ETV Bharat / state

তেজেৰে ৰাঙলী প্ৰেমিকা আছে হাস্পতালৰ বিচনাত, ৰঙাঘৰৰ মজিয়াত আশ্ৰয় প্ৰাক্তন প্ৰেমিকৰ - Attempt to murder

author img

By ETV Bharat Assamese Team

Published : 11 hours ago

Student injured after being stabbed by sharp weapon : প্ৰেম-প্ৰত্যাখ্যান-প্ৰতিশোধ এয়াই নেকি আজিৰ প্ৰেম ? এটা সময়ত জান, সোণ, ধুনু, মুনু বুলি মতা প্ৰেমিকাক ডিঙি ৰেপি হত্যাৰ চেষ্টা প্ৰাক্তন প্ৰেমিকৰ ! প্ৰাক্তন প্ৰেমিকাক হত্যাৰ চেষ্টা কৰাৰ অভিযোগত ৰঙাঘৰৰ ৰাজ আতিথ্য ভোগ কৰিবলৈ সাজু হৈছে ৰোহিত ৰাজপুত ৷ পিছে কোন এইজন ৰোহিত, মূল ঘটনাটো কি ? সবিশেষ এই বাতৰিত...

Student injured after being stabbed by sharp weapon
ডিঙি ৰেপি হত্যাৰ চেষ্টা (ETV Bharat)

যোৰহাট, 19 ছেপ্টেম্বৰ : কোন দিশে গতি কৰিছে আজিৰ প্ৰজন্ম ! প্ৰথমে প্ৰেম, তাৰ পাচত প্ৰত্যাখ্যান আৰু শেষত প্ৰতিশোধ - এয়া যেন বৰ্তমান সময়ত এক সাধাৰণ ঘটনালৈ পৰিণত হৈছে ৷ দুদিন যদি এটা সম্পৰ্কত হাঁহি-মাতি থাকে, তাৰ কিছু দিনৰ পাচতে প্ৰেমিক যুগলৰ মাজত কোনো কাৰণ আহি পৰে বিচ্ছেদ ৷ সেই বিচ্ছেদে পৰৱৰ্তী সময়ত প্ৰতিশোধলৈ ৰূপান্তৰিত কৰে ৷ এয়াই নেকি আজিৰ প্ৰেম !

প্ৰেমিকাক ডিঙি ৰেপি হত্যাৰ চেষ্টা প্ৰাক্তন প্ৰেমিকৰ ! (ETV Bharat Assam)

প্ৰেম, প্ৰত্যাখ্যান আৰু প্ৰতিশোধ - চিনেমাৰ দৰে লগা এক ঘটনা সংঘটিত হৈছে যোৰহাটত ৷ তথ্য অনুসৰি, যোৰহাটৰ চিনেমৰা আৰক্ষী থানাৰ অন্তৰ্গত ৰজাবাৰীৰ নিবাসী এগৰাকী কিশোৰীৰ লগত সংঘটিত হৈছে এক অঘটন ৷ অভিযোগ অনুসৰি, অভিযান্ত্ৰিক শাখাত অধ্যয়নৰত কিশোৰীকক ব্লেডেৰে ডিঙি ৰেপি হত্যাৰ চেষ্টা কৰে তেওঁৰ প্ৰাক্তন প্ৰেমিকে ।

  • কেনেকৈ সংঘটিত হৈছিল এই ঘটনা :

যোৰহাট এখন আগশাৰীৰ শিক্ষা প্ৰতিষ্ঠানত কৃষি সম্পৰ্কীয় বিষয়ত অভিযান্ত্ৰিক শাখাত অধ্যয়ন কৰি থকা এগৰাকী 17 বছৰীয়া ছাত্ৰী ঘৰৰ কাষৰে ৰোহিত ৰাজপুত নামৰ এগৰাকী যুৱকৰ সৈতে প্ৰেমৰ সম্পৰ্কত আছিল ৷ কিন্তু বিগত কিছু মাহৰ পৰা তেওঁলোকৰ মাজত কিছু সংঘাতে হৈছিল ৷ যাৰ বাবে কিশোৰীগৰাকীয়ে যুৱকজনৰ সৈতে থকা প্ৰেমৰ সম্পৰ্কক বিচ্ছেদ কৰিছিল ৷ এই কথা কিশোৰীগৰাকীয়ে নিজেই সংবাদ মাধ্যমৰ আগত উল্লেখ কৰে ৷

তেওঁ অভিযোগ কৰা মতে, প্ৰেমৰ সম্পৰ্কক বিচ্ছেদ হোৱাৰ পাচতো বহুবাৰ যুৱকজনে কিশোৰীগৰাকীৰ সৈতে সম্পৰ্ক স্থাপন কৰিবলৈ চেষ্টা কৰিছিল ৷ কিন্তু কিশোৰীগৰাকীয়ে প্ৰাক্তন প্ৰেমিকৰ কোনো কথাই মানি ল’বলৈ মান্তি হোৱা নাছিল ৷ মঙলবাৰে নিশা কিশোৰীগৰাকীৰ ঘৰৰ পিছফালে লুকাই আছিল অভিযুক্ত যুৱকজন ৷ কিশোৰীগৰাকীয়ে ঘৰৰ পিছফালে থকা স্নানাগাৰলৈ অহাৰ অহাৰ সময়তে যুৱকজনে তেওঁক পিছফালৰ পৰা ধৰি ব্লেডেৰে ডিঙি ৰেপি হত্যাৰ চেষ্টা কৰে ৷

লগতে পঢ়ক : প্ৰেম এনেকুৱাই ! দৰিদ্ৰ লোকৰ মাজত প্ৰয়াত পত্নীৰ জন্মদিন উদযাপন - A true lover

পৰৱৰ্তী সময়ত ঘটনাস্থলীত কিশোৰীগৰাকীৰ ঘৰৰ মানুহক প্ৰত্যক্ষ কৰাত উক্ত স্থানৰ পৰা পলায়ন কৰে যুৱকজনে । পিছত তেজেৰে লুতুৰি-পুতুৰি হৈ থকা কিশোৰীগৰাকীক যোৰহাট চিকিৎসা মহাবিদ্যালয় আৰু হাস্পতালত ভৰ্তি কৰোৱা হয় । চিকিৎসাৰ অন্তত বৃহস্পতিবাৰে কিশোৰীগৰাকীক ঘৰলৈ যাবলৈ অনুমতি দিয়ে চিকিৎসালয় কৰ্তৃপক্ষই ৷

ইফালে বৃহস্পতিবাৰে সমগ্ৰ ঘটনা সন্দৰ্ভত কিশোৰীগৰাকীৰ লগতে তেওঁৰ পিতৃ যোৰহাট চিনামৰা আৰক্ষী থানাত উপস্থিত হৈ অভিযুক্ত যুৱক ৰোহিত ৰাজপুতৰ বিৰুদ্ধে দাখিল কৰে এক এজাহাৰ ৷ এই এজাহাৰৰ ভিত্তিতে অভিযুক্ত ৰোহিতক আটক কৰে আৰক্ষীয়ে ৷

লগতে পঢ়ক : প্ৰেমৰ সম্পৰ্ক ৰাখি প্ৰতাৰণা কৰাৰ অভিযোগ শীৰ্ষ ছাত্ৰনেতাৰ বিৰুদ্ধে - Allegation Against AASU Leader

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.