অসম

assam

ETV Bharat / politics

২০ হাজাৰ মহিলাক লৈ অখিল গগৈ কিয় যাব হিমন্ত বিশ্ব শৰ্মাৰ ঘৰলৈ ? - RAIJOR DAL JOINING PROGRAMME

মাকুমত ৰাইজৰ দলৰ যোগদান কাৰ্যসূচী । অখিল গগৈৰ দাবী- '২৬ চনত বৃহৎ ৰাজনৈতিক দলৰূপে বহিঃপ্ৰকাশ ঘটিব ৰাইজৰ দলৰ ৷

Raijor Dal Joining Programme
মাকুমত ৰাইজৰ দলৰ যোগদান কাৰ্যসূচীত অখিল গগৈ (ETV Bharat Assam)

By ETV Bharat Assamese Team

Published : Dec 17, 2024, 7:59 PM IST

তিনিচুকীয়া : সমাগত পঞ্চায়ত নিৰ্বাচন ৷ ঠাই বিশেষে শাসক-বিৰোধী উভয় ৰাজনৈতিক দলে প্ৰস্তুত কৰিবলৈ ধৰিছে নিৰ্বাচনী ৰণনীতি । তাৰ সমান্তৰালকৈ এইবাৰ নৱগঠিত মাকুম সমষ্টিত ৰাইজৰ দলৰ ভেটি শক্তিশালী কৰিবলৈ মঙলবাৰে মাকুম যুগল কিশোৰ কেষাণ ভৱনত অনুষ্ঠিত কৰা ৰাইজৰ দলৰ যোগদান কাৰ্যসূচীত উপস্থিত হয় ৰাইজৰ দলৰ সভাপতি তথা শিৱসাগৰ সমষ্টিৰ বিধায়ক অখিল গগৈ ।

আপ, অসম জাতীয় পৰিষদৰ কেইবাগৰাকীও সদস্যই যোগদান কৰা কাৰ্যসূচীৰ আৰম্ভণিতে বিধায়ক অখিল গগৈয়ে উপস্থিত মহিলাসকলক উদ্দেশ্যি মাইক্ৰ'ফাইনেন্সৰ ঋণ মাফৰ বিষয়টো উত্থাপন কৰি মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাক চোকা ভাষাৰে সমালোচনা কৰে ।

মাকুমত ৰাইজৰ দলৰ যোগদান কাৰ্যসূচীত অখিল গগৈ (ETV Bharat Assam)

মহিলাসকলক উদ্দেশ্যি তেওঁ কয়, "আপোনালোকে মুখ্যমন্ত্ৰীৰ গালত চুমা খালে নহ'ব, আমাক ঋণ মাফ কৰি দিবনে নাই মুখ্যমন্ত্ৰীক প্ৰশ্ন কৰিব লাগিব । অহা মাৰ্চ মাহত মই আপোনালোকক অৰ্থাৎ প্ৰায় ২০ হাজাৰমান মহিলাক হিমন্ত বিশ্ব শৰ্মাৰ ঘৰলৈ লৈ যাম আৰু সুধিম, 'আপুনি এইসকল মহিলাক ঋণ মাফ কৰি দিম বুলি প্ৰতিশ্ৰুতি দিছিল । সেই প্ৰতিশ্ৰুতি কেতিয়া পূৰণ কৰিব ? অৰুণোদয়ৰ নামত বা বৃদ্ধ পেঞ্চন আৰু লগতে অংগনৱাড়ী কৰ্মী-সহায়িকাসকলে যিকেইটা পইচা পায়, সেইকেইটা পইচাৰে পৃথিৱীৰ কোনো মানুহে চলিব নোৱাৰে ।" মুখ্যমন্ত্ৰীক তীব্র ভাষাৰে সমালোচনা কৰি সভাত উপস্থিত থকা সহস্ৰাধিক মহিলাৰ সন্মুখত অখিল গগৈয়ে এনেদৰে কয় ।

লগতে আগন্তুক পঞ্চায়ত নিৰ্বাচনৰ বাবে এইবাৰ ৰাইজৰ দলে কঁকালত টঙালি বান্ধিছে বুলি সংবাদ মাধ্যমৰ আগত জানিবলৈ দি ৰাইজৰ দলৰ সভাপতিগৰাকীয়ে কয়, "বিজেপি, কংগ্ৰেছ, অসম গণ পৰিষদ, এ আই ইউ ডি এফ আৰু জাতীয় দল-সংগঠনৰ কেইবাগৰাকীও বিষয়ববীয়াই ৰাইজৰ দলত যোগদান কৰিবলৈ ইতিমধ্যে যোগাযোগ কৰিছে । গতিকে ২০২৬ চনত ৰাইজৰ দলৰ এক বৃহৎ ৰাজনৈতিক দল হিচাপে বহিঃপ্ৰকাশ ঘটিব ।"

লগতে পঢ়ক :'২৪ ৰ ৰাজনীতি: কোনে কি পালে, কোনে কি হেৰুৱালে ? কাৰ লাভ, কাৰ লোকচান ? - OVERVIEW OF 2024
লগতে পঢ়ক :এইখন বিধেয়কে সংবিধানৰ নীতি উলংঘা কৰিছে: গৌৰৱ গগৈ - ONE NATION ONE ELECTION BILL

ABOUT THE AUTHOR

...view details