গুৱাহাটী, ৩ জুন :কাইলৈ বহু প্ৰত্যাশিত মঙলবাৰ ৷ দেশবাসীৰ দৃষ্টি নিৱদ্ধ থাকিব এই বিশেষ দিনটোত ৷ পৰিব সকলো ৰাজনৈতিক জল্পনা-কল্পনাৰ ওৰ ৷ দেশৰ আন ঠাইৰ লগতে ৪ জুনৰ পুৱাৰ পৰা আৰম্ভ হ'ব অসমৰ ১৪ টা লোকসভা সমষ্টিৰ ভোটগণনা ৷ ফলাফল ঘোষণাৰ বাবে সকলো প্ৰকাৰে সাজু হৈ উঠিছে নিৰ্বাচন আয়োগ ৷
ইতিমধ্যে ভোটগণনাৰ বাবে নিৰ্বাচন আয়োগে ৰাজ্যৰ ৫২ টা কেন্দ্ৰৰ ১৫২ কাউণ্টিং হলৰ প্ৰস্তুতি সম্পূৰ্ণ কৰি তুলিছে ৷ সোমবাৰে এই কথা সংবাদ মাধ্যমৰ আগত ব্যক্ত কৰে ৰাজ্যিক মুখ্য নিৰ্বাচনী বিষয়া অনুৰাগ গোৱেলে ৷
১৪৩ গৰাকী প্ৰার্থীৰ ভাগ্য নিৰ্ণয় :ৰাজ্যৰ ১৪ টা সমষ্টিত ১৪৩ গৰাকী প্ৰার্থীয়ে লোকসভা নিৰ্বাচনত আগবঢ়াইছে প্ৰতিদ্বন্দ্বিতা ৷ যাৰ ভিতৰত আছে ১২ গৰাকী মহিলা প্ৰার্থী ৷ এইসকল প্ৰাৰ্থীৰ ভাগ্য নির্ণয় কৰিব ১,৯৯,৮৮,২৭৫ গৰাকী ভোটাৰে ৷ ৰাজ্যত সৰ্বমুঠ ২,৪৫,০৬,২৩৬ গৰাকী ভোটাৰ আছিল যদিও ৪৫,১৭,৯৬১ গৰাকী ভোটাৰে ভোটাধিকাৰ সাব্যস্ত নকৰিলে ৷
১৫২ টা কাউণ্টিং হলত হ'ব এই ভোটগণনা : অধিকাংশ প্ৰার্থী নিজৰ নিজৰ সমষ্টিত সাজু হৈছে ৷ প্ৰার্থীয়ে এজেন্টসকলকো প্ৰশিক্ষণ দি সাজু কৰি তুলিছে এই বিশেষ দিনটোৰ বাবে ৷ ই ভি এম খোলাৰ পৰা ভোটগণনা সম্পূর্ণ হোৱালৈকে এজেন্টসকলৰ ভূমিকা কি হ'ব, প্ৰাৰ্থী আৰু দলে ইতিমধ্যে বুজাই দিছে ৷
ৰাজনৈতিক দল আৰু প্ৰাৰ্থীৰ লগতে নিৰ্বাচন আয়োগেও শুদ্ধকৈ-সুকলমে ৪ জুনত ফলাফল ৰাজহুৱা কৰিবলৈ ব্যৱস্থা গ্ৰহণ কৰিছে ৷ নিৰ্বাচন আয়োগে ৰাজ্যজুৰি ৫২ টা কেন্দ্ৰৰ ১৫২ টা কাউণ্টিং হলত কটকটীয়া কৰি তুলিছে নিৰাপত্তা ব্যৱস্থা ৷
এগজিট প’লৰ সমীক্ষা:লক্ষণীয় যে এগজিট প’লৰ সমীক্ষা অনুসৰি, ৰাজ্যত নির্দলীয় প্ৰার্থী জয়ী হোৱাৰ কোনো সম্ভাৱনা নাই ৷ আটাইকেইটা সমষ্টিত কংগ্ৰেছ, বিজেপি, অসম জাতীয় পৰিষদ, বি পি এফ, ইউ পি পি এল, অগপ আৰু এ আই ইউ ডি এফৰ প্ৰাৰ্থীৰ মাজৰে ১৪ গৰাকী প্ৰাৰ্থীয়ে শেষ হাঁহি মাৰিব ৷ এইসকলৰ ভিতৰত ৰাজ্যত বিজেপিয়ে অধিক আসন পাব বুলি সকলো সমীক্ষাত স্পষ্ট হৈছে ৷