ETV Bharat / state

আৰম্ভ হ’ল অৰুণোদয় 3.0, কেনেকৈ কৰিব আবেদন ! জানি লওক - How to apply for Orunodoi Scheme

author img

By ETV Bharat Assamese Team

Published : 11 hours ago

Updated : 10 hours ago

Orunodoi Scheme 3.0 : বৃহস্পতিবাৰে ৰাজ্য চৰকাৰে আৰম্ভ কৰিলে অৰুণোদয় আঁচনি 3.0 ৷ আঁচনিৰ জৰিয়তে এতিয়াৰে পৰা ৰাজ্যৰ প্ৰায় 37 লাখ মহিলাই প্ৰতিমাহে লাভ কৰিব 1400 টকা ৷ কিন্তু ক‘ত কেনেকৈ কৰিব আবেদন ? ঘৰতে বহি সহজেই কৰিব পাৰিব আবেদন ৷ এই প্ৰতিবেদনৰ জৰিয়তে জানি লওক কি দৰে কৰিব আবেদন...

orunodoi beneficiary status
আৰম্ভ হ’ল অৰুণোদয় আঁচনি 3.0 (ANI)

নিউজ ডেস্ক, 19 ছেপ্টেম্বৰ : আজি অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৰাজ্যখনত দৰিদ্ৰতা দূৰীকৰণ কাৰ্যসূচীৰ লক্ষ্যৰে অৰুণোদয় আঁচনি 3.0 আৰম্ভ কৰে ৷ এই আঁচনিৰ অধীনত, ৰাজ্যখনৰ প্ৰতিগৰাকী যোগ্য মহিলাই প্ৰতি মাহৰ 10 তাৰিখে তেওঁৰ বেংক একাউণ্টত পোনপটীয়াকৈ 1,250 টকা লাভ কৰিব ।

অতিৰিক্ত 20 লাখ হিতাধিকাৰীক সামৰি অৰুণোদয় আঁচনি 3.0 এ ৰাজ্যখনৰ প্ৰায় 37.20 লাখ যোগ্য হিতাধিকাৰী পৰিয়ালক লাভান্বিত কৰিব ।

অৰুণোদয় আঁচনি কি ?

প্ৰত্যক্ষ লাভালাভ স্থানান্তৰৰ (DBT) জৰিয়তে অসমৰ অৰ্থনৈতিকভাৱে পিছপৰা পৰিয়ালবোৰক বিত্তীয় সাহায্য প্ৰদান কৰাৰ লক্ষ্যৰে 2 অক্টোবৰ, 2020 তাৰিখে অসম চৰকাৰে এই আঁচনিখন আৰম্ভ কৰিছিল । যাৰ জৰিয়তে ৰাজ্যৰ মহিলাকসকলক প্ৰতিমাহে এক নিৰ্দিষ্ট ধনৰাশি প্ৰদান কৰা হয় ৷

অৰুণোদয় 3.0 ৰ বাবে আবেদন প্ৰক্ৰিয়া 19 ছেপ্টেম্বৰ 2024 ৰ পৰা আৰম্ভ হ'ব।

অৰুণোদয় 3.0 আঁচনিৰ লাভালাভ

প্ৰতিজন হিতাধিকাৰীয়ে প্ৰতি মাহে 10 তাৰিখে প্ৰতি মাহে 1250 টকা লাভ কৰিব । এতিয়ালৈকে অৰুণোদয় আঁচনিয়ে প্ৰত্যক্ষ লাভালাভ স্থানান্তৰ পদ্ধতিৰ জৰিয়তে ৰাজ্যখনৰ 17 লাখ মহিলাক বিত্তীয় সাহায্য প্ৰদান কৰি আহিছে ।

হিতাধিকাৰীৰ বাবে অতিৰিক্ত 150 টকা

উল্লেখ্য যে 2023-24 বৰ্ষৰ বিত্তীয় বাজেটৰ জৰিয়তে এই আঁচনিৰ অধীনত হিতাধিকাৰীসকলক অতিৰিক্ত 150 টকা প্ৰদান কৰা হ'ব বুলি ঘোষণা কৰিছে অসমৰ বিত্তমন্ত্ৰীয়ে । ফলত হিতাধিকাৰীসকলে প্ৰতি মাহে লাভ কৰিব 1400 টকা ।

আঁচনিৰ লাভালাভসমূহ

শিতানপৰিমাণ
ঔষধ400 টকা
মাহজাতীয় শস্য200 টকা
চেনী80 টকা
ফল-মূল150 টকা
অত্যাৱশ্যকীয় সামগ্ৰী170 টকা
অন্যান্য 2 সামগ্ৰী250 টকা
অতিৰিক্ত150 টকা
মুঠ1400 টকা

যোগ্যতাৰ চৰ্তাৱলী

  • আৱেদনকাৰীসকল অসমৰ স্থায়ী বাসিন্দা হ'ব লাগিব ।
  • আৱেদনকাৰীসকল বৰ্তমান অসমত বাস কৰা হ’ব লাগিব ।
  • ঘৰুৱা উপাৰ্জন বছৰি ২ লাখ টকাতকৈ বেছি হ'ব নালাগিব ।
  • হিতাধিকাৰীসকলৰ এটা বেংক একাউণ্ট আৰু নাম বেংক ৰেকৰ্ডৰ সৈতে মিলি থকাটো জৰুৰী ।
  • মহিলা সদস্য নোহোৱা পৰিয়ালবোৰক এই সুবিধা দিয়া নহ'ব ৷
  • বিধৱা, বিবাহ বিচ্ছেদ হোৱা মহিলা আৰু বিশেষভাৱে সক্ষমসকলক আবেদন প্ৰক্ৰিয়াত প্ৰাথমিকতা দিয়া হ’ব ।
  • সকলো নিয়মীয়া কৰ্মচাৰীক আঁচনিখনত অন্তৰ্ভূক্ত কৰা নহ'ব ।
  • অৱসৰপ্ৰাপ্ত চৰকাৰী বিষয়াকো এই আঁচনিত বাদ দিয়া হ'ব ।
  • চাৰিচকীয়া বাহন থকা ঘৰবোৰো বাদ পৰিব ।
  • আয়কৰদাতাসকলে আঁচনিৰ বাবে প্ৰপত্ৰ পূৰণ কৰিব নোৱাৰে ।

প্ৰয়োজনীয় নথিপত্ৰসমূহ

  1. আধাৰ কাৰ্ড
  2. পান কাৰ্ড
  3. অধিবাসীৰ প্ৰমাণপত্ৰ
  4. উপাৰ্জনৰ প্ৰমাণপত্ৰ
  5. বেংক পাছবুক
  6. ম'বাইল নম্বৰ
  7. পাছপোৰ্ট আকাৰৰ ফটো
  8. ৰেচন কাৰ্ড

লগতে পঢ়ক : নতুনকৈ ৰেচন কাৰ্ড লাভ কৰিব ৰাজ্যৰ বহু পৰিয়ালে : ৰণজিৎ কুমাৰ দাস - Ranjeet Kumar Dass in silchar

লগতে পঢ়ক : পঞ্চায়ত পুনৰ নিৰ্ধাৰণত সংখ্য়া হ্ৰাস নে বৃদ্ধি পাব বুলি ক'লে মুখ্যমন্ত্ৰীয়ে ? - Himanta Biswa Sarma

Last Updated : 10 hours ago
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.