেদা দিবলৈ আহ্বান জনায় খাম্পা বৰগয়াৰীয়ে । তেওঁ লগতে কয়," বিপিএফ দলৰ সমৰ্থনত থকা দল-সংগঠনে কোনো কাৰ্যসূচী গ্ৰহণ কৰিব বিচাৰিলে জিলা প্ৰশাসনে তাৰ অনুমতি নিদিয়ে । গতিকে আমি তাৰ মাজতে অতি সাৱধানে নিজৰ কাম কৰি আগুৱাই যাব লাগিব । কাৰণ প্ৰমোদ বড়ো আৰু ইউপিপিএলে যোৱা পাৰিষদীয় নিৰ্বাচনৰ আগত যিদৰে প্ৰতিশ্ৰুতি দিছিল তাৰ অলপো কাম কৰিব পৰা নাই। তেওঁলোকৰ কাৰ্যকলাপত অতিষ্ঠ হৈ হেজাৰ হেজাৰ লোকে তেওঁলোকক এৰি বিপিএফ দলক সমৰ্থন দিছে । সেয়ে আমি দলীয় কৰ্মকৰ্তা সকলে ভালদৰে কাম কৰিব লাগিব । "

লগতে পঢ়ক:নিৰ্বাচনৰ দিন ঘোষণাৰ পিচতহে বিপিএফৰ প্ৰাৰ্থী ঘোষণা :হাগ্ৰামা

ABOUT THE AUTHOR

...view details