ETV Bharat / international

লেবানন-ছিৰিয়াত একেলগে শ শ পেজাৰ বিস্ফোৰণত নিহত ৮, আহত ২৭৫০ জন - Lebanon Pagers Blast

author img

By ANI

Published : Sep 18, 2024, 7:35 AM IST

Pagers explode across Lebanon: সমগ্ৰ লেবানন আৰু ছিৰিয়াৰ কিছু অংশত একেলগে শ শ হেণ্ডহেল্ড পেজাৰ বিস্ফোৰণ ৷ বিস্ফোৰণত সন্ত্ৰাসবাদী সংগঠন হিজবুল্লাহৰ সদস্য, ইৰাণৰ ৰাষ্ট্ৰদূতসহ সহস্ৰাধিক লোক আহত । হিজবুল্লাই এই আক্ৰমণৰ বাবে ইজৰাইলক দোষাৰোপ কৰিছে ।

Pagers explode across Lebanon
লেবানন-ছিৰিয়াত একেলগে শ শ পেজাৰ বিস্ফোৰণ (AP)

ইন্টাৰনেশ্যনেল ডেস্ক, ১৮ ছেপ্টেম্বৰ: মঙলবাৰে লেবানন আৰু ছিৰিয়াত থকা সন্ত্ৰাসবাদী সংগঠন হিজবুল্লাহৰ ঘাটিসমূহক লক্ষ্য কৰি আক্ৰমণ সংঘটিত হয় । সমগ্ৰ লেবানন আৰু ছিৰিয়াৰ কিছু অংশত একেলগে প্ৰায় শতাধিক হেণ্ডহেল্ড পেজাৰ বিস্ফোৰণ ঘটি সন্ত্ৰাসবাদী সংগঠন হিজবুল্লাহৰ সদস্যসহ এগৰাকী যুৱতীকে ধৰি মুঠ আঠজন লোকৰ মৃত্যু হোৱাৰ লগতে ২৭০০ৰো অধিক লোক আহত হয় বুলি চৰকাৰী বিষয়াসকলে জনায় । লেবানন সীমান্তত ক্ৰমাৎ বৃদ্ধি পোৱা উত্তেজনাৰ পৰিপ্ৰেক্ষিতত হিজবুল্লাই এই আক্ৰমণৰ বাবে ইজৰাইলক দোষাৰোপ কৰিছে । একে সময়তে ইজৰাইল সেনাই এই বিষয়ত কোনো মন্তব্য দিবলৈ অস্বীকাৰ কৰিছে ।

সংবাদ সংস্থা এ পিৰ প্ৰতিবেদন অনুসৰি লেবাননৰ স্বাস্থ্যমন্ত্ৰীয়ে কয় যে সমগ্ৰ দেশতে পেজাৰ বিস্ফোৰণৰ ফলত ৮ জন লোকৰ মৃত্যু হোৱাৰ লগতে ২৭৫০ জন লোক আহত হৈছে আৰু ইয়াৰে ২০০ জনৰ অৱস্থা সংকটজনক । হিজবুল্লাহৰ এজন বিষয়াই দ্য এছ’চিয়েটেড প্ৰেছক জনোৱা মতে, লেবাননৰ বিভিন্ন ঠাইত হেণ্ডহেল্ড পেজাৰ বিস্ফোৰণত গোটটোৰ সদস্যকে ধৰি কেইবাশ লোক আহত হয় । তেওঁ কয় যে ছিৰিয়াত থকা হিজবুল্লাহৰ একাংশ যোদ্ধাও তেওঁলোকে কঢ়িয়াই অনা পেজাৰ বিস্ফোৰণত আহত হয় । অৱশ্যে এই আক্ৰমণত কিমান লোক নিহত হৈছে সেয়া স্পষ্ট হোৱা নাই ।

লগতে পঢ়ক: অন্ধ্ৰ প্ৰদেশৰ ফাৰ্মা কোম্পানীত ৰিয়েক্টৰ বিস্ফোৰণত নিহত ১৬ জন, আহত ৫০ - Reactor Blast in Pharma Company

হিজবুল্লাহৰ এজন বিষয়াই এ পিক জনোৱা মতে, ইয়াৰ সদস্যসকলে ব্যৱহাৰ কৰা এটা নতুন ব্ৰেণ্ডৰ হেণ্ডহেল্ড পেজাৰ অতিমাত্ৰা গৰম হৈছিল, তাৰ পিছত বিস্ফোৰণ ঘটিছিল । এই ঘটনাত হিজবুল্লাহৰ দুজন সদস্য নিহত হোৱাৰ লগতে আন কেইবাজনো আহত হয় ।

পেজাৰ বিস্ফোৰণত ইৰাণৰ ৰাষ্ট্ৰদূত আহত:

ইৰাণৰ চৰকাৰী সংবাদ সংস্থা ইৰনাই প্ৰকাশ কৰা অনুসৰি পেজাৰ বিস্ফোৰণত ইৰাণৰ ৰাষ্ট্ৰদূত মোজতাবা আমানী সামান্যভাৱে আহত হৈ চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে ।

লেবাননৰ ৰাজধানী বেইৰুটৰ দক্ষিণ উপকণ্ঠ অঞ্চলৰ পৰা ছ’চিয়েল মিডিয়া আৰু স্থানীয় সংবাদ মাধ্যমত প্ৰচাৰিত ছবি আৰু ভিডিঅ’ত দেখা গৈছে যে আহত লোকসকল ফুটপাথত পৰি আছে, তেওঁলোকৰ হাত, মুখ আৰু ভৰিত আঘাতৰ চিন স্পষ্ট । এই বৃহৎ পেজাৰ বিস্ফোৰণৰ পিছত লেবাননৰ চিকিৎসালয়সমূহৰ জৰুৰীকালীন কক্ষসমূহ ৰোগীৰে ভৰি পৰিছে । বিস্ফোৰণত বহুতো লোকে অংগক্ষত হৈছে আৰু একাংশৰ অৱস্থা সংকটজনক ।

সংবাদ মাধ্যমৰ বাতৰি অনুসৰি বেইৰুটৰ দক্ষিণ উপকণ্ঠ অঞ্চল আৰু অন্যান্য অঞ্চলত উন্নত প্ৰযুক্তি ব্যৱহাৰ কৰি হেণ্ডহেল্ড পেজাৰ বিস্ফোৰণ কৰা হয় ।

লগতে পঢ়ক: ঝাৰখণ্ডৰ চাইবাছাত নক্সালবাদীৰ আই ই ডি বিস্ফোৰণ : আহত সেনা জোৱান - Naxalites IED Blast in Jharkhand

হিজবুল্লাহই ইতিমধ্যে সকীয়াই দিছিল

সংবাদ মাধ্যমৰ বাতৰি অনুসৰি, ইয়াৰ পূৰ্বে হিজবুল্লাহ নেতা হাছান নাছৰল্লাই গোটটোৰ সদস্যসকলক চেলফোন বা মোবাইল ফোন নাৰাখিবলৈ সকীয়াই দিছিল ৷ ইজৰাইলে এইবোৰ ব্যৱহাৰ কৰি তেওঁলোকৰ গতিবিধি অনুসৰণ কৰিব পাৰে আৰু লক্ষ্য নিৰ্ধাৰণ কৰি আক্ৰমণ কৰিব পাৰে বুলি তেওঁ সন্দেহ ব্যক্ত কৰিছিল ৷

লেবাননৰ স্বাস্থ্য মন্ত্ৰালয়ে সকলো চিকিৎসালয়কে জৰুৰীকালীন ৰোগীক লৈ সজাগ হৈ থাকিবলৈ আৰু পেজাৰ ব্যৱহাৰকাৰীসকলক ইয়াৰ পৰা আঁতৰি থাকিবলৈ কয় । ইয়াৰ উপৰিও স্বাস্থ্যকৰ্মীসকলক বেতাঁৰ যন্ত্ৰ ব্যৱহাৰ নকৰিবলৈ কোৱা হৈছে ।

লগতে পঢ়ক: ছত্তীশগড়ৰ বিজাপুৰত আই ই ডি বিস্ফোৰণত ছহিদ ২ জোৱান - STF jawans martyred in Chhattisgarh

নক্সালৰ আক্ৰমণ: সুকমাত আই ই ডি বিস্ফোৰণত ছহিদ দুজন জোৱান - Naxalite attack

প্ৰাক্তন বিধায়কৰ গৃহত বোমা বিস্ফোৰণ; পত্নীৰ প্ৰাণহানি

ৰাসায়নিক কাৰখানাত বিস্ফোৰণ : বৰ্তমানলৈ মৃত্যু 9 জনৰ; মৃতকৰ সংখ্যা বৃদ্ধিৰ আশংকা - dombivli chemical factory blast

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.