অসম

assam

ETV Bharat / politics

উপ-নিৰ্বাচন-পঞ্চায়ত নিৰ্বাচনত বিৰোধী ঐক্যমঞ্চৰ লগত নাথাকে আপ ! - AAP Assam

AAP on Oppositions Unity Assam : সমাগত উপ-নিৰ্বাচন আৰু পঞ্চায়ত নিৰ্বাচন ৷ এই নিৰ্বাচনত বিৰোধী ঐক্যমঞ্চৰ সৈতে যুঁজ নিদিয়ে আপ, অসমে ৷ এই মন্তব্য আপৰ উত্তৰ পূৰ্বাঞ্চলৰ তত্বাৱধায়ক ৰাজেশ শৰ্মাৰ ৷

By ETV Bharat Assamese Team

Published : Jun 25, 2024, 7:31 PM IST

AAP Assam
উপ নিৰ্বাচন-পঞ্চায়ত নিৰ্বাচনত বিৰোধী ঐক্য মঞ্চৰ লগত নাথাকে আপ ! (ETV Bharat Assam)

গুৱাহাটী, ২৫ জুন :ইতিমধ্যে সকলোৰে জ্ঞাত যে, লোকসভা নিৰ্বাচনৰ সময়ত একপ্ৰকাৰে বিৰোধী ঐক্যমঞ্চৰ লগত থাকি নিৰ্বাচনত যুঁজ দিছিল আপ, অসমে ৷ কিন্তু এইবাৰ উপ-নিৰ্বাচন আৰু পঞ্চায়ত নিৰ্বাচনত বিৰোধী ঐক্যমঞ্চৰ লগত থাকি যুঁজ নিদিয়াৰহে সিদ্ধান্ত গ্ৰহণ কৰিছে আপ, অসমে । গুৱাহাটীত গণেশগুৰিত আপৰ ৰাজ্যিক কাৰ্যালয়ত মঙলবাৰে অনুষ্ঠিত এক সংবাদমেলযোগে আপৰ উত্তৰ পূৰ্বাঞ্চলৰ তত্বাৱধায়ক ৰাজেশ শৰ্মাই এই কথা সদৰী কৰে ।

উপ নিৰ্বাচন-পঞ্চায়ত নিৰ্বাচনত বিৰোধী ঐক্য মঞ্চৰ লগত নাথাকে আপ ! (ETV Bharat Assam)

তেওঁ কয়, ‘‘দেশৰ ৰাজনৈতিক পৰিস্থিতি সাপেক্ষে আৰু বিজেপিক প্ৰতিহত কৰাৰ বাবে আপে বিৰোধী ঐক্যমঞ্চত চামিল হৈ লোকসভা নিৰ্বাচনত অৱতীৰ্ণ হৈছিল । কিন্তু এইবাৰ উপ-নিৰ্বাচন আৰু পঞ্চায়ত নিৰ্বাচনত পৰিস্থিতি আৰু পৰিৱেশ বেলেগ । সেয়েহে আমি অসমত দলক শক্তিশালী কৰাৰ বাবে প্ৰচেষ্টা হাতত লৈছো । বুথ পৰ্যায়লৈ দলক শক্তিশালী কৰাৰ‌ বাবে পৰিকল্পনা গ্ৰহণ কৰা হৈছে ৷’’

তেওঁ আৰু কয়, ‘‘দলটোক অসমত শক্তিশালী কৰি নতুনকৈ জিলা আৰু ৰাজ্যিক কমিটী গঠন কৰা হ'ব । যাৰ বাবে দলটোৰ সকলো কমিটী ভংগ কৰা হৈছে । নতুন কমিটী গঠন কৰাৰ বাবে কাৰ্যকৰী কমিটীও গঠন‌ কৰা‌ হৈছে ।‌ ভৱেন চৌধুৰীক আহ্বায়ক হিচাপে নিৰ্বাচিত কৰা হৈছে ।’’

লগেত তত্বাৱধায়ক শৰ্মাই কয়, ‘‘ঘৰে ঘৰে গৈ সদস্য কৰা হ'ব ।‌ এমাহ ধৰি এই কাৰ্যসূচী হ'ব । যোগ্যতাৰ ভিত্তিত জিলা আৰু ৰাজ্যিক কমিটী গঠন কৰা হ'ব । অন্য ৰাজনীতি দলৰ সদস্যক লৈ আহ্বান জনোৱা হৈছে আপত যোগদান কৰাৰ বাবে । অসমৰ জনতাৰ আকাংক্ষা পূৰণ কৰাৰ লক্ষ্য লৈ আপে এইবাৰ শক্তিশালী ৰূপত কাম কৰিব । সকলো বুথ পৰ্যায়ত আপৰ সদস্য থাকিব ।’’

উল্লেখ্য যে, মঙলবাৰে আয়োজিত এই সংবাদমেলত আপৰ ৰাজ্যিক সভাপতি ভৱেন চৌধুৰীও উপস্থিত থাকে ।

লগতে পঢ়ক :লক্ষ্য ২০২৬ চনৰ বিধানসভা নিৰ্বাচন; অসমত আপৰ সকলো সমিতি ভংগ - AAP Assam Committees Dissolve

ABOUT THE AUTHOR

...view details