নতুন দিল্লী : দিল্লীৰ নতুন মুখ্যমন্ত্ৰী কোন হ'ব তাক লৈ এতিয়াও জল্পনা-কল্পনাৰ ওৰ পৰা নাই । তাৰ মাজতে গেৰুৱা দলটোৱে বুধবাৰে দিল্লীৰ নেতা বাছনি কৰিব আৰু তেৱেঁই গঠন হ'বলগীয়া মন্ত্ৰীসভাৰ নেতৃত্ব দিব । দিল্লী বিজেপিৰ কাৰ্যালয়ত অনুষ্ঠিত হ'বলগীয়া বিজেপি বিধায়িনী দলৰ বৈঠকত এই বহু প্ৰতীক্ষিত সিদ্ধান্ত লোৱা হ'ব । উল্লেখ্য যে ৫ ফেব্ৰুৱাৰীত অনুষ্ঠিত দিল্লী বিধানসভা নিৰ্বাচনত আম আদমি পাৰ্টী চমুকৈ আপক পৰাস্ত কৰি গেৰুৱা দলটো ২৬ বছৰৰ পিছত পুনৰ শাসন ক্ষমতালৈ ঘূৰি আহিছে ।
এই বৈঠকত বিজেপিৰ শীৰ্ষ নেতাসকলৰ উপৰি দিল্লীৰ ৪৮ জন নৱনিৰ্বাচিত বিজেপি বিধায়ক উপস্থিত থাকিব । আনহাতে, বৈঠকৰ পিছত দলটোৱে চৰকাৰ গঠনৰ দাবী কৰিবলৈ লেফটেনেণ্ট গৱৰ্ণৰ ভি কে চাক্সেনাক সাক্ষাৎ কৰিব । ইফালে শপত গ্ৰহণ অনুষ্ঠানৰ দায়িত্বত থকা বিনোদ তাৱড়ে আৰু তৰুণ চুগৰ উপৰি দিল্লী বিজেপিৰ সভাপতি বীৰেন্দ্ৰ সচদেৱ আৰু দলৰ আন বিষয়াসকলো বৈঠকত উপস্থিত থাকিব । উল্লেখ্য যে অহা ২০ ফেব্ৰুৱাৰীত দিল্লীৰ নতুন মন্ত্ৰীসভাই ৰামলীলা ময়দানত শপতগ্ৰহণ কৰিব ।
সূত্ৰ অনুসৰি, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ উপৰি কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ, প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং, এন ডি এ শাসিত ৰাজ্যসমূহৰ মুখ্যমন্ত্ৰী, কেন্দ্ৰীয় কেবিনেট মন্ত্ৰী আৰু জনপ্ৰিয় সাংসদসকলক শপত গ্ৰহণ অনুষ্ঠানলৈ আমন্ত্ৰণ জনোৱা হ'ব ।
ইফালে মঙলবাৰে সন্ধিয়া দিল্লী বিজেপিৰ কাৰ্যালয়ত এখন সভা অনুষ্ঠিত হয় । ৰাষ্ট্ৰীয় সাংগঠনিক বিষয়া বি এল সন্তোষ, বিজেপিৰ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক বিনোদ তাৱড়ে, তৰুণ চুগ আৰু দিল্লী বিজেপিৰ ৰাজ্যিক সভাপতি বীৰেন্দ্ৰ সচদেৱে বৈঠকত অংশগ্ৰহণ কৰে । সূত্ৰ অনুসৰি, দলটোৱে দিল্লীৰ জনসাধাৰণক মুখ্যমন্ত্ৰীৰ শপত গ্ৰহণ অনুষ্ঠানলৈ আমন্ত্ৰণ জনোৱাৰ কথা বিবেচনা কৰি আছে । মন্দিৰৰ পুৰোহিতৰ পৰা আৰম্ভ কৰি দিল্লীৰ সকলো বস্তি অঞ্চলৰ পৰা ২৫০ জনকৈ লোককো আমন্ত্ৰণ জনোৱা হৈছে ।
উল্লেখ্য যে দিল্লী নিৰ্বাচনৰ ফলাফল প্ৰকাশৰ পিছৰে পৰা দিল্লী মন্ত্ৰীসভাৰ নেতৃত্ব দিবলগা মুখ্যমন্ত্ৰীগৰাকীৰ নামক লৈ ৰাইজৰ মাজত কৌতুহল বৃদ্ধি পায় । পৰৱেশ বাৰ্মা, সতীশ উপাধ্যায়, আশিস সুদ, জিতেন্দ্ৰ মহাজন, বিজেন্দ্ৰ গুপ্তা, অভয় বাৰ্মা, ৰেখা গুপ্তা আৰু শিখা ৰায়ৰ নাম এই ক্ষেত্ৰত চৰ্চালৈ আহে । আনহাতে, দলৰ এক সূত্ৰই কয় যে এইকেইজনৰ উপৰি আন এক আচৰিত ঘোষণাও হ'ব পাৰে ।
আনহাতে, দলটোৰ আন এটা অংশৰ মতে বিজেপি নেতৃত্বই দিল্লীৰ পৰৱৰ্তী মুখ্যমন্ত্ৰী হিচাপে এক 'ডাৰ্ক হৰ্ছ' বাছনি কৰিব পাৰে, যিটো গেৰুৱা দলটোৱে ৰাজস্থান, হাৰিয়ানা, মধ্যপ্ৰদেশ, ওড়িশা আৰু ছত্তীশগড়ত মুখ্যমন্ত্ৰী বাছনি কৰাৰ ৰণনীতি আছিল ।