ETV Bharat / bharat

দিল্লীৰ মুখ্যমন্ত্ৰী হিচাপে শনিবাৰে শপত ল'ব আতিশী মাৰ্লেনাই; আপৰ ঘোষণা - Atishi to Take Oath on Saturday

author img

By ANI

Published : 11 hours ago

Atishi Oath Taking : আগন্তুক নিৰ্বাচনৰ পৰিপ্ৰেক্ষিতত দিল্লীৰ মুখ্যমন্ত্ৰীৰ দায়িত্বত চৰকাৰৰ অন্যতম মুখ হিচাপে আতিশীৰ ওপৰত বহু কথা নিৰ্ভৰ কৰিব । কিয়নো ৰাষ্ট্ৰীয় ৰাজধানীত পুনৰ ক্ষমতালৈ অহাৰ লক্ষ্যৰে আপে বিধানসভা নিৰ্বাচনৰ বাবে প্ৰস্তুতি চলাই আছে । আনহাতে, আপে দিল্লী বিধানসভাৰ আগতীয়া নিৰ্বাচনৰো দাবী জনাইছে ।

Atishi Oath Taking
সংবাদ মাধ্যমক সম্বোধন কৰাৰ সময়ত আতিশী (ANNI Photo)

নিউজ ডেস্ক, ১৯ ছেপ্টেম্বৰ : অৱশেষত স্থিৰ হ'ল দিল্লীৰ পৰৱৰ্তী মুখ্যমন্ত্ৰীৰ শপত গ্ৰহণৰ দিন । বৃহস্পতিবাৰে এক বিবৃতিযোগে এই দিন ঘোষণা কৰে আম আদমি পাৰ্টীয়ে । আপ সূত্ৰই জনোৱা মতে, অহা শনিবাৰে ৰাজ্যসভাৰ সাংসদ আতিশী মাৰ্লেনাই দিল্লীৰ মুখ্যমন্ত্ৰী হিচাপে শপত ল'ব । বিবৃতিটোত আম আদমি পাৰ্টীয়ে কয়, "আতিশীয়ে ২১ ছেপ্টেম্বৰত দিল্লীৰ মুখ্যমন্ত্ৰী হিচাপে শপত ল'ব । আন মন্ত্ৰীসকলেও তেওঁৰ সৈতে শপত গ্ৰহণ কৰিব ।"

দিল্লীৰ পৰৱৰ্তী মুখ্যমন্ত্ৰীৰ দাবী উত্থাপন কৰা আপ নেত্ৰী আতিশীয়ে মঙলবাৰে কয় যে বিদায়ী মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে তেওঁৰ ওপৰত কৰা বিশ্বাসৰ বাবে তেওঁ সুখী । কিন্তু লগতে কেজৰিৱালে নিজৰ পদৰ পৰা পদত্যাগ কৰা বিষয়তো দুখ প্ৰকাশ কৰে ।

আতিশীয়ে সাংবাদিকৰ আগত কয় যে আগন্তুক কেইমাহমানৰ ভিতৰত অনুষ্ঠিত হ'বলগীয়া বিধানসভা নিৰ্বাচনৰ পিচত তেওঁ কেজৰিৱালক মুখ্যমন্ত্ৰী হিচাপে ঘূৰাই অনাৰ বাবে কাম কৰিব ।

"প্ৰথমতে মই দিল্লীৰ জনপ্ৰিয় মুখ্যমন্ত্ৰী, আপৰ ৰাষ্ট্ৰীয় আহ্বায়ক তথা মোৰ গুৰু অৰবিন্দ কেজৰিৱালক ধন্যবাদ জনাইছোঁ । তেওঁ মোক ইমান ডাঙৰ এটা দায়িত্ব দিয়াৰ বাবে আৰু এই পদৰ বাবে মোৰ ওপৰত বিশ্বাস ৰখাৰ বাবে । এয়া কেৱল আপতহে কৰিব পাৰি, কেৱল অৰবিন্দ কেজৰিৱালৰ নেতৃত্বত যে এগৰাকী প্ৰথমবাৰৰ বাবে ৰাজনীতিত প্ৰৱেশ কৰা ব্যক্তি এখন ৰাজ্যৰ মুখ্যমন্ত্ৰী হ'ব পাৰে । মই এটা সাধাৰণ পৰিয়ালৰ পৰা আহিছোঁ । যদি মই আন কোনো দলত থাকিলোহেঁতেন, হয়তো মোক নিৰ্বাচনৰ টিকটো দিয়া নহ'লহেঁতেন ।" আতিশীয়ে কয় ।

উল্লেখ্য যে ৪৩ বছৰীয়া আতিশী সুষমা স্বৰাজ আৰু শীলা দীক্ষিতৰ পিচত দিল্লীৰ তৃতীয়গৰাকী মহিলা মুখ্যমন্ত্ৰী হ'ব । তেওঁ এগৰাকী আগশাৰীৰ আপ নেত্ৰী আৰু শিক্ষা মন্ত্ৰী হৈ থকা অৱস্থাত তেওঁ মণীষ ছিছোদিয়াৰ উপদেষ্টা হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল । আপৰ নেতাসকলে প্ৰকাশ কৰে যে তেওঁ ৰাষ্ট্ৰীয় ৰাজধানীত চৰকাৰী বিদ্যালয়সমূহত শিক্ষাৰ অৱস্থা পুনৰ নিৰ্মাণত এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল ।

আতিশীয়ে দলটোৰ আৰম্ভণিৰ সময়তে আপত যোগদান কৰিছিল আৰু ২০১৩ চনৰ বিধানসভা নিৰ্বাচনৰ বাবে দলটোৰ ইস্তাহাৰ খচৰা সমিতিৰ গুৰুত্বপূৰ্ণ সদস্য আছিল । তেওঁ দলৰ মুখপাত্ৰ হিচাপেও কাম কৰিছে ।

আতিশীয়ে দিল্লী বিধানসভাৰ কালকাজী সমষ্টিক প্ৰতিনিধিত্ব কৰে আৰু দিল্লী চৰকাৰত সৰ্বাধিক সংখ্যক দপ্তৰ তেওঁ লাভ কৰিছে । আবকাৰী নীতিৰ গোচৰত মণীষ ছিছোদিয়াক গ্ৰেপ্তাৰ কৰাৰ পিচত আপে যি সংকটৰ সন্মুখীন হৈছিল, তাৰ বাবে ২০২৩ চনৰ মাৰ্চ মাহত আতিশীক দিল্লী কেবিনেটত অন্তৰ্ভুক্ত কৰা হৈছিল । এই গোচৰত ছিছোদিয়াকো জামিনত মুক্তি দিয়া হৈছে ।

উল্লেখ্য যে আগন্তুক নিৰ্বাচনৰ পৰিপ্ৰেক্ষিতত দিল্লীৰ মুখ্যমন্ত্ৰীৰ দায়িত্বত চৰকাৰৰ অন্যতম মুখ হিচাপে আতিশীৰ ওপৰত বহু কথা নিৰ্ভৰ কৰিব । কিয়নো ৰাষ্ট্ৰীয় ৰাজধানীত পুনৰ ক্ষমতালৈ অহাৰ লক্ষ্যৰে আপে বিধানসভা নিৰ্বাচনৰ বাবে প্ৰস্তুতি চলাই আছে । আনহাতে, আপে দিল্লী বিধানসভাৰ আগতীয়া নিৰ্বাচনৰো দাবী জনাইছে । বিগত বিধানসভা নিৰ্বাচন ২০২০ চনৰ আৰম্ভণিতে অনুষ্ঠিত হৈছিল ৷ ইয়াৰ পূৰ্বে মঙলবাৰে আম আদমী পাৰ্টীৰ ৰাষ্ট্ৰীয় আহ্বায়ক কেজৰিৱালে দিল্লীৰ মুখ্যমন্ত্ৰী পদৰ পৰা পদত্যাগ কৰে ৷

লগতে পঢ়ক :জম্মু-কাশ্মীৰৰ প্ৰথম পৰ্যায়ৰ বিধানসভা নিৰ্বাচন; ভোটদানৰ হাৰ ৬১.১৩% - JK ASSEMBLY POLLS
লগতে পঢ়ক :‘এক দেশ, এক নিৰ্বাচন’ ত কেন্দ্ৰীয় কেবিনেটৰ অনুমোদন; এই প্ৰক্ৰিয়াৰ সুবিধা-অসুবিধাসমূহ জানো আহক - One Nation One Election

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.