ETV Bharat / international

লেবাননত ৱাকি-টকী বিস্ফোৰণত নিহত ২০, আহত ৪৫০ - Walkie Talkie Explosions in Lebanon - WALKIE TALKIE EXPLOSIONS IN LEBANON

Lebanon Walkie-Talkie Explosions : পেজাৰ বিস্ফোৰণৰ পিচত এইবাৰ ৱাকি-টকী বিস্ফোৰণ । লেবানত ৱাকি-টকী বিস্ফোৰণত অতি কমেও ২০ জন লোক নিহত হোৱাৰ লগতে আন প্ৰায় ৪৫০ জন আহত হয় ।

Lebanon Walkie-Talkie Explosions
লেবাননত ৱাকি-টকী বিস্ফোৰণত নিহত ১৪ (ANI Photo)
author img

By ANI

Published : Sep 19, 2024, 7:19 AM IST

নিউজ ডেস্ক, ১৯ ছেপ্টেম্বৰ : লেবাননত সংঘটিত ৱাকি-টকী বিস্ফোৰণত কমেও ২০ জন লোক নিহত আৰু ৪৫০ জন আহত হৈছে । লেবাননৰ স্বাস্থ্য মন্ত্ৰালয়ৰ উদ্ধৃতি দি চি এন এনে এই বাতৰি প্ৰকাশ কৰিছে । এই শেহতীয়া আক্ৰমণটো লেবাননত পেজাৰৰ সমন্বিত বিস্ফোৰণত ১২ জন লোক নিহত আৰু ২৮০০ তকৈও অধিক লোক আহত হোৱাৰ ঠিক এদিন পিচতে সংঘটিত হৈছে ।

চি এন এনৰ প্ৰতিবেদন অনুসৰি, বুধবাৰে লেবাননত ৱাকি-টকী বিস্ফোৰণৰ পিচত আহত হোৱা লোকসকলক উদ্ধাৰ আৰু স্থানান্তৰ কৰিবলৈ লেবানিজ ৰেড ক্ৰছৰ কেইবাখনো এম্বুলেন্স আৰু ইয়াৰ কৰ্মীয়ে কাম কৰে ।

লেবানিজ ৰেডক্ৰছৰ জৰুৰীকালীন চিকিৎসকৰ 30 টাতকৈও অধিক দলে দক্ষিণ লেবানন, বেইৰুটৰ দক্ষিণ উপনগৰ আৰু কেন্দ্ৰীয় বেকা উপত্যকাত নিয়োজিত হয় । ইয়াৰ উপৰি মাউণ্ট লেবানন আৰু বেইৰুটত ৫০ জন এম্বুলেন্স কৰ্মীয়ে স্থানান্তৰৰ প্ৰচেষ্টাত সহায় কৰিবলৈ সতৰ্ক হৈ আছিল । লেবানিজ চিভিল ডিফেন্সে জনায় যে তেওঁলোকে 60 টা ঘৰ আৰু দোকানত জুই নিয়ন্ত্ৰণৰ বাবে কাম কৰে । এই ঘৰবোৰ ৱাকি-টকী বিস্ফোৰণৰ পিচতে জ্বলিবলৈ আৰম্ভ কৰে । ইয়াৰে ভিতৰত এখন লিথিয়াম বেটাৰীৰ দোকানো আছিল ।

চি এন এনৰ বাতৰি অনুসৰি, নেবাটিহ গভৰ্ণৰেটত প্ৰায় ১৫ খন গাড়ী আৰু কেইবাখনো মটৰচাইকেলত জুই লাগে । ইয়াৰ পূৰ্বে মঙলবাৰে লেবাননৰ স্বাস্থ্য মন্ত্ৰণালয়ে স্বাস্থ্য কৰ্মীসকলক পেজাৰ বিস্ফোৰণৰ পিচত "বৃহৎসংখ্যক আঘাতপ্ৰাপ্ত লোকক চিকিৎসালয়লৈ স্থানান্তৰ কৰা হৈছে" বুলি বিবেচনা কৰি জৰুৰীভাৱে কামত যোগদান কৰিবলৈ নিৰ্দেশ দিছিল ।

বিষয়াসকলে জনসাধাৰণক বৰ্ধিত প্ৰয়োজনীয়তাৰ প্ৰতি লক্ষ্য ৰাখি ৰক্তদান কৰিবলৈও আহ্বান জনাইছে । উল্লেখ্য যে হিজবুল্লাই মঙলবাৰে পেজাৰ বিস্ফোৰণৰ বাবে ইজৰাইলক দোষাৰোপ কৰে আৰু ইয়াৰ প্ৰতিশোধৰ হুংকাৰ প্ৰদান কৰে । ইফালে লেবাননৰ চৰকাৰী পক্ষই পেজাৰ থকা লোকসকলক সেয়া বৰ্জন কৰিবলৈ আহ্বান জনায় ।

আনহাতে, লেবাননত পেজাৰ বিস্ফোৰণৰ পিচত জৰ্ডানে মঙলবাৰে "আহত হোৱা হাজাৰ হাজাৰ লেবাননৰ নাগৰিকৰ চিকিৎসাৰ বাবে লেবাননৰ চিকিৎসা খণ্ডৰ দ্বাৰা প্ৰয়োজনীয় যিকোনো চিকিৎসা সহায়" প্ৰদান কৰিবলৈ ইচ্ছা প্ৰকাশ কৰে ।

জৰ্ডানৰ বৈদেশিক মন্ত্ৰণালয়ৰ বিবৃতি অনুসৰি, লেবাননৰ প্ৰধানমন্ত্ৰী নাজিব মিকাতিৰ সৈতে টেলিফোনিক বাৰ্তালাপৰ সময়ত জৰ্ডানৰ বৈদেশিক মন্ত্ৰী আয়মান চাফাদীয়ে "লেবাননৰ নিৰাপত্তা, সাৰ্বভৌমত্ব আৰু স্থিৰতাৰ প্ৰতি জৰ্ডানৰ সমৰ্থন"ৰ কথা দোহাৰে । চাফাদীয়ে "গাজাত ইজৰাইলৰ আক্ৰমণ তৎক্ষণাৎ বন্ধ কৰাৰ জৰিয়তে অঞ্চলটোত দেখা পোৱা বিপজ্জনক হত্যা বৃদ্ধি বন্ধ কৰাৰ" প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰে ।

চি এন এনৰ বাতৰি অনুসৰি, মঙলবাৰে লেবাননত সংঘটিত বিস্ফোৰণৰ বাবে হামাছে ইজৰাইলক দোষাৰোপ কৰে আৰু হিজবুল্লা আৰু লেবাননৰ লোকসকলৰ সৈতে একেলগে থকাৰ কথা প্ৰকাশ কৰে । এক বিবৃতিত হামাছে কয়, "আমি ইছলামিক প্ৰতিৰোধ আন্দোলনত (হামাছ) লেবাননৰ বিভিন্ন অঞ্চলত যোগাযোগ সঁজুলি বিস্ফোৰণ কৰি লেবাননৰ নাগৰিকসকল লগতে অসামৰিক আৰু সেৱাৰ সুবিধাসমূহক লক্ষ্য কৰি লোৱা ইহুদী সন্ত্ৰাসবাদী আক্ৰমণক তীব্ৰ গৰিহণা দিছোঁ ।"

অৱশ্যে ইজৰাইল প্ৰতিৰক্ষা বাহিনীয়ে (আই ডি এফ) মঙলবাৰে বিষয়টো সন্দৰ্ভত কোনো মন্তব্য দিবলৈ অস্বীকাৰ কৰে । বিস্ফোৰণৰ পিচত প্ৰকাশ কৰা প্ৰথম বিবৃতিত আই ডি এফে কৈছিল যে জনসাধাৰণক দিয়া পৰামৰ্শত কোনো পৰিৱৰ্তন হোৱা নাই ।

লগতে পঢ়ক :লেবানন-ছিৰিয়াত একেলগে শ শ পেজাৰ বিস্ফোৰণত নিহত ৮, আহত ২৭৫০ জন - Lebanon Pagers Blast
লগতে পঢ়ক :ইজৰাইলক লক্ষ্য কৰি য়েমেন বিদ্ৰোহীৰ মিছাইল নিক্ষেপ - Missile attack

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.