ওজন কমাবলৈ বা ফিট হৈ থাকিবলৈ বহু পদ্ধতিৰ চেষ্টা কৰা হয়, য’ত মাজে মাজে ইন্টাৰমিটেড ফাষ্টিঙৰ পৰা কীট’ ডায়েটলৈকে অন্তৰ্ভুক্ত কৰা হয় ৷ সঠিক ওজন বজাই ৰাখিবলৈ বহুলোকে ৱৰ্কআউট আৰু বিভিন্ন ধৰণৰ ব্যায়ামো কৰে যাতে শাৰীৰিকভাৱে তেওঁলোক ফিট হৈ থাকিব পাৰে ৷ যদিও সকলোৱে ৱৰ্কআউট বা ব্যায়াম কৰিব পৰাটো প্ৰয়োজনীয় নহয়, কিন্তু বেছিভাগ মানুহেই নিশ্চিতভাৱে খোজ কঢ়াৰ ৰুটিন মানি চলিব পাৰে ৷ কম পৰিশ্ৰমেৰে শৰীৰটো সুস্থ কৰি ৰাখিবলৈ এইটোৱেই উত্তম উপায় ৷ আপুনি জানেনে যে খোজ কঢ়াৰ বহু প্ৰকাৰ আছে আৰু ইয়াৰ দ্বাৰা স্বাস্থ্যৰ বাবে বিভিন্ন উপকাৰিতা সাধন হয় ৷ খুব কম সংখ্যক লোকহে এই বিষয়ে জ্ঞাত যে তেওঁলোকে কেনেধৰণে খোজ কাঢ়িব লাগে ৷
সেয়ে আজি এই প্ৰতিবেদনৰ জৰিয়তে আমি আপোনালোকক কিছু প্ৰকাৰৰ খোজৰ বিষয়ে ক’ম লগতে আপোনাৰ শৰীৰৰ বাবে কেনেধৰণে খোজ কাঢ়িলে উপকাৰী হ’ব জানি লওক-
ব্ৰিস্ক ৱকিং
এয়া এনে এটা খোজৰ প্ৰকাৰ য’ত আপুনি স্বাভাৱিকতকৈ অধিক বেগেৰে খোজ কাঢ়িব লাগে কিন্তু এয়া দৌৰা বা জগিঙৰ দৰে নহয় ৷ অধ্যয়নত এইটোও প্ৰকাশ পাইছে যে যদি আপুনি দৈনিক কমেও ৩০ মিনিট আৰু সপ্তাহত ৫ বাৰ এই খোজ কঢ়াৰ এই নিয়ম অনুসৰণ কৰে তেন্তে ই আপোনাৰ ৰক্তচাপ নিয়ন্ত্ৰণত ৰখাৰ লগতে আৰু কলেষ্টেৰল কমোৱাতো সহায় কৰিব ৷ সহজ ভাষাত ক’বলৈ গ’লে আমাৰ হৃদযন্ত্ৰৰ স্বাস্থ্য ইয়াৰ দ্বাৰা সদায় সুস্থ হৈ থাকিব ৷ যিসকল লোকৰ হৃদযন্ত্ৰৰ সমস্যা আছে তেওঁলোকে বিশেষজ্ঞৰ পৰামৰ্শ মতে খোজ কাঢ়িবলৈ আৰম্ভ কৰাটো উচিত ৷
পাৱাৰ ৱকিং
এয়া ব্ৰিস্ক ৱাকৰ আপগ্ৰেটেড টাইপ বুলি ক’লেও ভুল নহ’ব ৷ য'ত প্ৰায় ১ কিলোমিটাৰ খোজ কাঢ়িব লাগে ৪ৰ পৰা ৫ মাইল প্ৰতি ঘণ্টাত ৷ যিসকলে ওজন কমাব বিচাৰে তেওঁলোকৰ বাবে এই প্ৰকাৰৰ খোজ এক প্ৰকাৰৰ ভাল বিকল্প হ’ব পাৰে ৷ ইয়াৰ ফলত কেলৰি কম হোৱাই নহয় ওজন নিয়ন্ত্ৰণতো সহায়ক হয় ৷ আমি দৈনিক ১ কিলোমিটাৰ পাৱাৰ ৱাক কমেও সপ্তাহত ৫ বাৰ কৰিব লাগিব ৷