ব্যস্ততাৰে ভৰা এই জীৱনত নিজৰ ওপৰত মনোনিৱেশ কৰাটো কেতিয়াবা অতিকৈ কঠিন হৈ পৰে ৷ অফিচ আৰু পৰিয়ালৰ মাজত মানুহে নিজৰ সুখৰ যত্ন ল’ব নোৱাৰে ৷ ব্যক্তিজন কৰ্মৰ হেঁচা আৰু ঘৰুৱা দায়িত্বৰ মাজত ইমানেই আৱদ্ধ হৈ পৰে যে নিজৰ কথা ভাবিবলৈ সময় নাপায় ৷ কিন্তু আমি আপোনালোকক জনাই দিও যে মানসিক আৰু শাৰীৰিক স্বাস্থ্যৰ বাবে সুখী হোৱাটো অতি প্ৰয়োজনীয় আৰু নিজৰ ব্যস্ত জীৱনত নিজৰ বাবে কিছু সময় উলিয়াই লোৱাটো অতি প্ৰয়োজনীয় ৷ সেয়ে আজিৰ এই প্ৰতিবেদনত আমি আপোনালোকক জনাম যে কেনেকৈ সৰু সৰু কথাবোৰত মনোযোগ দি নিজকে সুখী কৰি ৰাখিব পাৰি-
- মননশীলতা আৰু বৰ্তমানক উপভোগ কৰা
আমি প্ৰায়ে ভৱিষ্যত বা অতীতকে অনবৰতে স্মৰণ কৰি থাকো, কিন্তু “মাইণ্ডফুলনেছ” অৰ্থাৎ বৰ্তমানত সম্পূৰ্ণৰূপে জীয়াই থাকি আমি মানসিক শান্তি আৰু সুখ বিচাৰি পাব পাৰো ৷ মনক কষ্ট দিয়া অতীতক স্মৰণ কৰিলে মানসিক অশান্তি আৰু বৃদ্ধি পাব পাৰে সেয়ে নিজৰ বৰ্তমানক লৈ ভাবক আৰু জীৱনটো উপভোগ কৰক ৷
- সুখী হ’বলৈ সৰু সৰু লক্ষ্য নিৰ্ধাৰণ কৰক
সৰু সৰু লক্ষ্য নিৰ্ধাৰণ কৰি সেইবোৰ সম্পূৰ্ণ কৰিলে আত্মসন্তুষ্টি আৰু সুখৰ অনুভৱ হয় ৷ উদাহৰণস্বৰূপে, কিতাপ পঢ়া বা নতুন অভ্যাস গ্ৰহণ কৰাৰ দৰে সৰু সৰু লক্ষ্যই বৃহৎ লক্ষ্যত উপনীত হোৱাত সহায় কৰে ৷
- ইতিবাচক চিন্তা আৰু আত্মকথা
ইতিবাচক চিন্তাধাৰা গ্ৰহণ কৰি আমি মানসিক চাপ হ্ৰাস কৰিব পাৰো ৷ নিজকে ভাল আৰু উৎসাহজনক কথা ক’লে আত্মবিশ্বাস দৃঢ় হয়, যাৰ ফলত মানুহৰ সুখী অনুভৱ হয় ৷
- প্ৰকৃতিৰ সৈতে সময় কটাব পৰা
বাহিৰত খোজ কঢ়া, সূৰ্যৰ পোহৰ গ্ৰহণ কৰা আৰু প্ৰকৃতিৰ সৌন্দৰ্য উপভোগ কৰাটো মানসিক আৰু শাৰীৰিক স্বাস্থ্যৰ বাবে উপকাৰী হ’ব পাৰে ৷ ই কেৱল সতেজ কৰাই নহয় আমাৰ সুখ আৰু সন্তুষ্টিও বৃদ্ধি কৰে ৷
- চাৰপ্ৰাইজ
নিজৰ বা আনক সৰু সৰু চাৰপ্ৰাইজ দিয়াটোৱেও আপোনাত সুখ দিব পাৰে ৷ প্ৰিয় মিঠাই হওক বা মৰমলগা টোকা হওক, ই আমাৰ জীৱনত সুখ প্ৰদান কৰাত সহায় কৰে ৷
- আত্ম-যত্ন আৰু নিজকে ভালপোৱা
দিনটোৰ হুলস্থুলত নিজৰ বাবে সময় উলিওৱাটো গুৰুত্বপূৰ্ণ ৷ ভাল গৰম পানীৰে গা ধোৱাই হওক, প্ৰিয় কিতাপ পঢ়াই হওক, অলপ সময় ধ্যান কৰাই হওক ৷ নিজকে ভালপোৱাটোৱে আমাক মানসিক শান্তি আৰু সুখ প্ৰদান কৰে ৷
- সৃষ্টিশীলতা
সৃষ্টিশীল কিবা এটা, যেনে চিত্ৰকলা, লিখা, সংগীত বা বাগিচাৰ কামত লিপ্ত হ’লে আমাক নিজকে সুখী কৰিব পাৰো ৷ এই কাৰ্যই কেৱল মানসিক শান্তি প্ৰদান কৰাই নহয়, ইয়াৰ জৰিয়তে আপুনি নিজকে প্ৰকাশ কৰিবলৈ সক্ষম হ’ব, যিয়ে আপোনাক সুখ প্ৰদান কৰিব ৷
উৎস:-https://www.mentalhealth.org.uk/explore-mental-health/publications/our-best-mental-health-tips
(সতৰ্কীকৰণ: এই প্ৰতিবেদনত আপোনাক দিয়া সকলো স্বাস্থ্য তথা জীৱনশৈলী সম্পৰ্কীয় যিকোনো তথ্য আৰু পৰামৰ্শ কেৱল আপোনাৰ সাধাৰণ তথ্যৰ বাবেহে আগবঢ়োৱা হৈছে । আমি এই তথ্য বৈজ্ঞানিক গৱেষণা, অধ্যয়ন, চিকিৎসা আৰু স্বাস্থ্য পেছাদাৰী পৰামৰ্শৰ ভিত্তিত প্ৰদান কৰিছো । আপুনি এই উপায় বা পদ্ধতি অনুসৰণ কৰাৰ আগতে এই বিষয়ে বিতংভাৱে জনাটো উচিত তথা আপোনাৰ ব্যক্তিগত চিকিৎসকৰ পৰামৰ্শ গ্ৰহণ কৰাটো উচিত ।)
লগতে পঢ়ক