লাহে লাহে বতৰ কিছু ঠাণ্ডা হ’বলৈ ধৰিছে ৷ কাৰণ হ’বলৈ ধৰিছে শীতকালৰ আগমন ৷ এনে পৰিস্থিতিত বতৰৰো কিছু পৰিৱৰ্তন হ’বলৈ ধৰিছে । য'ত পূৰ্বে ৪ বা ৫ বজাতেই সূৰ্য ওলাইছিলে, এতিয়া ৬ বজাৰ পৰা ৭ বজাৰ পৰাহে সূৰ্য ওলাবলৈ আৰম্ভ কৰে । এই বতৰে পিচে শৰীৰতো প্ৰভাৱ বাৰুকৈয়ে প্ৰভাৱ পেলায় । আপুনি নিশ্চয় নিজেই লক্ষ্য কৰিছে যে শীতকালত বেছিভাগ মানুহেই বাহিৰলৈ ওলাই যোৱাৰ পৰা বিৰত থাকে । একে সময়তে অফিচ বা কোনো কামৰ বাবে ওলাই যাব লগা মানুহবোৰহে সময়মতে ওলাই যায় । বেছিভাগ মানুহে এই সময়ছোৱাত এলেহুৱা আৰু ভাগৰুৱাও অনুভৱ কৰে । শীতকালত অনুভৱ কৰা এই ভাগৰক উইন্টাৰ ব্লুজ বুলি কোৱা হয় । কিন্তু কিছুমান উপায় আছে যাৰ দ্বাৰা আপুনি উইন্টাৰ ব্লুজক কম কৰিব পাৰে ।
শীতকালত ভাগৰুৱা হোৱাৰ সাধাৰণ কাৰণ
- শীতকালত ভজা আৰু মিঠা খাদ্য খোৱাৰ ইচ্ছা বাঢ়ি যোৱা ।
- সূৰ্যৰ তাপৰ অভাৱে আমাৰ শৰীৰত ভিটামিন ডিৰ মাত্ৰা হ্ৰাস কৰি মেজাজত প্ৰভাৱ পেলায় ।
- ঠাণ্ডা বতৰৰ ফলত শাৰীৰিক কাৰ্য-কলাপত প্ৰভাৱ পৰে ।
- দিন চুটি আৰু ৰাতি দীঘল হোৱাৰ লগে লগে টোপনিৰ ধৰণ সলনি হয় ।
শীতকালত ভাগৰ দূৰ কৰিবলৈ জীৱনশৈলীত কৰক এইসমূহ পৰিৱৰ্তন
সুষম আৰু পুষ্টিকৰ আহাৰ গ্ৰহণ কৰক
প্ৰতিটো ঋতুতে আমাৰ শৰীৰৰ বাবে সুষম আৰু পুষ্টিকৰ খাদ্য অতি প্ৰয়োজনীয় । শীতকালত কেৱল সুষম আহাৰেহে আমাৰ শৰীৰত শক্তিৰ যোগান ধৰিব পাৰে । ইয়াৰ বাবে বতৰৰ শাক-পাচলি, ফল-মূল যেনে-মেথি, ব্ৰকলি, পালেং, মধুৰীআম, কমলা, ডালিম আদি খাব পাৰে । লগতে বাদাম, দালি আৰু আখৰোট খাব লাগে ।
নিয়মীয়া ব্যায়াম