অসম

assam

ETV Bharat / lifestyle

উভতি চাও 2024: ৰাজ্য অনুসৰি 2024 বৰ্ষৰ জনপ্ৰিয় গীত কোনটো ? - YEAR ENDER 2024

পূবৰ পৰা পশ্চিমলৈ তথা উত্তৰৰ পৰা দক্ষিণলৈ 2024 চনত জনপ্ৰিয়তা অৰ্জন কৰা ভাৰতীয় গীতসমূহৰ বিষয়ে জানো আহক-

Top viral poppuler songs
উভতি চাও 2024: ৰাজ্য অনুযায়ী কোনটো গীত এই বৰ্ষত হৈ পৰিল জনপ্ৰিয় (ETV Bharat)

By ETV Bharat Lifestyle Team

Published : 14 hours ago

এই বৰ্ষত ভাৰতৰ কেইবাটাও গীতে জনসাধাৰণৰ মাজত জনপ্ৰিয়তা অৰ্জন কৰিবলৈ সক্ষম হৈছিল ৷ ইউটিউবটো এই গীত সমূহে বিপুল সঁহাৰি লাভ কৰিছে ৷ আজিৰ এই প্ৰতিবেদনত আমি পূবৰ পৰা পশ্চিমলৈ তথা উত্তৰৰ পৰা দক্ষিণলৈ 2024 চনত জনপ্ৰিয়তা অৰ্জন কৰা ভাৰতীয় গীতসমূহৰ বিষয়ে জানো আহক যিয়ে আপোনাক আনন্দ দিয়াই নহয় এবাৰ কঁকাল ঘূৰাই নাচিবলৈও বাধ্য কৰাব ৷

তেন্তে পলম নকৰি 2024 বৰ্ষত জনপ্ৰিয়তা লাভ কৰা ভাৰতীয় গীতসমূহ নো কি কি জানো আহক-

যুদ্ধ

2024 চনত বিহু, সামাজিক অনুষ্ঠানত সকলোৰে মন প্ৰাণ নাচি উঠা এটি অসমীয়া গীত হৈছে যুদ্ধ ৷ প্ৰাণদ্বীপৰ কণ্ঠ, সহযোগী কণ্ঠত ৰিদিপ্তা শৰ্মাৰ এই গীতটি আজিও ৰাইজৰ মুখে মুখে ৷ শোণিত গগৈৰ কথা, বিজয় শৰ্মাৰ সংগীত ৷ গীতটিত অভিনয় কৰিছে ত্ৰিদ্বীপ লাহন, চুমকী কছাৰী, নিৰুপম শইকীয়া, শিল্পীশিখা বৰাই ৷ গীতটিয়ে ইতিমধ্যে ইউটিউবত 29 মিলিয়ন দৰ্শক লাভ কৰিবলৈ সক্ষম হৈছে ৷

আজ কী ৰাত

2024 চনত ষ্ট্ৰী ছবিখনে যথেষ্ট জনপ্ৰিয়তা বুটলিবলৈ সক্ষম হৈছিল তাৰেই এটি হিন্দী গীত আজ কী ৰাত গীতটিয়ে দৰ্শকৰ বিপুল সঁহাৰি লাভ কৰিবলৈ সক্ষম হৈছিল ৷ এই বৰ্ষত সকলো পাৰ্টি, অনুষ্ঠানত এই গীতটি শুনিবলৈ পোৱা গৈছিল ৷ তামান্না ভাটিয়া, ৰাজকুমাৰ ৰাওৰ অভিনয় গীতটিত দেখিবলৈ পোৱা গৈছিল ৷ মধুবন্তী বাক্সি, দিব্য কুমাৰৰ কন্ঠ তথা শচীন জিগাৰৰ সংগীত পৰিচালনাৰ এই গীতটিয়ে ইউটিউবত এতিয়ালৈকে 696 মিলিয়ন দৰ্শক লাভ কৰিবলৈ সক্ষম হৈছে ৷

লাগে উৰা ধুৰা

2024 চনত বাংলা গীতৰ কথা ক’বলৈ গ’লে টুফান ছবিৰ গীত 'লাগে উৰা ধুৰা' গীতটিয়ে জনপ্ৰিয়তা বুটলিবলৈ সক্ষম হৈছিলে ৷ প্ৰীতম হাছান আৰু দেবশ্ৰী অন্তৰাৰ কণ্ঠৰ এই গীতটিয়ে ইউটিউবত এতিয়ালৈকে 223 মিলিয়ন দৰ্শক লাভ কৰিবলৈ সক্ষম হয় ৷

লাল তহ তহ

2024 চনত ওড়িয়া ভাষাৰ গীতৰ ভিতৰত লাল তহ তহ নামৰ গীতটিয়ে বিশেষ জনপ্ৰিয়তা বুটলিবলৈ সক্ষম হয় ৷ মন্টু ছুৰিয়া, অসীমা পাণ্ডাৰ কণ্ঠ, বাবুচানে অভিনয় কৰা এই গীতটিয়ে ইউটিউবত 18 মিলিয়ন দৰ্শক লাভ কৰিবলৈ সক্ষম হৈছে ৷

আচা কুড়া

সাই অভ্যংকৰ আৰু সাই স্মৃতিৰ আচা কুড়া নামৰ তামিল গীতটিয়ে এই বৰ্ষত খুবেই জনপ্ৰিয় হৈছিল ৷ ইনষ্টাগ্ৰাম ৰীলৰ পৰা আদি কৰি সামাজিক মাধ্যমতো যথেষ্ট প্ৰশংসা বুটলিবলৈ সক্ষম হৈছিল এই গীতটিয়ে ৷ ইউটিউবতো এতিয়ালৈকে এই গীতটিয়ে 182 মিলিয়ন দৰ্শক লাভ কৰিবলৈ সক্ষম হৈছে ৷

ইল্লুমিনাটি

মালায়ালম ছবিজগতে যিদৰে আমাক বহুতো সুন্দৰ ছবি উপহাৰ দিছে ঠিক তেনেদৰে বহু সুন্দৰ গীতো উপহাৰ দিছে ৷ 2024 চনত মালায়ালম ভাষাৰ জনপ্ৰিয় গীতৰ কথা ক’বলৈ গ’লে আবেশম ছবিৰ ইল্লুমিনাটি গীতটিয়ে যথেষ্ট জনপ্ৰিয়তা লাভ কৰিবলৈ সক্ষম হৈছিল ৷ ডেবজীয়ে কণ্ঠদান কৰা এই গীতটিয়ে ইউটিউবতো এতিয়ালৈকে 240 মিলিয়ন দৰ্শক লাভ কৰিবলৈ সক্ষম হৈছে ৷

কুৰ্চী মাথাপেট্টী

গুন্টুৰ কৰম ছবিৰ এই তেলুগু গীতটি 2024 বৰ্ষত খুবেই জনপ্ৰিয়তা অৰ্জন কৰিছিল ৷ মহেশ বাবু, শ্ৰীলীলাৰ অভিনয় আৰু সাহিথি চাগন্তি আৰু শ্ৰী কৃষ্ণই কণ্ঠদান কৰা এই গীতটিয়ে ইউটিউবতো এতিয়ালৈকে 519 মিলিয়ন দৰ্শক লাভ কৰিবলৈ সক্ষম হৈছে ৷

হিঠালাকা কৰিব্যাদা মাৱা

কৰাটাকা দামানাকা ছবিৰ এই কানাড়া গীতটি এইবৰ্ষত খুবেই জনপ্ৰিয় হৈছিল ৷ শ্ৰুতি প্ৰহ্লাদা আৰু মালু নিপানালে কণ্ঠদান কৰা তথা জনপ্ৰিয় অভিনেতা তথা কৰিঅ’গ্ৰাফাৰ প্ৰভু দেৱাই অভিনয় কৰা এই গীতটিয়ে এতিয়ালৈকে ইউটিউবত 82 মিলিয়ন দৰ্শক লাভ কৰিবলৈ সক্ষম হৈছে ৷

খালাচী

যদিও এই গীতটি বিগত বৰ্ষত মুক্তিলাভ কৰিছিল কিন্তু 2024 চনত এইল গুজৰাটী গীতটিয়ে যথেষ্ট জনপ্ৰিয়তা বুটলিবলৈ সক্ষম হৈছিল ৷ ৰীলছ, সামাজিক মাধ্যমত খুবেই চৰ্চিত হৈছিল গীতটি ৷ ক’ক ষ্টুডিঅ’ৰ এই গীতটিত কণ্ঠদান কৰিছে আদিত্য গাধৱী আৰু অচিন্তই আৰু এই গীতটিয়ে এতিয়ালৈকে ইউটিউবত 151 মিলিয়ন দৰ্শক লাভ কৰিবলৈ সক্ষম হৈছে ৷

গুলাবী শাৰী

সঞ্জু ৰাথোৰৰ এই মাৰাঠী গীতটি এইবৰ্ষত খুবেই জনপ্ৰিয়তা লাভ কৰিবলৈ সক্ষম হৈছিলে ৷ সামাজিক মাধ্যমত খুবেই চৰ্চিত হৈছিল এই গীতটি ৷ মহাৰাষ্ট্ৰৰ লগতে দেশৰ ভিন্ন প্ৰান্তত এই গীতটি এতিয়াও সকলোৰে মুখে মুখে ৷ সম্প্ৰতি এই গীতটিয়ে ইউটিউবত 331 মিলিয়ন দৰ্শক লাভ কৰিবলৈ সক্ষম হৈছে ৷

লগতে পঢ়ক:এই বৰ্ষৰ আটাইতকৈ চৰ্চিত নামসমূহ...ক্ৰিকেটাৰৰ পৰা চেলিব্ৰিটিলৈকে নিজৰ সন্তানক দিছিল এই নাম

ABOUT THE AUTHOR

...view details