অসম

assam

ETV Bharat / opinion

কানাডাৰ ওচৰত এতিয়াও পৰি ৰৈছে ভাৰতৰ 26টা প্ৰত্যাৰ্পণ অনুৰোধ; কোন 5 গৰাকী মোষ্ট ৱাণ্টেড

কানাডালৈ প্ৰেৰণ কৰা অমীমাংসিত প্ৰত্যাৰ্পণ অনুৰোধৰ বিৱৰণ সদৰী কৰি, বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে পাঁচজন ব্যক্তিৰ নাম উল্লেখ কৰিছে।

ETV Bharat
বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ মুখপাত্ৰ ৰণধীৰ জয়ছোৱাল (ETV Bharat)

By Aroonim Bhuyan

Published : 5 hours ago

নতুন দিল্লীঃশিখ বিচ্ছিন্নতাবাদীসকলৰ প্ৰতি অটোৱাৰ সমৰ্থনক কেন্দ্ৰ কৰি ভাৰত আৰু কানাডাৰ মাজত চলি থকা কূটনৈতিক বিবাদৰ মাজতে বিগত সপ্তাহত বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে প্ৰকাশ কৰে যে নতুন দিল্লীৰ পৰা প্ৰায় 26 টা প্ৰত্যাৰ্পণৰ অনুৰোধ এক দশকৰো অধিক সময় ধৰি কানাডাৰ ওচৰত অমীমাংসিতভাৱে পৰি ৰৈছে।

বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ মুখপাত্ৰ ৰণধীৰ জয়ছোৱালে তেওঁৰ নিয়মীয়া সংবাদ মেলৰ সময়ত এই বিষয়ে তথ্য সদৰী কৰি পাঁচজন সন্ত্ৰাসবাদী আৰু অপৰাধীৰ নাম উল্লেখ কৰে। জয়ছোৱালে লগতে কয় যে বিগত এটা দশকত ভাৰতৰ তৰফৰ পৰা কানাডালৈ প্ৰেৰণ কৰা 26 টা প্ৰত্যাৰ্পণৰ অনুৰোধ এতিয়াও দেশখনৰ তৰফৰ পৰা ৰক্ষা কৰিবলৈ বাকী আছে।

"কানাডাৰ পক্ষৰ ওচৰত 26 টা প্ৰত্যাৰ্পণ অনুৰোধ ৰৈ আছে," জয়ছোৱালে কয়। "এইবোৰ যোৱা দশক বা ততোধিক সময়ৰ ভিতৰৰ । ইয়াৰ ভিতৰত কেইবাটাও অপৰাধীসকলৰ অন্তৱৰ্তীকালীন গ্ৰেপ্তাৰৰ অনুৰোধো আছে, যিবোৰ কানাডাৰ পক্ষৰ ওচৰত বিচাৰাধীন হৈ আছে।"

তাৰ পিছত তেওঁ "কিছুমান উল্লেখযোগ্য লোকৰ" নাম উল্লেখ কৰে, যিসকলক সন্ত্ৰাস আৰু সম্পৰ্কিত অপৰাধৰ বাবে অভিযুক্ত কৰা হৈছে। "তেওঁলোক হৈছে গুৰজিৎ সিং, গুৰজিন্দৰ সিং, গুৰপ্ৰীত সিং, লাখবীৰ সিং লাণ্ডা আৰু অৰ্শদীপ সিং গিল। তেওঁলোকক সন্ত্ৰাসবাদ আৰু কিছুমান সম্পৰ্কিত অভিযোগতো বিচৰা হৈছে," তেওঁ কয়।

জয়ছোৱালৰ মতে, ভাৰতে লৰেন্স বিষ্ণোই গেঙৰ সদস্যসকলকে ধৰি দেশখনত সক্ৰিয় গেংবোৰৰ সদস্যসকলৰ সন্দৰ্ভত কানাডা চৰকাৰৰ সৈতে নিৰাপত্তা সম্পৰ্কীয় তথ্যও ভাগ বাটোৱাৰা কৰিছে আৰু কানাডিয়ান চৰকাৰক এই গেংগষ্টাৰসকলক গ্ৰেপ্তাৰ কৰিবলৈ আৰু/বা আইন অনুসৰি যথাযথ ব্যৱস্থা ল'বলৈ অনুৰোধ জনাইছে। তেওঁ লগতে কয়, "যদিও আমি এই তথ্যবোৰ আদান-প্ৰদান কৰিছো, এতিয়ালৈকে আমাৰ অনুৰোধত কানাডা কৰ্তৃপক্ষই কোনো ব্যৱস্থা গ্ৰহণ কৰা নাই।" "এইটো অতি গুৰুতৰ।"

একে সময়তে, তেওঁ ইয়াক "অতি আচৰিত" বুলি অভিহিত কৰে যে ৰয়েল কানাডিয়ান মাউণ্টেড পুলিচে (আৰচিএমপি) কোনো পদক্ষেপ লোৱাৰ পৰিৱৰ্তে কানাডাত অপৰাধ কৰা এই লোকসকলৰ বাবে ভাৰতীয় পক্ষক দোষাৰোপ কৰিছে।

পিচে, এই পাঁচজন সন্ত্ৰাসবাদী আৰু অপৰাধী কোন কোন যাৰ নাম মুখপাত্ৰজনে বিশেষভাৱে উল্লেখ কৰাটো গুৰুত্বপূৰ্ণ বুলি বিবেচনা কৰিছে আৰু তেওঁলোকৰ বিৰুদ্ধে কি কি অভিযোগ আছে?

গুৰজিৎ সিং চিমা

গুৰজিৎ সিং চিমা, মূলতঃ পঞ্জাৱৰ গুৰুদাসপুৰ জিলাৰ যোগী চিমাৰ বাসিন্দা, যি বৰ্তমান কানাডাৰ ব্ৰেম্পটনত বাস কৰে। তেওঁ কানাডাৰ নাগৰিকত্ব লাভ কৰিছে আৰু আন্তৰ্জাতিক শিখ যুৱ ফেডাৰেশ্যন (ISYF)ৰ এজন কুখ্যাত কৰ্মী। টৰণ্টোৰ ব্ৰেম্পটনস্থিত সিং খালচা সেৱা ক্লাবৰ সৈতে চিমাৰ সক্ৰিয়ভাৱে জড়িত। উল্লেখ্য যে 2002 চনৰ 22 মাৰ্চত ভাৰত চৰকাৰে সন্ত্ৰাসবাদ প্ৰতিৰোধ আইনৰ (পোটা) অধীনত ISYF ক নিষিদ্ধ ঘোষণা কৰে। গুৰজিতে পঞ্জাৱত টাৰ্গেট কিলিঙৰ বাবে শিখ যুৱক-যুৱতীসকলক নিয়োগ কৰা, কট্টৰপন্থী বনোৱা আৰু পুঁজি যোগান ধৰাৰ দৰে কাৰ্যবোৰৰ সৈতে জড়িত হৈ আছে।

মাৰ্চ-এপ্ৰিল 2017 ত পঞ্জাৱ ভ্ৰমণৰ সময়ত, তেওঁ এই কাৰ্যকলাপবোৰৰৰ বাবে এটা সন্ত্ৰাসবাদী মডিউল স্থাপনত সহায় কৰিছিল। জুলাই 2016 আৰু মে 2017-ত, তেওঁ মডিউলটোৰ এজন সদস্য সুখমনপ্ৰীত সিঙক এই কাৰ্যকলাপবোৰত সহায় কৰিবলৈ 75,000 টকা স্থানান্তৰ কৰিছিল। গুৰজিতে লখবীৰ সিং ৰোডেৰ সৈতে থকা সম্পৰ্কৰ জৰিয়তে পাকিস্তানৰ পৰা সন্ত্ৰাসবাদী উপকৰণ ৰপ্তানি কৰাত সহায় কৰিছিল আৰু মডিউলটোৰ বাবে অস্ত্ৰ সংগ্ৰহ কৰিবলৈ মাৰ্চ 2017 ত মধ্য প্ৰদেশৰ গোৱালিয়ৰলৈ যাত্ৰা কৰিছিল।

গুৰজিন্দৰ সিং পন্নু

গুৰজিন্দৰ সিং পন্নু, যি মূলতঃ তৰণতাৰণৰ নৌশহৰা পন্নুৱানৰ বাসিন্দা, এতিয়া কানাডাৰ হেমিল্টনত বাস কৰে। ইয়াৰ কানাডিয়ান নাগৰিকত্বও আছে। ISYF ৰ কৰ্মী আৰু সিং খালচা সেৱা ক্লাবৰ সদস্য পন্নু শিখ যুৱকসকলক উগ্ৰপন্থী বনোৱা আৰু সন্ত্ৰাসবাদী মডিউলসমূহক সমৰ্থন কৰিবলৈ পুঁজি সংগ্ৰহ কৰা কাৰ্যত সক্ৰিয়ভাৱে জড়িত হৈ আছে।

জুন 2016 ৰ পৰা ফেব্ৰুৱাৰী 2017-ৰ ভিতৰত, গুৰজিন্দৰে অস্ত্ৰ ক্ৰয়ৰ সুবিধাৰ বাবে এই সন্ত্ৰাসবাদী মডিউলৰ সদস্যসকললৈ 370,000 টকাৰ অধিক ধন স্থানান্তৰ কৰিছিল।

গুৰপ্ৰীত সিং

গুৰপ্ৰীত সিং, মূলতঃ পাঞ্জাৱৰ মোগাৰ আৰু বৰ্তমান কানাডাৰ অণ্টাৰিঅ'ত বাস কৰা, এজন কানাডিয়ান নাগৰিক আৰু আই.এছ.ৱাই.এফ.-ৰ এজন কৰ্মী। তেওঁ টৰণ্টোৰ সিং খালচা সেৱা ক্লাবৰ এজন সক্ৰিয় সদস্য। গুৰপ্ৰীত ,পঞ্জাৱত টাৰ্গেট কিলিঙৰ বাবে শিখ যুৱক-যুৱতীসকলক নিয়োগ কৰা, কট্টৰপন্থী সজোৱা আৰু তেওঁলোকক আৰ্থিকভাৱে সমৰ্থন কৰাৰ দৰে কাৰ্যকলাপবোৰৰ সৈতে ওতঃপ্ৰোতভাৱে জড়িত।

2016 চনৰ মাৰ্চ মাহত ভাৰত ভ্ৰমণৰ সময়ত তেওঁ অঞ্চলটোত সন্ত্ৰাসবাদী কাৰ্যকলাপৰ বাবে এটা ISYF মডিউল স্থাপন কৰে। 2016 চনৰ নৱেম্বৰত, খালিস্তান লিবাৰেচন ফ'ৰ্চৰ (কেএলএফ) নেতা হৰমিন্দৰ পিএইচডিৰ সমৰ্থনত, যি পিছলৈ 2020 চনত পাকিস্তানত নিহত হৈছিল, গুৰপ্ৰীতে মডিউলৰ সদস্যসকলৰ বাবে দুটা পিষ্টল লাভ কৰে।

তদুপৰি এপ্ৰিল 2017-ত, তেওঁ মডিউলটোৰ বাবে গোৱালিয়ৰৰ পৰা পিষ্টল ক্ৰয় কৰিবলৈ অতিৰিক্ত পুঁজি যোগান ধৰিছিল। জুন 2016 আৰু ফেব্ৰুৱাৰী 2017-ৰ ভিতৰত, তেওঁ মডিউলটোৰ কাৰ্যকলাপ আগবঢ়াবলৈ 1,00,000 টকাতকৈও অধিক স্থানান্তৰ কৰিছিল।

লখবীৰ সিং লাণ্ডা

যোৱা বছৰৰ ডিচেম্বৰ মাহত, গেংষ্টাৰ লখবীৰ সিং সন্ধুক, যাক 'লাণ্ডা' বুলিও জনা যায়, ভাৰতৰ গৃহ মন্ত্ৰালয়ে আনুষ্ঠানিকভাৱে 'সন্ত্ৰাসবাদী' হিচাপে ঘোষণা কৰিছিল। খালিস্তানি গোট বব্বৰ খালচা ইণ্টাৰনেশ্যনেলৰ (BKI) এক নেতা, লাণ্ডা, বেআইনী কাৰ্যকলাপ (প্ৰতিৰোধ) আইন (UAPA)ৰ অধীনত সন্ত্ৰাসবাদী হিচাপে ঘোষিত 55 তম ব্যক্তি। তেওঁক ভাৰতত কেইবাটাও অপৰাধৰ বাবে বিচৰা হৈছে, আৰু গৃহ মন্ত্ৰালয়ে অন্যান্য সন্ত্ৰাসবাদী কাৰ্যকলাপৰ উপৰিও তেওঁৰ বিৰুদ্ধে 2022 চনত মোহালিস্থিত পঞ্জাৱ আৰক্ষীৰ চোৰাংচোৱা বিভাগৰ মুখ্য কাৰ্যালয়ত ৰকেট আক্ৰমণৰ ষড়যন্ত্ৰ ৰচনা কৰাৰ অভিযোগ উত্থাপন কৰিছে।

1989 চনত পঞ্জাৱৰ তৰণতাৰণত জন্মগ্ৰহণ কৰা লাণ্ডাৰ বিৰুদ্ধে সমগ্ৰ ৰাজ্যজুৰি 30 টাতকৈও অধিক অপৰাধমূলক গোচৰ ৰজু হৈ আছে। কানাডালৈ পলাই যোৱাৰ পিছত, তেওঁ এতিয়া এডমণ্টন, আলবাৰ্টাত বাস কৰে। লাণ্ডাৰ পাকিস্তানী গেংষ্টাৰ হৰবিন্দৰ সিং সন্ধু, ওৰফে ৰিন্দাৰ সৈতেও ঘনিষ্ঠ সম্পৰ্ক আছে বুলি জনা যায়। যোৱা বছৰৰ ছেপ্টেম্বৰত তেওঁলোকৰ দুয়োৰে নাম ৰাষ্ট্ৰীয় অনুসন্ধান সংস্থা (এনআইএ) এ জাৰি কৰা খালিস্তানপন্থী বিকেআইৰ পাঁচজন সদস্যৰ তালিকাত প্ৰকাশ পাইছিল, যাৰ বাবে তেওঁলোকক গ্ৰেপ্তাৰ কৰা উদ্দেশ্যৰে নগদ পুৰস্কাৰো ঘোষণা কৰা হৈছিল।

অৰ্শদীপ সিং গিল, ওৰফে অৰ্শ দল্লা

জঘন্য অপৰাধত জড়িত থকাৰ অভিযোগত যোৱা বছৰ জানুৱাৰীত গৃহ মন্ত্ৰালয়ে অৰ্শ দাল্লা নামেৰে জনাজাত অৰ্শদীপ সিং গিলক সন্ত্ৰাসবাদী বুলি ঘোষণা কৰিছিল। মূলতঃ পঞ্জাৱৰ মোগা জিলাৰ দল্লা গাঁৱৰ অৰ্শদীপ কেইবাটাও সংগঠিত অপৰাধমূলক কাৰ্যকলাপত জড়িত হৈ আছে। তেওঁ খালিস্তান টাইগাৰ ফ'ৰ্চ (KTF) আৰু আন্তৰ্জাতিক শিখ যুৱ ফেডাৰেশ্যন (ISYF)ৰ দৰে উগ্ৰপন্থী গোটৰ সৈতে জড়িত।

অৰ্শদীপ কুখ্যাত কানাডিয়ান গেংষ্টাৰ গোল্ডি ব্ৰাৰৰ সৈতেও জড়িত, যি লৰেন্স বিষ্ণোই দলৰ সদস্য। অৰ্শদীপ সীমাৰ সিপাৰৰ পৰা অস্ত্ৰ আৰু ড্ৰাগছৰ চোৰাং সৰবৰাহৰ ব্যৱসায়ত জড়িত বুলি জনা যায় আৰু প্ৰায়ে পাকিস্তানস্থিত অপৰাধীসকলৰ সৈতে সহযোগিতা কৰাৰ লগতে ড্ৰোণৰ জৰিয়তে ভাৰতলৈ অস্ত্ৰ সৰবৰাহ কৰাৰ দৰে কাৰ্যত জড়িত বুলি কোৱা হয়।

তেওঁৰ পৰিচালিত অপৰাধী নেটৱৰ্কে যুৱকসকলক সন্ত্ৰাসবাদী গোটত নিয়োগ কৰা আৰু তেওঁলোকক উগ্ৰপন্থী সজোৱাত এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। অৰ্শদীপৰ কাৰ্যকলাপবোৰৰ বাবে, তেওঁক ভাৰতীয় কৰ্তৃপক্ষই এক ডাঙৰ ভাবুকি হিচাপে চিনাক্ত কৰিছে য তদুপৰি অৰ্শদীপ ৰাষ্ট্ৰীয় অনুসন্ধানকাৰী সংস্থা NIA ৰ ৰাডাৰত আছে, যিয়ে তেওঁৰ গ্ৰেপ্তাৰৰ বাবে ৰেড কৰ্ণাৰ জাননীও জাৰি কৰিছে।

সংবাদ মাধ্যমক সম্বোধনৰ সময়ত মুখপাত্ৰ জয়ছোৱালে কয় যে ভাৰতে সদায় কানাডাৰ বিচ্ছিন্নতাবাদী শক্তিসমূহৰ বিৰুদ্ধে কঠিন ব্যৱস্থা গ্ৰহণৰ বাবে ওকালতি কৰি আহিছে, কিন্তু ইয়াৰ কোনো ফলাফল পোৱা নাই। তেওঁ কয় যে ৰাজনৈতিক কাৰণত কানাডাত ভাৰত বিৰোধী উপাদানসমূহক উৎসাহিত কৰা হৈছে।

লগতে পঢ়ক:ভাৰত-কানাডাৰ সম্পৰ্কৰ অৱনতি ! আন দেশবোৰৰ সৈতে কূটনৈতিক সম্পৰ্কত কেতিয়া আহিছিল তিক্ততা

ABOUT THE AUTHOR

...view details