ৱাশ্বিংটন :আমেৰিকাৰ শীৰ্ষ ন্যায়ালয়ে মুম্বাই আক্ৰমণৰ দোষী তাহাউৰ ৰাণাৰ ভাৰতলৈ প্ৰত্যৰ্পণক মঞ্জুৰি দিছে । ইয়াৰ লগে লগে ঘটনা সম্পৰ্কে তেওঁৰ পুনৰীক্ষণ আবেদন খাৰিজ কৰে আদালতে । ইফালে ভাৰতে পাকিস্তানী মূলৰ কানাডিয়ান নাগৰিক ৰাণাৰ প্ৰত্যৰ্পণ বিচাৰিছে । যি ২০০৮ চনৰ মুম্বাই সন্ত্ৰাসবাদী আক্ৰমণৰ গোচৰৰ অভিযুক্ত ।
ভাৰতলৈ প্ৰত্যৰ্পণ হ'ব ৰাণাৰ !
উল্লেখ্য যে ৰাণাৰ বাবে ভাৰতলৈ প্ৰত্যৰ্পণ নকৰাৰ অন্তিম আইনী সুযোগ আছিল । ভাৰতে বহু বছৰ ধৰি ৰাণাৰ প্ৰত্যৰ্পণৰ দাবী জনাই আহিছিল । অৱশ্যে আমেৰিকাৰ শীৰ্ষ ন্যায়ালয়ৰ এই সিদ্ধান্তই ভাৰতক সকাহ দিছে । সম্ভৱত ৰাণাৰ প্ৰত্যৰ্পণৰ দিন চমু চাপিছে ! বৈদেশিক মন্ত্ৰী এছ জয়শংকৰে জ' বাইডেনৰ শাসনকালত কেইবাবাৰো ৰাণাৰ প্ৰত্যৰ্পণৰ দাবী জনাই আহিছিল ।
৬৪ বছৰীয়া ৰাণাক বৰ্তমান লছ এঞ্জেলছৰ মেট্ৰ'পলিটান ডিটেনচন চেণ্টাৰত ৰখা হৈছে । ইয়াৰ পূৰ্বে আমেৰিকাৰ প্ৰশাসনে আদালতত যুক্তি দিছিল যে চাৰ্টিওৰাৰিৰ ৰিটৰ বাবে আবেদন খাৰিজ কৰিব লাগে । আমেৰিকাৰ ছলিচিটৰ জেনেৰেল এলিজাবেথ বি প্ৰেলোগাৰে ১৬ ডিচেম্বৰত উচ্চতম ন্যায়ালয়ৰ সন্মুখত দাখিল কৰা নথিপত্ৰত এই কথা কয় । তেওঁ কয় যে ৰাণা এই ক্ষেত্ৰত ভাৰতলৈ প্ৰত্যৰ্পণৰ পৰা সকাহ পোৱাৰ অধিকাৰী নহয় ।