অসম

assam

ETV Bharat / international

অগ্নিকুণ্ডত বাংলাদেশ: হাছিনাৰ দলৰ নেতাৰ হোটেলত অগ্নিসংযোগ, গুৰুতৰভাৱে আহত অসমৰ দুই ব্যৱসায়ী - Assam businessmen injured in Dhaka - ASSAM BUSINESSMEN INJURED IN DHAKA

Bangladesh turmoil: বাংলাদেশৰ প্ৰধানমন্ত্ৰী শ্বেখ হাছিনাৰ হঠাৎ পদত্যাগ আৰু দেশ এৰি যোৱাৰ ফলত অধিক উত্তপ্ত হৈ পৰিছে দেশখনৰ পৰিস্থিতি ৷ এইবাৰ শাসকীয় দল আৱামী লীগৰ নেতা-কৰ্মীক আক্ৰমণৰ লক্ষ্য কৰি লৈছে প্ৰতিবাদকাৰীয়ে ৷ সোমবাৰে জেছ’ৰত আৱামী লীগৰ এজন নেতাৰ হোটেলত দুষ্কৃতিকাৰীয়ে অগ্নিসংযোগ কৰে ৷ এই ঘটনাত অসমৰ দুজন ব্যৱসায়ী গুৰুতৰভাৱে আহত হৈছে ৷

Bangladesh turmoil
আৱামী লীগৰ নেতাৰ হোটেলত দুষ্কৃতিকাৰীৰ অগ্নিসংযোগৰ ফলত গুৰুতৰভাৱে আহত দুজন অসমীয়া (Etv Bharat Assam)

By ETV Bharat Assamese Team

Published : Aug 6, 2024, 4:49 PM IST

ইন্টাৰনেশ্যনেল ডেস্ক, ৬ আগষ্ট: বাংলাদেশৰ জেছ’ৰত আৱামী লীগৰ নেতাৰ হোটেলত দুষ্কৃতিকাৰীয়ে অগ্নিসংযোগ কৰাৰ ফলত কমেও ৮ জন লোক নিহত হোৱাৰ লগতে ৮৪ জন আহত হয় বুলি ঢাকা ট্ৰিবিউনে প্ৰকাশ কৰিছে । একাংশ সংবাদমাধ্যমত প্ৰকাশ পোৱা মতে, এই ঘটনাত দুজন ভাৰতীয় নাগৰিকো আহত হয় । আহত ভাৰতীয় দুয়োজনেই অসমৰ বাসিন্দা । তেওঁলোকক মহম্মদ ছাইদ আলী আৰু ৰবিউল আলী বুলি চিনাক্ত কৰা হৈছে ।

সূত্ৰ অনুসৰি আহত দুয়োজন ভাৰতীয় ব্যৱসায়ী আৰু ব্যৱসায়িক কাৰণত বাংলাদেশত আছিল । মঙলবাৰে পুৱা দুষ্কৃতিকাৰীয়ে জেছ’ৰত থকা ১১ মহলীয়া হোটেলখনত জুই লগাই দিয়ে । জুইয়ে সমগ্ৰ হোটেলখন ছানি ধৰাত দুয়োজনে নিজৰ জীৱন ৰক্ষা কৰিবলৈ হোটেলৰ ওপৰৰ পৰা জপিয়াই আৰু পাচত দুয়োজনকে সংকটজনক অৱস্থাত ভাৰতলৈ অনা হয় ।

লগতে পঢ়ক:বাংলাদেশ জ্বলিছে : হাছিনাৰ হেলিকপ্টাৰ নামিল গাজিয়াবাদৰ সেনাৰ ঘাটিত - Bangladesh PM Sheikh Hasina

লক্ষণীয়ভাৱে শ্বেখ হাছিনাৰ পদত্যাগৰ পাচতো দেশখনত হিংসাত্মক পৰিস্থিতিৰ অন্ত পৰা নাই ৷ বাংলাদেশত এই ব্যাপক প্ৰতিবাদ প্ৰথমে চৰকাৰী চাকৰিৰ বিতৰ্কিত কোটা ব্যৱস্থাৰ বিৰুদ্ধে আছিল যদিও হাছিনাৰ কেতবোৰ মন্তব্য আৰু প্ৰতিবাদকাৰীৰ ওপৰত আৰক্ষীৰ কঠোৰ দমনৰ পিচত অতি সোনকালেই আৱামী লীগ চৰকাৰৰ বিৰুদ্ধে ব্যাপক আন্দোলনলৈ পৰিণত হয় । উচ্চতম ন্যায়ালয়ে কোটা হ্ৰাস কৰাৰ পিচত প্ৰাৰম্ভিক প্ৰতিবাদ শান্ত হোৱাৰ বিপৰীতে শেহতীয়াকৈ এই প্ৰতিবাদে হিংসাত্মক ৰূপ লয় ৷

সমগ্ৰ দেশতে আৰক্ষীৰ গুলীচালনা, জনসাধাৰণৰ প্ৰহাৰ, অগ্নিসংযোগৰ ফলত সোমবাৰে বাংলাদেশত অশান্তিৰ সময়ত কমেও ১৩৫ জন লোকৰ মৃত্যু হয় বুলি ঢাকা ট্ৰিবিউনে প্ৰকাশ কৰিছে । সোমবাৰে দেশখনে ঘোষণা কৰে যে বিক্ষোভকাৰী আৰু আৱামী লীগৰ সদস্যৰ মাজত হোৱা সংঘৰ্ষত আৰক্ষীৰ গুলীচালনাত কমেও ৯৬ জন লোকৰ প্ৰাণহানি হয় । এই প্ৰতিবাদ শিখৰত উপনীত হয় যেতিয়া, শ্বেখ হাছিনাৰ হঠাৎ পদত্যাগ আৰু দেশ এৰি যোৱাৰ ফলত কেইবাজনো লোকে ঢাকাত থকা তেওঁৰ চৰকাৰী বাসগৃহত আক্ৰমণৰ লক্ষ্য কৰি লয় ৷ বিজয় শৰণী অঞ্চলত প্ৰতিবাদকাৰীয়ে ‘বাংলাদেশৰ পিতৃ’ শ্বেখ মুজিবুৰ ৰহমানৰ প্ৰতিমূৰ্তিও ভাঙি পেলোৱা দেখা গৈছিল ।

লগতে পঢ়ক:আৱামী লীগৰ নেতাৰ হোটেলত অগ্নিসংযোগ; নিহত ৮ - Bangladesh crisis

ABOUT THE AUTHOR

...view details