অসম

assam

ETV Bharat / international

ইজৰাইলৰ ওপৰত কিয় আক্ৰমণ চলাইছে ইৰাণে ? - Iran missile attack in Israel - IRAN MISSILE ATTACK IN ISRAEL

Iran missile attack in Israel: ইৰাণে ইজৰাইলৰ ওপৰত ভয়ংকৰ আক্ৰমণ কৰিছে । ইটোৰ পিচত সিটো আত্মঘাতী ড্ৰোণ আৰু বেলিষ্টিক মিছাইল প্ৰেৰণ কৰিছে ইৰাণে । ইজৰাইলৰ প্ৰতিটো প্ৰান্তত চাইৰেন বজাই সতৰ্ক কৰি দিয়া হৈছে । কিন্তু কিয় এই আক্ৰমণ ?

Iran missile attack in Israel
ইজৰাইলৰ ওপৰত প্ৰথমবাৰৰ বাবে ইৰাণৰ পোনপটীয়া আক্ৰমণ

By ETV Bharat Assamese Team

Published : Apr 14, 2024, 12:16 PM IST

ইণ্টাৰনেশ্যনেল ডেস্ক, ১৪ এপ্ৰিল :ইৰাণ আৰু ইজৰাইলৰ সংঘৰ্ষই মধ্য প্ৰাচ্যত পুনৰ অস্থিৰতাৰ সৃষ্টি কৰিছে । শনিবাৰে নিশা ইৰাণে ইজৰাইলত মিছাইল আৰু ড্ৰোণৰ দ্বাৰা আক্ৰমণ কৰে । ১৯৭৯ চনৰ ইছলামিক বিপ্লৱৰ সময়ৰ কেইবা দশকৰ শত্ৰুতা স্বত্বেও ইজৰাইলত ইৰাণৰ এয়া প্ৰথম পোনপটীয়া আক্ৰমণ আছিল । ইজৰাইলে বায়ু-প্ৰতিৰক্ষা প্ৰণালী সক্ৰিয় কৰি ৰাখিছে ।

ইজৰাইল বাহিনীয়ে দাবী কৰা মতে ইৰাণে ২০০ তকৈও অধিক ড্ৰোণ, বেলিষ্টিক মিছাইল আৰু ক্ৰুজ মিছাইল প্ৰেৰণ কৰিছে । ইফালে আমেৰিকা, ব্ৰিটেইন আৰু জৰ্ডানে ইৰাণৰ ড্ৰোনবোৰক বাধা দিয়াত সহায় কৰিছে বুলি ইজৰাইল বাহিনীয়ে উল্লেখ কৰিছে । এই আক্ৰমণৰ পিচতে বিশ্বজুৰি তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ।

বিভিন্ন দেশ ইৰাণৰ এই আক্ৰমণক গৰিহণা দিছে । আমেৰিকাৰ ৰাষ্ট্ৰপতি জ' বিডেনে ইৰাণৰ আক্ৰমণৰ বিৰুদ্ধে ইজৰাইলক সমৰ্থনৰ দৃঢ় প্ৰতিশ্ৰুতি দিছে । ৰাষ্ট্ৰপতিগৰাকীয়ে এক্সৰ এটা পোষ্টত ইৰাণৰ আক্ৰমণক গৰিহণা দি ইজৰাইলক সমৰ্থনৰ আশ্বাস দিছে । কিছু সময়ৰ পৰা ইজৰাইল-হামাছ যুদ্ধৰ মাজতে ইৰাণ আৰু ইজৰাইলৰ মাজতো উত্তেজনা বৃদ্ধি পাইছে । অভিযোগ অনুসৰি ইৰাণে লেবাননৰ হিজবুল্লাহক সমৰ্থন কৰি যুদ্ধত লিপ্ত হৈ আছে ।

ইজৰাইলে শেহতীয়াকৈ দামাস্কাছত ইৰাণৰ দূতাবাসত আক্ৰমণ কৰিছিল । তাৰ প্ৰতিশোধতে ইৰাণে পোনপটীয়া সামৰিক আক্ৰমণ কৰিছে বুলি দাবী কৰা হৈছে । ১ এপ্ৰিলত হোৱা এয়াৰষ্ট্ৰাইকত ইৰাণৰ ৰিভলিউচনৰী গাৰ্ড কৰ্পৰ বিদেশী কুদছ ফ'ৰ্চৰ এজন জ্যেষ্ঠ কমাণ্ডাৰকে ধৰি কেইবাজনো বিষয়া নিহত হৈছিল ।

তেওঁলোকে দামাস্কাছ দূতাবাসৰ চৌহদত এখন সভাত অংশ গ্ৰহণ কৰি আছিল । ইফালে ইৰাণে ইয়াৰ প্ৰতিশোধস্বৰূপে ইজৰাইলত আক্ৰমণৰ ভাবুকি প্ৰদান কৰিছিল । এই বিষয়টোক লৈ উদ্বিগ্ন ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদ । পৰিষদে দেওবাৰে ইজৰাইলৰ ওপৰত ইৰাণৰ অভূতপূৰ্ব ড্ৰোণ আৰু মিছাইল আক্ৰমণক লৈ এখন জৰুৰী বৈঠকৰ আহ্বান জনাইছে ।

কেইবাখনো দেশে ইজৰাইলৰ ওপৰত ইৰাণৰ আক্ৰমণক গৰিহণা দিছে । ব্ৰিটেইন আৰু ফ্ৰান্সৰ দৰে দেশসমূহে ইজৰাইলৰ নিৰাপত্তাৰ প্ৰতি সমৰ্থনৰ প্ৰতিশ্ৰুতি দিছে ।

লগতে পঢ়ক :ইজৰাইলত ইৰাণৰ মিছাইলৰ বৰষুণ - Iran Missiles Attack In Israel

ABOUT THE AUTHOR

...view details