ইন্টাৰনেশ্যনেল ডেস্ক, 23 আগষ্ট :পোলেণ্ডৰ পাছত শুকুৰবাৰে যুদ্ধপীড়িত ইউক্ৰেইনত উপস্থিত হয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী । মোদী হৈছে ইউক্ৰেইন ভ্ৰমণ কৰা প্ৰথমগৰাকী ভাৰতীয় প্ৰধানমন্ত্ৰী । ৰাষ্ট্ৰপতি ভল'ডিমিৰ জেলেনস্কিৰ আমন্ত্ৰণ মৰ্মে ইউক্ৰেইনত উপস্থিত হয় ভাৰতৰ প্ৰধানমন্ত্ৰীগৰাকীয়ে ।
ইউক্ৰেইনত উপস্থিত হৈ প্ৰধানমন্ত্ৰী মোদীয়ে ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি জেলেনস্কিৰ সৈতে এক দ্বিপাক্ষিক আলোচনাত মিলিত হয় ৷ প্ৰায় তিনি ঘণ্টাৰো অধিক সময় এই আলোচনা চলিছিল । ইউক্ৰেইনৰ ৰাষ্ট্ৰপতিৰ সৈতে প্ৰধানমন্ত্ৰী মোদীৰ এই আলোচনাক বিশ্লেষকসকলে বিশ্ব ৰাজনৈতিক মঞ্চত ভাৰতৰ কৌশলগত স্বায়ত্তশাসনৰ দৃঢ়তা হিচাপে গ্ৰহণ কৰিছে ৷
১৯৯১ চনত ইউক্ৰেইনে স্বাধীনতা লাভ কৰাৰ পিছত ভাৰতীয় প্ৰধানমন্ত্ৰীয়ে কৰা এয়া প্ৰথম ভ্ৰমণ । দুয়োখন দেশে চিকিৎসা, কৃষি আৰু মানৱীয় সাহায্যৰ ক্ষেত্ৰত সহযোগিতাৰ বাবে তিনিখনকৈ চুক্তিত স্বাক্ষৰ কৰে ।
ৰাছিয়া-ইউক্ৰেইনৰ সংঘাত সমাধানৰ লক্ষ্যৰে বহু চোৱাচিতা কৰা মস্কো ভ্ৰমণৰ ছয় সপ্তাহৰ পাছত প্ৰধানমন্ত্ৰী মোদীয়ে ইউক্ৰেইনৰ ৰাজধানী কিয়েভলৈ তেওঁৰ ঐতিহাসিক ভ্ৰমণ আৰম্ভ কৰে । ১৯৯১ চনত ইউক্ৰেইনে স্বাধীনতা লাভ কৰাৰ পিছত ভাৰতৰ প্ৰধানমন্ত্ৰীৰ এইটোৱেই প্ৰথম ইউক্ৰেইন ভ্ৰমণ আৰু কিয়েভৰ ৰাছিয়াৰ ভূখণ্ডত নতুন সামৰিক আক্ৰমণৰ মাজতে তেওঁ এই ভ্ৰমণ কৰে ।