আমগুৰি, 17 এপ্ৰিল:"অখিল গগৈ কোন পাৰ্টীত আছে, কাক চাপ'ৰ্ট কৰি আছে ? তেওঁৰটো কথা-বতৰাৰ পৰা আপুনি এইটোৱে গম নাপাব যে তেওঁ কোন পাৰ্টীত আছে ... । অখিল গগৈ আৰু হৰেকমালৰ মাজত কোনো পাৰ্থক্য নাই । হৰেকমালৰ দৰে হৈছে অখিল গগৈ । অখিলৰ কথা কৈ লাভ নাই"- অখিলক কটাক্ষ কৰি মঙলবাৰে এই কথা কয় ৰাজ্যৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই ।
উল্লেখ্য যে, লোকসভা নিৰ্বাচনলৈ মাজত মাত্ৰ দুটা দিন বাকী থকা অৱস্থাত কালি শিৱসাগৰ জিলাৰ জাঁজী জামুগুৰিত কেইবা সহস্ৰাধিক ৰাইজৰ উপস্থিতিত এক বিশাল জনসভা সম্বোধন কৰে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই । যোৰহাট লোকসভা সমষ্টিৰ বিজেপিৰ প্ৰাৰ্থী তপন গগৈৰ সপক্ষে প্ৰচাৰ চলাই মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই কংগ্ৰেছ প্ৰাৰ্থী গৌৰৱ গগৈক আক্ৰমণৰ লক্ষ্য কৰি লয় ।
কংগ্ৰেছ প্ৰাৰ্থী গৌৰৱ গগৈ তথা কংগ্ৰেছ চৰকাৰক সমালোচনা কৰি মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই কয়, "আমাক নিজৰ কথা কোৱা মানুহ নালাগে, আমাক অসমৰ কথা কোৱা মানুহ লাগে । বিজেপি চৰকাৰে অসমৰ মানুহৰ কথা কয় । কংগ্ৰেছৰ তুষ্টিকৰণৰ ৰাজনীতি শেষ হ'ব লাগে ৷"
মুখ্যমন্ত্ৰীগৰাকীয়ে কয়, "কংগ্ৰেছৰ অসমৰ কথা ক'বলৈ সাহস নাই, গান্ধী পৰিয়ালৰ বন্দনা কৰিবৰ বাবেই কংগ্ৰেছৰ সাংসদ দিল্লীলৈ যাব খোজে । তাৰ বাহিৰে বিকল্প নাই । বিজেপিয়ে এখন নতুন অসম নিৰ্মাণৰ বাবে কাম কৰি গৈছে ৷ গৌৰৱ গগৈয়ে অসমত ৰাজনীতি কৰিলে নামাজ পঢ়িলেই নহ'ব, নাম-প্ৰসংগও কৰিব লাগিব ।"