বাইহাটা : অসমত এনে বহু ঐতিহাসিক সম্পদ আছে যিবোৰ সঠিক সংৰক্ষণৰ অভাৱত নিঃশেষ হ'বলৈ ধৰিছে । সেইবোৰক পুনৰুদ্ধাৰ কৰি সংৰক্ষণৰ ব্যৱস্থা কৰাত গুৰুত্ব আৰোপ কৰিছে ৰাজ্যৰ প্ৰত্নতত্ত্ব বিভাগে । তাৰ ভিতৰত অন্যতম হৈছে উত্তৰ গুৱাহাটীত থকা ৰুদ্ৰেশ্বৰ দেৱালয় । আহোম যুগৰ অন্যতম কীৰ্তিচিহ্ন হিচাপে ৰুদ্ৰেশ্বৰ দেৱালয়ৰ এক বিশেষ গুৰুত্ব আছে । যাৰ বাবে ৰাজ্যৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশমৰ্মে ৰাজ্যিক প্ৰত্নতত্ত্ব বিভাগে দেৱালয়ৰ পুনৰুদ্ধাৰৰ কাম আৰম্ভ কৰিছে । এই সন্দৰ্ভত এক বিশেষ আঁচনি লোৱা হৈছে ।
ৰুদ্ৰেশ্বৰ দেৱালয়ৰ পুনৰুদ্ধাৰ
আঁচনিৰ বাবে ২ কোটি ৩০ লাখ টকা পুঁজিও ধাৰ্য কৰা হৈছে । জানিব পৰা মতে অহা ৬ মাহৰ ভিতৰতে সম্পূৰ্ণ হ'ব দেৱালয়খনৰ মেৰামতি তথা পুনৰুদ্ধাৰৰ কাম । মেৰামতিৰ বাবে বিশেষভাৱে প্ৰস্তুত কৰা ইটা শিৱসাগৰ, ডিব্ৰুগড় আৰু গোৱালপাৰাৰ পৰা অনা হৈছে । চিমেণ্টৰ বিপৰীতে নিৰ্মাণ কাৰ্যত ব্যৱহাৰ কৰা হৈছে চূণ, ইটাৰ গুৰি, বালি, গুৰ, বেল, শিলিখা, মাটি-মাহ, আঠা জাতীয় পদাৰ্থ আৰু মিথি গুটি । ১০ গৰাকী অভিজ্ঞ শ্ৰমিকে চলাই গৈছে নিৰ্মাণ কাৰ্য ।
ৰুদ্ৰেশ্বৰ দেৱালয়ৰ ইতিহাস
উত্তৰ গুৱাহাটীস্থিত ৰুদ্ৰেশ্বৰ দেৱালয়ৰ নিৰ্মাণশৈলী অনন্য আৰু অপূৰ্ব হিচাপে বিবেচিত হৈছে । দেৱালয়খনত আছে এক ভূ-গৰ্ভস্থ দীঘল সুৰংগ । তলাতল ঘৰ আৰু ৰংঘৰৰ পিছতে উত্তৰ গুৱাহাটীৰ এই ঐতিহাসিক ৰুদ্ৰেশ্বৰ দেৱালয়ত আছে আহোম ৰাজত্বকালৰ দীঘল সুৰংগটো । ইতিমধ্যে জহি খহি যাবলৈ ধৰা সুৰংগটোৰো নিৰ্মাণ আৰম্ভ কৰিছে প্ৰত্নতত্ত্ব বিভাগে । উল্লেখ্য যে স্বৰ্গদেউ প্ৰমত্ত সিংহই পিতৃ স্বৰ্গদেউ ৰুদ্ৰসিংহৰ স্মৃতিত ১৭৪৯ চনত নিৰ্মাণ কৰিছিল এই দেৱালয় । অনুমান কৰা হৈছে যে দেৱালয়ৰ পুনৰুদ্ধাৰৰ কাম সম্পূৰ্ণ হ'লে ই পৰ্যটকৰ অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিব ।
ৰাজ্যিক প্ৰত্নতত্ত্ব বিভাগৰ এই বিষয়াই এই ঐতিহাসিক দেৱালয় সন্দৰ্ভত কয়, "ভাৰতত যদি মানুহে তাজমহল চাবলৈ যায় তেনেহ'লে অসমত মানুহে ৰুদ্ৰেশ্বৰ দেৱালয় চাবলৈ আহিব লাগিব । কিয়নো ই হৈছে অনন্য । আহোম ৰাজত্ব কালৰ নিৰ্মাণশৈলীৰ এক অপূৰ্ব নিদৰ্শন এই দেৱালয় । এই দেৱালয় নিৰ্মাণৰ ক্ষেত্ৰত আহোম স্বৰ্গদেউসকলে দুটা কৌশল ব্যৱহাৰ কৰিছিল । ইয়াত দুই প্ৰকাৰৰ মচলা ব্যৱহাৰ কৰা হৈছিল । ইয়াৰ ভিতৰত এক প্ৰকাৰ হ'ল মাটিৰ কৰাল আৰু চূণ চুৰ্কি বুলি কয়, য'ত শিলিখা, মাটি-মাহ, বৰালি মাছ আৰু মৰাপাট জাতীয় আঁহেৰে নিৰ্মাণ কৰা সম্পূৰ্ণ তথ্য পোৱা যায় । ইয়াত প্ৰায় ২০ প্ৰকাৰৰ ইটা ব্যৱহাৰ কৰা হৈছিল বুলি গম পোৱা গৈছে । ইয়াত ব্যৱহাৰ কৰা গঁঠীয়া ইটাৰ বয়স প্ৰায় এক হাজাৰ বছৰ । মিঠাতেলত বহু দিন ডুবাই ৰখাৰ বাবে এই ইটা বহু দিনলৈ নষ্ট নহয় । পৰ্যটনৰ ক্ষেত্ৰত এক সম্পূৰ্ণ সম্ভাৱনা আছে এই ঐতিহাসিক ৰুদ্ৰেশ্বৰ দেৱালয়ৰ ।"
আন এগৰাকী বিষয়াই কয়, "ৰুদ্ৰেশ্বৰ দেৱালয়ৰ নিৰ্মাণশৈলী সম্পূৰ্ণ অনন্য । ইয়াতে এটা সুৰংগ আছে । ইয়াক মন্দিৰ বুলিয়ে জনা যায় । কিন্তু মন্দিৰৰ তলত এনেকুৱা সুৰংগ সচৰাচৰ দেখা পোৱা নাযায় । ইয়াৰ আকাৰো সম্পূৰ্ণ অনন্য । সম্প্ৰতি আমি ওপৰৰ কাম কাঠেৰে কৰিম । পিছত যদি কোনোৱে ইয়াৰ সত্যতা দাবী কৰে তেনেহ'লে তাক আমি সলনি কৰিব পাৰিম ।"
লগতে পঢ়ক :কাৰ্বি যুৱ মহোৎসৱত জিলিকিছে কাৰ্বিসকলৰ পৰম্পৰা-সংস্কৃতি - KARBI YOUTH FESTIVAL