ডিব্ৰুগড় : ডিব্ৰুগড় জিলাৰ মাজমজিয়াত চাঞ্চল্যকৰ ঘটনা । জিলাখনৰ জেল ৰোডত পিষ্টলসহ উত্তৰ প্ৰদেশৰ এজন যুৱকক গ্ৰেপ্তাৰ । হস্তনিৰ্মিত পিষ্টলসহ গ্ৰেপ্তাৰ হোৱা যুৱকজন উত্তৰ প্ৰদেশৰ ৰোহিত খেৰেলিয়া বুলি জানিব পৰা গৈছে ।
মাৰণাস্ত্ৰসহ ডিব্ৰুগড়ত উত্তৰ প্ৰদেশৰ যুৱক গ্ৰেপ্তাৰ
ডিব্ৰুগড়ৰ জেল ৰোডৰ এগৰাকী যুৱতীৰ ঘৰলৈ আহি থকা অৱস্থাতে যুৱতীগৰাকীৰ পৰিয়ালৰ সহযোগত স্থানীয় ৰাইজে যুৱকজন কৰায়ত্ত কৰিবলৈ সক্ষম হয় । জানিব পৰা মতে, দীৰ্ঘদিনৰ পৰা যুৱতীগৰাকীক প্ৰেমৰ নামত যুৱকজনে ব্লেকমেইলিং আৰু হত্যাৰ ভাবুকি দি আহিছিল । পৰিয়ালৰ অভিযোগ অনুসৰি যুৱতীগৰাকীৰ ফটো এডিট কৰি সামাজিক মাধ্যমত বিকৃতৰূপত প্ৰচাৰ কৰিছিল যুৱকজনে । কিন্তু দেওবাৰে উত্তৰ প্ৰদেশৰ পৰা আহি ডিব্ৰুগড়ত উপস্থিত হোৱাৰ লগে লগে যুৱকজনক চিনাক্ত কৰি যুৱতীগৰাকীৰ একাংশ আত্মীয়ই কৰায়ত্ত কৰিবলৈ সক্ষম হয় । পিছত যুৱকজনক আৰক্ষীক গতাই দিয়া হয় । কিন্তু আচৰিত কথাটো হ'ল যে লগত মাৰণাস্ত্ৰ কিয় আনিছিল যুৱকজনে ? যুৱতীগৰাকীক হত্যাৰ পৰিকল্পনাৰে উত্তৰ প্ৰদেশৰ পৰা ডিব্ৰুগড়লৈ আহিছিল নেকি যুৱকজন ? ইতিমধ্যে আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে ।
যুৱতীৰ পৰিয়ালৰ প্ৰতিক্ৰিয়া
হস্তনিৰ্মিত পিষ্টলসহ ডিব্ৰুগড়ত উত্তৰ প্ৰদেশৰ ৰোহিত খেৰেলিয়া নামৰ যুৱক গ্ৰেপ্তাৰ হোৱাৰ পাছতে তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে । সমগ্ৰ ঘটনা সন্দৰ্ভত ভুক্তভোগী যুৱতীৰ পৰিয়ালে কয় যে বিগত দুই-তিনিমাহৰ পৰা যুৱকজনে মৃত্যুৰ ভাবুকি দি ছ'চিয়েল মিডিয়াত যুৱতীগৰাকীৰ ফটো ভিডিঅ' দি আহিছে । যুৱকজনে প্ৰেমৰ প্ৰস্তাৱ দিছিল আৰু সেই প্ৰস্তাৱ গ্ৰহণ নকৰাৰ বাবে যুৱকজনে যুৱতীগৰাকীক ভাবুকি দি আছিল । সামাজিক মাধ্যমত প্ৰথমে চিনাকি হৈছিল দুয়োৰ ৷
যুৱতীগৰাকীৰ এজন আত্মীয়ই কয়," আমি এই সন্দৰ্ভত পূৰ্বে আৰক্ষীক অৱগত কৰিছিলো । কিন্তু তাৰ পিছতো যুৱকজনে ভাবুকি দিয়ে আছিল ।" অভিযোগ অনুসৰি যুৱতীগৰাকীৰ লগতে তেওঁৰ পৰিয়ালৰ লোককো হত্যাৰ ভাবুকি দিছিল যুৱকজনে । তাৰ মাজতে হঠাৎ দেওবাৰে যুৱকজনক ডিব্ৰুগড়ৰ জেল ৰোডত যুৱতীগৰাকীৰ পৰিয়ালৰ লোকে প্ৰত্যক্ষ কৰে । লগে লগে পৰিয়ালৰ লোকসকলে স্থানীয় লোকৰ সহযোগত যুৱকজনক কৰায়ত্ত কৰে আৰু আৰক্ষীক গতাই দিয়ে ।
আৰক্ষীয়ে ঘটনাটো সন্দৰ্ভত তদন্ত আৰম্ভ কৰিছে । যুৱকজনক জেৰাও চলাইছে আৰক্ষীয়ে । আৰক্ষীৰ তদন্তৰ পিছত হে সকলো কথা পোহৰলৈ আহিব ।
লগতে পঢ়ক :ক্ষত-বিক্ষত মৃতদেহ উদ্ধাৰ; বাঘে ভক্ষণ কৰাৰ সন্দেহ - KALIABOR TIGER TERROR