ETV Bharat / sports

মেচৰ মাজতে ঋষভ পন্ত আৰু লিটন দাসৰ বাকযুদ্ধ, ভিডিঅ’ ভাইৰেল - IND VS BAN 1ST TEST

author img

By ETV Bharat Sports Team

Published : 11 hours ago

Rishabh Pant-Litton Das heated argument: চেন্নাইত চলি থকা প্ৰথমখন টেষ্টৰ সময়ত বাকযুদ্ধত লিপ্ত হয় ভাৰতৰ উইকেটকীপাৰ বেটছমেন ঋষভ পন্ত আৰু বাংলাদেশৰ লিটন দাস ৷ এই বাকযুদ্ধৰ ভিডিঅ’ মুহূৰ্ততে ভাইৰেল হৈ পৰে সামাজিক মাধ্যমত ৷ চাওক এই ভিডিঅ’টো...

IND VS BAN 1ST TEST
ঋষভ পন্ত আৰু লিটন দাস (twitter)

স্প’ৰ্টছ ডেস্ক, 19 ছেপ্টেম্বৰ: চেন্নাইৰ এম এ চিদাম্বৰম ষ্টেডিয়ামত অনুষ্ঠিত ভাৰত-বাংলাদেশৰ মাজৰ প্ৰথমখন টেষ্টত বেটিং বিপৰ্যয় ঘটিছে টীম ইণ্ডিয়াৰ ৷ কম সময়ৰ ব্যৱধানত ভাৰতে হেৰুৱাইছে এটাৰ পিছত আনটো উইকেট ৷

তৃতীয়টো উইকেটৰ পতনৰ পিছত চাৰি নম্বৰত দলটোৰ হৈ বেটিং কৰিবলৈ ক্ৰিজলৈ আহে উইকেটকীপাৰ বেটছমেন ঋষভ পন্ত ৷ বাংলাদেশৰ হাছান মাহমুদৰ দুৰ্দান্ত বলিঙৰ সন্মুখত তিষ্ঠিব নোৱাৰি মেচৰ প্ৰথম ঘণ্টাতেই ভাৰতে 34 ৰাণৰ বিনিময়ত হেৰুৱাই 3 টাকৈ উইকেট ৷

টীম ইণ্ডিয়াৰ হৈ ৰাণ সংগ্ৰহত ব্যৰ্থ হয় অধিনায়ক ৰোহিত শৰ্মা, শুভমন গিল আৰু বিৰাট কোহলী ৷ অতি কম সময়ৰ ব্যৱধানত তিনিওগৰাকী বেটছমেন পেভিলিয়নমুখী হয় ৷

পন্ত আৰু দাসৰ মাজত তুংগত বাকযুদ্ধ:

ভাৰতীয় দলটো শ’লঠেকত পৰাৰ পিছত চাৰি নম্বৰত বেটিং কৰিবলৈ অহা ঋষভ পন্তে ৰাণ সংগ্ৰহৰ বাবে আপ্ৰাণ চেষ্টা অব্যাহত ৰাখে ৷ বেটছমেনগৰাকীয়ে মাথো বাউণ্ডেৰীতে কোবাবলৈ নহয়, সুযোগ পালেই সংগ্ৰহ কৰি গৈছিল এক এক ৰাণ ৷

ইয়াৰ মাজতে বলাৰে থ্ৰ’ কৰা এটা বলে আঘাত কৰে বেটছমেনগৰাকীক ৷ তাৰপিছতে প্ৰতিপক্ষৰ বলাৰ লিটন দাসৰ সৈতে তীব্ৰ বাকযুদ্ধত লিপ্ত হৈ পৰে ভাৰতীয় বেটছমেনগৰাকী ৷ দুয়ো দলৰ খেলুৱৈ দুগৰাকীৰ এই বাকবিতণ্ডাই ধাৰণ কৰে উগ্ৰ ৰূপ আৰু পৰৱৰ্তী সময়ত এই ভিডিঅ’ ভাইৰেল হৈ পৰে সামাজিক মাধ্যমত ৷

এই ভাইৰেল ভিডিঅ’টোত ঋষভ পন্তে কৈছে, "তেওঁকো চাওক, মোক কিয় মাৰিছে..."? পন্তৰ এই কথাৰ প্ৰতিক্ৰিয়াস্বৰূপে লিটন দাসে ভিডিঅ’টোত কোৱা শুনা যায়, "উইকেট যদি সন্মুখত থাকে, তেন্তে তেওঁ তেনেকৈয়ে বলিং কৰিব" ৷

দুপৰীয়াৰ আহাৰ গ্ৰহণলৈকে ভাৰতৰ স্ক’ৰ (88/3)

যুৱ বেটছমেন পন্ত আৰু জয়ছোৱালে লাহে লাহে চম্ভালি লৈছে দলটোৰ বেটিং ৷ যাৰ বাবে ভাৰত প্ৰাৰম্ভিক বিপৰ্যয়ৰ পৰা বাহিৰলৈ আহিবলৈ সক্ষম হয় । চেন্নাই টেষ্টৰ প্ৰথম দিনা দুপৰীয়াৰ আহাৰ গ্ৰহণলৈকে ভাৰতে 3 টা উইকেট হেৰুৱাই 88 ৰাণ সংগ্ৰহ কৰিছে ।

সম্প্ৰতি ক্ৰিজত বৰ্তি আছে যশস্বী জয়ছোৱাল (37) আৰু ঋষভ পন্ত (33) । দুয়োজনে ইতিবাচক মনোভাৱ গ্ৰহণ কৰি বাংলাদেশী বলাৰক আধিপত্য বিস্তাৰ কৰাৰ ক্ষেত্ৰত বাধা প্ৰদান কৰিছে ৷

ইয়াৰ পূৰ্বে টছত পৰাস্ত হৈ প্ৰথমে বেটিং কৰিবলৈ অহাৰ পিছত টীম ইণ্ডিয়াৰ আৰম্ভণি আছিল হতাশাজনক ৷ মাত্ৰ 34 ৰাণ সংগ্ৰহ কৰিয়েই দলটোৱে হেৰুৱাইছিল 3 টাকৈ গুৰুত্বপূৰ্ণ উইকেট ৷ ভাৰতৰ হৈ ৰোহিত শৰ্মা (6), শুভমন গিল (0) আৰু বিৰাট কোহলিয়ে (6) ৰাণ সংগ্ৰহ কৰি পেভিলিয়নলৈ ওভতে ৷

লগতে পঢ়ক: ভাৰত বনাম বাংলাদেশ প্ৰথম টেষ্ট: টছত জিকি বলিঙৰ সিদ্ধান্ত বাংলাদেশৰ - IND VS BAN 1ST TEST

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.