তেজপুৰ, 19 এপ্ৰিল:ৰাজ্যত আৰম্ভ হ’ললোকসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়ৰ বাবে ভোটগ্ৰহণ অনুষ্ঠান ৷ শুকুৰবাৰৰ পুৱা 7 বজাৰ পৰা আৰম্ভ হ’ল বিশ্বৰ সৰ্ববৃহৎ গণতান্ত্ৰিক উৎসৱ । প্ৰথম পৰ্যায়ৰ এই লোকসভা নিৰ্বাচন অসমৰ পাঁচটা সমষ্টিত আৰম্ভ হৈছে ।
11 নং শোণিতপুৰ লোকসভা সমষ্টিত মুঠ 1878 টা ভোটকেন্দ্ৰত বন্দী হ’ব 7 জন প্ৰাৰ্থীৰ ভাগ্য । শোণিতপুৰ জিলাৰ পাঁচটা বিধানসভা সমষ্টিত মুঠ 1100 টা ভোটগ্ৰহণ কেন্দ্ৰ স্থাপন কৰা হৈছে । জিলাখনত 150 টা ভোটগ্ৰহণ কেন্দ্ৰ মহিলা বিষয়াৰ দ্বাৰা পৰিচালিত হ’ব । বিশেষভাৱে সক্ষম বিষয়াৰ দ্বাৰা পৰিচালিত হ’ব 3 টা ভোটকেন্দ্ৰ আৰু 9 টা ভোটকেন্দ্ৰ যুৱ বিষয়াৰ দ্বাৰা পৰিচালিত হ’ব ।
তেজপুৰৰ দৰং মহাবিদ্যালয়ত সমবেত হৈছে বিষয়াসকল : 11 নং শোণিতপুৰ লোকসভাৰ 9 টা বিধানসভা সমষ্টিৰ মুঠ ভোটাৰ 16,25,364 জন । শোণিতপুৰ জিলাৰ 5 টা বিধানসভা সমষ্টিৰ মুঠ ভোটাৰ হৈছে 9,51,285 গৰাকী । মুঠ পুৰুষ ভোটাৰ 473037 জন আৰু মহিলা ভোটাৰ হৈছে 478248 গৰাকী ।
150 টা ভোটকেন্দ্রত হ’ব মহিলাৰ দ্বাৰা ভোট গ্ৰহণ । জিলাখনত আছে 5 টা আদৰ্শ ভোটকেন্দ্ৰ । শোণিতপুৰ জিলাত 10 টা যুৱ ভোট কেন্দ্ৰ আৰু বিশেষভাবে সক্ষম লোকৰ বাবে আছে 3 টা ভোটকেন্দ্ৰ । জিলাখনত শাৰীৰিকভাবে সক্ষম ভোটাৰ আছে 6428 গৰাকী আৰু ছাৰ্ভিছ ভোটাৰ হৈছে 3697 আৰু 1500 ভোটাৰৰ নাম কৰ্ত্তন কৰা হৈছে ।
11 নং শোণিতপুৰ লোকসভা সমষ্টিত 1878 টা ভোট কেন্দ্ৰ স্থাপন, ইয়াৰ ভিতৰত শোণিতপুৰ জিলাৰ পাঁচটা বিধানসভা সমষ্টিত 1100 টা ভোট কেন্দ্ৰ আছে ৷ ইয়াৰ ভিতৰত 27 টা স্পৰ্শকাতৰ বুলি বিবেচিত । নিৰ্বাচনত 5 টা বিধানসভাত মুঠ 5000 জন বিষয়া-কৰ্মচাৰী নিয়োগ কৰা হয় আৰু 20% অতিৰিক্ত হিচাবে আছে ৷
নিৰ্বাচন সুচাৰুভাৱে পৰিচালনা কৰিবলৈ 118 জন চেক্টৰ বিষয়া আৰু 24 জন মণ্ডল বিষয়া নিয়োগ কৰা হৈছে । অতিৰিক্তভাবে 10 টা সুৰক্ষা বাহিনী গোট নিয়োগ কৰা হৈছে ।