ETV Bharat / health

ডেংগু হ’লেই আপোনাৰ শৰীৰত দেখা দিব এই লক্ষণ...জানি লওক ইয়াৰ পৰা কেনেকৈ নিজকে ৰাখিব সুৰক্ষিত - Dengue

author img

By ETV Bharat Health Team

Published : Sep 17, 2024, 11:05 AM IST

Dengue: ডেংগু হৈছে ভাইৰাছজনিত জ্বৰ যি মহৰ কামোৰৰ দ্বাৰা বিয়পে । এইটো এটা গুৰুতৰ ৰোগো হ’ব পাৰে যাৰ সময়মতে চিকিৎসা গ্ৰহণ নকৰিলে ই পিচলৈ মাৰাত্মক ৰূপো ধাৰণ কৰিব পাৰে ।

Dengue Fever Causes, Symptoms, Treatment and Prevention
ডেংগু হ’লেই আপোনাৰ শৰীৰত দেখা দিব এই লক্ষণ...জানি লওক ইয়াৰ পৰা কেনেকৈ নিজকে ৰাখিব সুৰক্ষিত (ETV Bharat)

ৰাজধানী দিল্লীৰ লগতে অন্য কেইবাখনো ঠাইত ডেংগুৰ ভয়াৱহতা দিনক দিনে বৃদ্ধি পাবলৈ ধৰিছে । ইয়াৰ ফলত এতিয়া চিন্তিত হৈ পৰিছে সাধাৰণ জনতা ৷ সেয়ে এই সময়ছোৱাৰ নিজৰ লগতে নিজৰ পৰিয়ালক সুৰক্ষিত ৰাখিবলৈ নিশ্চয়কৈ পঢ়ক এই প্ৰতিবেদন-

ডেংগু ইডিছ (Aedes aegypti) মহৰ কামোৰৰ ফলত বিয়পে আৰু ইয়াৰ ফলত বহুতো গুৰুতৰ জটিলতাৰ সৃষ্টি হ’ব পাৰে ৷ য’ত ই মহামাৰী হিচাপে বিয়পে, তাত একে সময়তে বহু ধৰণৰ ভাইৰাছ সক্ৰিয় হ’ব পাৰে। ডেংগু জ্বৰ অতি বেদনাদায়ক তথা কষ্টদায়ক ৰোগ ৷ এই ৰোগ বাৰিষাৰ সময়ত তেনেই সাধাৰণ হৈ পৰে, কাৰণ এই বতৰত আমাৰ আশে-পাশে চাফ-চিকুণতা বজাই নৰখাৰ ফলত এই ডেংগু মহৰ উৎপত্তি ঘটে ৷ এই ভাইৰাছজনিত ৰোগ এন্টিবায়টিকৰ দ্বাৰা আৰোগ্য কৰিব নোৱাৰি । জানি লও আহক ডেংগু ৰোগৰ লক্ষণ তথা প্ৰতিৰোধৰ ব্যৱস্থাসমূহ-

ডেংগুৰ অন্যান্য লক্ষণ

  • অতিপাত জ্বৰ: তাপমাত্ৰা ৪০ ডিগ্ৰী চেলছিয়াছ (১০৪ ডিগ্ৰী ফাৰেনহাইট) পৰ্যন্ত হ’ব পাৰে ।
  • মূৰৰ বিষ
  • পেশী আৰু গাঁঠিৰ বিষ
  • ফুলা গ্ৰন্থি
  • ভাগৰ
  • ফোহা ওলোৱা
  • ভোক কমি যোৱা
  • বমি ভাৱ
  • চকুৰ বিষ

ইয়াৰ লগতে ডেংগুৰ অৱস্থা যদি আৰু অধিক গুৰুতৰ হৈ উঠে তেন্তে তলত দিয়া এই লক্ষণ দেখা দিব পাৰে-

  • ক্লান্তি আৰু অস্থিৰতা
  • পেটৰ তীব্ৰ বিষ
  • অহৰহ বমি হোৱা
  • অত্যধিক পিয়াহ
  • দ্ৰুত উশাহ লোৱা
  • দুৰ্বলতা
  • দাঁতৰ গুৰি বা নাকৰ পৰা তেজ নিৰ্গত হোৱা
  • বমি বা মলত তেজ
  • ছাল শেঁতা পৰা বা ঠাণ্ডা হোৱা

মনত ৰাখিব যে এই লক্ষণসমূহ দেখা দিলে ততালিকে চিকিৎসকৰ পৰামৰ্শ ল’বলৈ নাপাহৰিব ৷

আনহাতে ডেংগুৰ পৰা নিজকে ৰক্ষা কৰিবলৈ আমি কেনেধৰণৰ সাৱধানতা অৱলম্বন কৰা উচিত-

  1. মহৰ পৰা নিজকে ৰক্ষা কৰিবলৈ আঁঠুৱা ব্যৱহাৰ কৰক ৷
  2. শৰীৰক ঢাকি ৰখা বস্ত্ৰ পৰিধান কৰক ৷
  3. মহ মৰাৰ ব্যৱস্থা ব্যৱহাৰ কৰক ৷
  4. ঘৰৰ চাৰিওফালে পানী জমা হ’বলৈ নিদিব ৷
  5. নিয়মিতভাৱে পৰিষ্কাৰ-পৰিচ্ছন্নতা বজাই ৰাখক ৷

চিকিৎসকৰ পৰামৰ্শ

জ্যেষ্ঠ চিকিৎসক ডাঃ ৰাজা ৰাৱে এই ৰোগৰ ওপৰত বিশেষকৈ এই সময়ছোৱাত যিসময়ত দেশৰ বহু ঠাই ডেংগু সৈতে নিজৰ যুঁজ অব্যাহত ৰাখিছে এনে পৰিস্থিতিত এই ৰোগৰ নিজকে সুৰক্ষিত ৰাখিবলৈ বিশেষ সতৰ্কতা অৱলম্বন কৰা উচিত ।

ডাঃ ৰাজা ৰাৱে কয়, "ডেংগুৰ পৰা ভয় খোৱাৰ কোনো প্ৰয়োজন নাই, কিন্তু অসাৱধানতা মাৰাত্মক হ'ব পাৰে । যদিও ডেংগুৰ বাবে কোনো নিৰ্দিষ্ট ঔষধ নাই, কিন্তু জ্বৰ নিয়ন্ত্ৰণ কৰিবলৈ পেৰাচিটামলৰ সৈতে তৰল পদাৰ্থ সেৱন কৰিব পাৰি ।

ডেংগুৰ চিকিৎসাৰ বাবে ঘৰুৱা উপায়

  1. ঘৰত তুলসী গছ নিশ্চয়কৈ ৰোপণ কৰক । কেৱল তুলসীৰ গোন্ধত ডেংগু মহ পলাই পত্ৰং দিয়ে ।
  2. ঘৰৰ ভিতৰত আৰু আশে-পাশে ক’তো পানী জমা হ’বলৈ নিদিব । মনত ৰাখিব যে ডেংগু মহ বেছিকৈ পৰিষ্কাৰ পানীত পোৱা যায় । লগতে পৰিষ্কাৰ-পৰিচ্ছন্নতাৰ প্ৰতিও গুৰুত্ব দিব ।
  3. পুৱা আৰু গধূলি নিয়মিতভাৱে কীটনাশক ব্যৱহাৰ কৰক । বহু সময়ত আমি ডেংগু মহ খালী চকুৰে দেখা নাপাওঁ যদিও ইয়াৰ কণী পানীত লুকাই থাকে । যিবোৰ ডাঙৰ হৈ ডেংগু হৈ পৰে । সেয়েহে কীটনাশক ব্যৱহাৰ কৰিব লাগে । বিশেষকৈ চিত্ৰনেলা আদি প্ৰয়োগ কৰাটো ভাল ৷

  4. ২৪ ঘন্টা ঘৰতে মহৰ নাশক দ্ৰব্য ব্যৱহাৰ কৰিব লাগে । কিন্তু এয়া কেতিয়াবা স্বাস্থ্যৰ পক্ষে হানিকাৰকো হ’ব সেয়ে ধূপ-ধূনা আদি সদায় সন্ধিয়া দিয়াৰ চেষ্টা কৰক ৷
  5. ৰাতি শোৱাৰ সময়ত নিজৰ লগতে সন্তানক সম্পূৰ্ণ হাতৰ ঢকা কাপোৰ পিন্ধাই আঠুৱা ব্যৱহাৰ কৰিবলৈ পৰামৰ্শ দিয়ক । বিশেষকৈ দিনত অধিক সাৱধান হওক ।
  6. ঘৰলৈ কোনো লোক আহিলে প্ৰথমে হাত-ভৰি ধুবলৈ বা ভালদৰে চেনিটাইজ কৰাৰ পৰামৰ্শ দিয়ক । তাৰ পিছতহে তেওঁৰ সংস্পৰ্শলৈ যোৱা উচিত ৷

  7. এই সময়ছোৱাত কমলাৰ ৰস, নেমুৰ চৰবতৰ দৰে ভিটামিন Cযুক্ত খাদ্য খাবলৈ চেষ্টা কৰক কিয়নো ই হজম শক্তিত সহায় কৰে, ৰোগ প্ৰতিৰোধৰ ক্ষমতা বৃদ্ধি কৰাৰ লগতে এন্টিব’ডি বৃদ্ধি কৰে যিয়ে ভাগৰুৱা শৰীৰক শক্তি প্ৰদান কৰে ।

Ref:-https://www.who.int/news-room/fact-sheets/detail/dengue-and-severe-dengue

লগতে পঢ়ক: ... তেন্তে এইটো হৈছে ডেংগুৰ আটাইতকৈ মাৰাত্মক লক্ষণ: জানি লওক প্ৰতিৰোধৰ ব্যৱস্থা - Plasma Leakage

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.