আংকাৰা: বিদ্যালয়ৰ বন্ধৰ সময়ত মঙলবাৰে পুৱতি নিশা উত্তৰ-পশ্চিম তুৰস্কৰ এটা জনপ্ৰিয় স্কি ৰিজ'ৰ্টত থকা এখন ১২ মহলীয়া হোটেলত ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনা সংঘটিত হয় । এই ঘটনাত কমেও ৭৬ জন লোকৰ মৃত্যু হয় । এই লোকসকলৰ ভিতৰত দুজনে জুইৰ পৰা ৰক্ষা পাবলৈ অট্টালিকাৰ পৰা জঁপিয়াই পৰিছিল বুলি বিলাসী হোটেলখনৰ বিষয়াসকলে সদৰী কৰিছে ।
ইস্তানবুলৰ পৰা প্ৰায় তিনিশ কিলোমিটাৰ আঁতৰৰ বলু প্ৰদেশৰ কৰগলু পৰ্বতৰ পাদদেশত অৱস্থিত কাৰতালকায়া চহৰখন স্কিসহ বিভিন্ন বৰফৰ ক্ৰীড়াৰ বাবে অতি জনপ্রিয় ঠাই । সেইবাবে এই ৰিজ'ৰ্টত দেশ-বিদেশৰ হেজাৰ হেজাৰ পৰ্যটকৰ শীতকালত সমাগম ঘটে । এইদৰে শীতকালীন শিক্ষানুষ্ঠান বন্ধৰ দিন আৰু ছুটীৰ দিনত প্রমোদৰ বাবে অহা পৰ্যটকৰে ভৰি আছিল এই হোটেলখন ।
এই অগ্নিকাণ্ডত কমেও ৫১ জন লোক আহত হয় বুলি মন্ত্ৰী আলী য়েৰলিকায়াই উল্লেখ কৰিছে । বিদ্যালয়সমূহ দুসপ্তাহৰ শীতকালীন বন্ধ থাকোতেই এইখন বিলাসী হোটেলত অগ্নিকাণ্ড সংঘটিত হয় ।
এই কৰুণ ঘটনাটোত শোক প্ৰকশ কৰি মন্ত্ৰী আলী য়েৰলিকায়াই কয়," আমাৰ হৃদয় ভাঙি থান-বান হৈছে । আমি শোকত ম্ৰিয়মান হৈছো । কিন্তু আপুনি জানিব লাগিব যে এই বেদনাদায়ক ঘটনাৰ বাবে যিয়েই দায়ী তেওঁ ন্যায়ৰ পৰা হাতসাৰি যাব নোৱাৰে ।"
তৃতীয় মহলাত থকা হোটেলৰ অতিথি আটাকান য়েলকোভানে কয় যে ওপৰৰ মহলাবোৰত এই ঘটনাটো সংঘটিত হোৱাৰ লগে লগে হৈ-চৈৰ সৃষ্টি হয় ৷ হোটেলৰ অতিথিসকলে ওলাই যাবলৈ চেষ্টা কৰে । আনকি গাত চাদৰ আৰু কম্বল লৈও বহুতে তেওঁলোকৰ কোঠাৰ পৰা ওলাই আহিবলৈ চেষ্টা কৰে । তেওঁ কয়, "ওপৰৰ মহলাত থকা লোকসকলে চিঞৰিছিল । কিছুমানে জঁপিয়াবলৈ চেষ্টা কৰিছিল ।"
৪৫টা মৃতদেহ পৰিয়াললৈ প্ৰেৰণ :
স্বাস্থ্যমন্ত্ৰী কেমাল মেমিচোগলুৱে এই সন্দৰ্ভত কয়, "ইতিমধ্য়ে ৪৫টা মৃতদেহ তেওঁলোকৰ পৰিয়াললৈ প্ৰেৰণ কৰা হৈছে । আমি (তাৎক্ষণিকভাৱে) আনসকলক চিনাক্ত কৰিব পৰা নাই । আহতসকলৰ কমেও এজনৰ অৱস্থা গুৰুতৰ । আনহাতে আন ১৭ জন লোকক চিকিৎসা প্ৰদান কৰাৰ অন্তত যাবলৈ দিয়া হৈছে ।"
হোটেলখনত আছিল 238 গৰাকী পঞ্জীভুক্ত অতিথি :