শীতকালত বিভিন্ন প্ৰকাৰৰ শাক-পাচলিৰে বজাৰ ভৰি পৰে ৷ অসমীয়া থলুৱা খেতিয়কসকলেও এই সময়ছোৱাত শাক-পাচলিৰ খেতি কৰে ৷ উল্লেখ্য় যে, বজাৰত যদিও বিভিন্ন প্ৰকাশৰ শাক-পাচলি উপলব্ধ হয় তথাপিও পুষ্টিৰ অনুসৰি আৰু স্বাস্থ্যৰ ওপৰত নিৰ্ভৰ কৰি খাদ্যৰ তালিকাত শাক-পাচলি ৰাখিব লাগে ৷ সেয়েহে এই ক্ষেত্ৰত আপুনি জানিব লাগিব যে, কোনবিধ পাচলিৰ কি কি উপকাৰী গুণ আছে ৷ পাচলিৰ উপকাৰী গুণ জানিলে আপুনি স্বাস্থ্যৰ অৱস্থাৰ ওপৰত ভিত্তি কৰি আপুনিও খাদ্যৰ তালিকাত পাচলি অন্তৰ্ভুক্ত কৰিব ৷
শীতকালত বজাৰত উপলব্ধ এইবিধ পাচলি হৈছে বিট ৷ বিট প্ৰায় সংখ্যক লোকে খায় আৰু চালাড হিচাপে খাদ্যৰ তালিকাত অন্তৰ্ভুক্ত কৰে ৷ পুষ্টিকৰ খাদ্যৰ লগতে বিটৰ বহু উপকাৰী গুণ আছে ৷ NIHৰ মতে, বিটত থকা পুষ্টিকৰ উপাদানে আপোনাৰ ছালখন পৰিষ্কাৰ কৰি ৰখাই নহয় শৰীৰটোও সুস্থ হৈ ৰাখিব ৷ বিট আমাৰ স্বাস্থ্যৰ বাবে কিমান উপকাৰী জানো আহক-
বিটৰ উপকাৰিতা
- বিটে ৰক্তচাপ নিয়ন্ত্ৰণত ৰাখে ৷ ইয়াত প্ৰচুৰ পৰিমাণে পটাছিয়াম থাকে, যাৰ ফলত শৰীৰত পটাছিয়ামৰ অভাৱ দূৰ হয় ৷ পটাছিয়ামৰ অভাৱৰ বাবে শৰীৰত ক্লান্তি আৰু দুৰ্বলতাৰ দৰে সমস্যাৰ সৃষ্টি হয় ৷
- শৰীৰত কলেষ্টেৰলৰ মাত্ৰা বৃদ্ধি হ’লেও বিটৰ ৰস সেৱন কৰিব পাৰে ৷ কলেষ্টেৰল নিয়ন্ত্ৰণত ৰাখিবলৈ বিটৰ ৰস অধিক উপকাৰী ৷
- ৰক্তহীনতাত আক্ৰান্ত লোকসকলে বিট খাদ্যৰ তালিকাত ৰাখিব পাৰে ৷ এই পাচলি বিধত প্ৰচুৰ পৰিমানে থকা আইৰণে শৰীৰৰ ৰক্তহীনতা দূৰ কৰে ৷
- মধুমেহ ৰোগৰ সমস্যাৰ বাবেও বিটৰ ৰস খাব পাৰি ৷ লগতে বিটত থকা বিটাইনে যকৃতৰ লগত জড়িত ৰোগ প্ৰতিৰোধ কৰে
- গৱেষকৰ মতে, বিটত বেটালেইন থাকে ৷ ইয়াৰ কাৰণে ইয়াৰ ৰং ৰঙা হয়, যিয়ে কেন্সাৰৰ সম্ভাৱনা দূৰ কৰে ৷
- বিটত ফছফৰাছ থাকে যিয়ে চুলি বৃদ্ধিত সহায় কৰে ৷ ইয়াৰ দ্বাৰা চুলিৰ সমস্যা দূৰ হয় ৷
- ইয়াত থকা আঁহবোৰে আপোনাৰ পেট পৰিষ্কাৰ কৰি ৰাখে আৰু ই আপোনাৰ ৰোগ প্ৰতিৰোধ ক্ষমতাও বৃদ্ধি কৰে ৷
(সতৰ্কীকৰণ: এই প্ৰতিবেদনত আপোনাক দিয়া সকলো স্বাস্থ্য তথা জীৱনশৈলী সম্পৰ্কীয় যিকোনো তথ্য আৰু পৰামৰ্শ কেৱল আপোনাৰ সাধাৰণ তথ্যৰ বাবেহে আগবঢ়োৱা হৈছে । আমি এই তথ্য বৈজ্ঞানিক গৱেষণা, অধ্যয়ন, চিকিৎসা আৰু স্বাস্থ্য পেছাদাৰী পৰামৰ্শৰ ভিত্তিত প্ৰদান কৰিছো । আপুনি এই উপায় বা পদ্ধতি অনুসৰণ কৰাৰ আগতে এই বিষয়ে বিতংভাৱে জনাটো উচিত তথা আপোনাৰ ব্যক্তিগত চিকিৎসকৰ পৰামৰ্শ গ্ৰহণ কৰাটো উচিত ।)
লগতে পঢ়ক