বৰ্তমান সময়ত প্ৰায় শিশুৰ পৰা প্ৰাপ্তবয়স্কলৈকে সকলোৰে এটা হাতত মোবাইল ফোন দেখিবলৈ পোৱা যায় ৷ আজিকালি মানুহ মোবাইল ফোনৰ প্ৰতি ইমানেই অভ্যস্ত হৈ পৰিছে যে গোটেই দিনটো মোবাইল ফোনতেই ব্যস্ত থাকে, যাৰ বাবে বহু সমস্যাৰ আশংকা বাঢ়ি যায় ৷ ইয়াৰে এটা সমস্যা হ’ল টোপনিৰ অভাৱ, দৰাচলতে সম্পূৰ্ণ নিদ্ৰা গ্ৰহণ কৰাটো স্বাস্থ্যৰ বাবে অতিকৈ গুৰুত্বপূৰ্ণ ৷ ইয়াৰ সৈতে আপুনি গোটেই দিনটো সুখী আৰু শক্তিশালী হৈ থাকিব ৷ ভাল টোপনিয়ে আমাৰ মন আৰু শৰীৰৰ সুস্থতা আৰু বিষমুক্ত কৰাত সহায় কৰে ৷ ভাল টোপনিৰ দ্বাৰা শাৰীৰিক আৰু মানসিক সমস্যাৰ পৰা হাত সাৰিব পাৰি ৷
ডাঃ দীক্ষাই কয় যে, মোবাইল ফোনত বহু সময় ধৰি ব্যৱহাৰ কৰিলে চকুত চাপ পৰিব পাৰে আৰু ডিজিটেল আই চিনড্ৰম বা কম্পিউটাৰ ভিজন চিনড্ৰম হ’ব পাৰে ৷ ইয়াৰ লগতে তেওঁ আৰু কয় যে, অটো-ইম্যুন ডিছঅৰ্ডাৰ, হৰম’নৰ ভাৰসাম্যহীনতা, ছালৰ সমস্যা, কেন্সাৰ, লুপাছ আৰু থাইৰয়ডত আক্ৰান্ত ৯৯ শতাংশ ৰোগীয়ে টোপনিৰ মান উন্নত কৰি ভাল অনুভৱ কৰিব পাৰে ৷
NHLBI - National Institutes of Health (NIH)ৰ ৱেবছাইট অনুসৰি টোপনিৰ অভাৱত কেইবাটাও সমস্যাৰ সৃষ্টি হ’ব পাৰে ৷
টোপনিৰ মানদণ্ড উন্নত নহ’লে বহু সমস্যাৰ সৃষ্টি কৰিব পাৰে । টোপনিৰ অভাৱত উদ্বেগ, হতাশা, মেজাজৰ দোলন আদি মানসিক সমস্যাৰ সৃষ্টি হ’ব পাৰে । ইয়াৰ উপৰিও হৃদৰোগ, ডায়েবেটিছ আৰু ওজন বৃদ্ধিৰ দৰে শাৰীৰিক সমস্যাৰো সৃষ্টি হ’ব পাৰে ।
ভাল নিদ্ৰাৰ বাবে sleepfoundationএ আগবঢ়াইছে কিছুমান টিপছ-
পুৱা সোনকালে উঠিবলৈ চেষ্টা কৰক। সূৰ্যৰ সৈতে দিনটো আৰম্ভ কৰিলে প্ৰকৃতিৰ লগত মিল থকা অনুভৱ হ’ব পাৰে । এনে কৰিলে ৰাতি সোনকালে টোপনি আহিব । শুবলৈ যোৱাৰ আগতে গৰম গাখীৰ বা ৰঙা চাহ খাব পাৰে । হালধি গাখীৰ বা বনৌষধি চাহ যেনে কেমোমিল, ব্ৰাহ্মী, গোলাপ, নীলা মটৰ ফুলৰ চাহে অন্ত্ৰৰ লগতে মনকো সকাহ দিয়ে । নাকেৰে উশাহ লোৱাৰ অভ্যাস কৰক । এনে কৰিলে আপুনি শান্তিৰে শুব পাৰিব । বিচনাত পৰি থকা অৱস্থাত ফোন বা টিভি ব্যৱহাৰ কৰাৰ পৰা বিৰত থাকক । শুবলৈ যোৱাৰ আগতে গা ধুব পাৰে । ইয়াৰ দ্বাৰা আপোনাৰ গোটেই দিনটোৰ ভাগৰ দূৰ হোৱাত সহায় হ’ব । ভৰিৰ মালিচ কৰক । এনে কৰিলে আপুনি উষ্ণ অনুভৱ কৰিব, আপোনাৰ মন আৰু শৰীৰে শিথিলতা লাভ কৰিব । শোৱাৰ আগতে নাকত ২ টোপাল গৰুৰ ঘিউ দিব শুব । দিনটো আৰম্ভ আৰু শেষ কৰাৰ আটাইতকৈ উত্তম উপায় হ’ল প্ৰাৰ্থনা । ইয়াৰ বাবে প্ৰাৰ্থনা কৰক । (সতৰ্কীকৰণ: এই প্ৰতিবেদনত আপোনাক দিয়া সকলো স্বাস্থ্য তথা জীৱনশৈলী সম্পৰ্কীয় যিকোনো তথ্য আৰু পৰামৰ্শ কেৱল আপোনাৰ সাধাৰণ তথ্যৰ বাবেহে আগবঢ়োৱা হৈছে । আমি এই তথ্য বৈজ্ঞানিক গৱেষণা, অধ্যয়ন, চিকিৎসা আৰু স্বাস্থ্য পেছাদাৰী পৰামৰ্শৰ ভিত্তিত প্ৰদান কৰিছো । আপুনি এই উপায় বা পদ্ধতি অনুসৰণ কৰাৰ আগতে এই বিষয়ে বিতংভাৱে জনাটো উচিত তথা আপোনাৰ ব্যক্তিগত চিকিৎসকৰ পৰামৰ্শ গ্ৰহণ কৰাটো উচিত ।)
লগতে পঢ়ক